প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰে ৷ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত ব্যতিক্ৰমী সেৱা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে  আনুষ্ঠানিকভাৱে ‘অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপ‘ষ্টল’(‘Order of St. Andrew the Apostle) বঁটা প্ৰদান কৰে ।দেশখনত আয়োজিত এক অনুষ্ঠানত এই বঁটা লাভ কৰাৰ পিচত ছচিয়েল মিডিয়াত এটা পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই তথ্য সদৰী কৰে ৷ তেওঁ অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল লাভ কৰি সন্মানিত বুলি উল্লেখ কৰি এই বঁটা প্ৰদান কৰাৰ বাবে ৰাছিয়া চৰকাৰক ধন্যবাদ জনায় । তেওঁ লগতে ১৪০ কোটি ভাৰতীয়ৰ নামত এই বঁটা উৎসৰ্গা কৰে । অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপ’ষ্টল হৈছে ৰাছিয়াৰ আটাইতকৈ সন্মানীয় অসামৰিক সন্মান আৰু ২০১৯ চনত ৰাছিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মানেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিছিল । ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলা আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ অৱদানক এই বঁটাৰে স্বীকৃতি দিয়া হৈছে ।