প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০,০০০ প্ৰাৰ্থীক বিতৰণ কৰিলে নিযুক্তি পত্ৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭০,০০০ প্ৰাৰ্থীক বিতৰণ কৰিলে নিযুক্তি পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিযুক্তি পোৱা ৭০ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱনিযুক্ত ৭০ হাজাৰতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগ বিশেষকৈ ৰাজহ, বিত্ত সেৱা, ডাগ বিভাগ, বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাজহুৱা খণ্ড, জলসম্পদ, কৰ্মচাৰী আৰু প্ৰশিক্ষণ, গৃহ মন্ত্ৰালয়কে ধৰি বিভিন্ন বিভাগত সেৱা আগবঢ়াব পাৰিব। দেশৰ ৪৪টা স্থানত কেন্দ্ৰীয় চৰকাৰী বিভাগ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সমন্বয়ত ৰোজগাৰ মেলাৰ অংশ হিচাপে ৭০ হাজাৰতকৈ অধিকক নিযুক্তি-পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়, ‘আজাদী কা অমৃত মহোৎসৱৰ সময়ত দেশে যেতিয়া বিকাশৰ পথেৰে আগবাঢ়ি আছে, এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে কাম কৰিবলৈ সুযোগ পোৱাটো এটা ডাঙৰ সন্মান। দেশৰ জনতাই ভাৰতক উন্নত দেশ হিচাপে গঢ়াৰ প্ৰস্তাৱ লৈছে। পৰৱৰ্তী ২৫ বছৰ ভাৰতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ।’ লগতে প্ৰধানমন্ত্রীগৰাকীয়ে কয়, ‘বিগত ৯ বছৰত দশম স্থানৰ পৰা উন্নীত হৈ ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতিৰ দেশত পৰিণত হৈছে। আজি বিশেষজ্ঞই কয় পৰৱৰ্তী কিছু বছৰৰ ভিতৰতে বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ দেশৰ ভিতৰত সোমাব ভাৰত। এয়াই হ’ব দেশৰ অভাৱনীয় সফলতা। আমি আন্তর্জাতিক আস্থাৰ সম্পূৰ্ণ বিশ্বাস ল’ব পাৰিছোঁ কাৰণে ভাৰতৰ কাৰণে এতিয়া সমগ্ৰ বিশ্বত আকর্ষণ বাঢ়িছে।’ পূৰ্বৰ চৰকাৰৰ বৃহৎ ফোন বেংকিং কেলেংকাৰি সন্দৰ্ভত কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়— ‘আজি বিশ্বৰ বেংকিং খণ্ডৰ শক্তিশালী দেশসমূহৰ ভিতৰত ভাৰতকো অন্যতম হিচাপে বিবেচনা কৰা হয়। এয়া ৯ বছৰ পূৰ্বে নাছিল। পূৰ্বৰ চৰকাৰৰ দিনত আমাৰ বেংকিং খণ্ড বিধ্বস্ত হৈছিল । এতিয়া ডিজিটেল লেনদেন কৰিবলৈ সক্ষম হৈছোঁ। ৯ বছৰ পূৰ্বে ১৪০ কোটি জনতাৰ বাবে নাছিল ফোন বেংকিং। বিশেষ পৰিয়ালৰ লগত সম্পর্কিত লোকেহে বেংকৰ পৰা ঋণ পাইছিল আৰু সেই ঋণ বেংকে কেতিয়াও ওভতাই পোৱা নাছিল। ফোন বেংকিং ছিষ্টেম পূৰ্বৰ চৰকাৰৰ অন্যতম বৃহত্তম কেলেংকাৰি।