প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানৰ বাবে ৰংঘৰৰ বাকৰিত ব্যপক প্ৰস্তুতি

Pc Facebook

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানৰ বাবে ৰংঘৰৰ বাকৰিত ব্যপক প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড চোৱাৰ বাবে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত ব্যাপক প্ৰস্তুতি। মন কি বাত অনুষ্ঠানৰ শততম খণ্ডটিৰ বাবেই সজাই-পৰাই তোলা হৈছে ৰংঘৰৰ লগতে চৌপাশ।দেওবাৰে অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক অনুষ্ঠানটি।দেশৰ মুঠ ১৩টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কী বাত’ৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰত আছে ৰংঘৰৰ চৌহদো।অৱশ্যে মন কি বাত অনুষ্ঠানৰ বাবে আলোকসজ্জাৰে সজ্জিত কৰা ৰংঘৰৰ সৌন্দৰ্যকলৈয়ো একাংশই সমালোচনা কৰে। এনেধৰণৰ আলোকসজ্জাৰে ৰংঘৰক বিকৃত ৰূপ দিয়া বুলিও অভিযোগ কৰিছে একাংশই।