প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ লগতে আন বিষয় সম্বন্ধেও অৱগত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে বানৰ সময়ত অসমবাসীয়ে সন্মুখীন হোৱা সংকট দূৰীকৰণৰ বাবে অসম চৰকাৰে চলোৱা বিভিন্ন প্রচেষ্টাৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশিস আৰু মার্গ দর্শন লাভৰ উদ্দেশ্যৰে এক সাক্ষাতত মিলিত হৈ ধন্য হ’লোঁ৷ আমাৰ বৈঠকত মই তেখেতক অসমৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰো আৰু আমাৰ লোকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেখেতৰ আগত উল্লেখ কৰো ৷ তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলিত উন্নয়নমূলক কামসমূহৰ স্থিতিৰ বিষয়েও আলোচনা কৰা হয় ৷উল্লেখযোগ্য যে আজিৰ সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়টো কাৰ্যকালৰ বাবে অসমৰ ৰাইজৰ হৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰা কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অসমৰ জনসাধাৰণৰ হৈ মাননীয় মোদী ডাঙৰীয়াক ঐতিহাসিক তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বাবে আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।