প্ৰধানমন্ত্ৰীৰ পিছত ৰাষ্ট্ৰপতি নেপালৰ ৰামচন্দ্ৰ পৌড়েলৰ পদত্যাগ

প্ৰধানমন্ত্ৰীৰ পিছত ৰাষ্ট্ৰপতি নেপালৰ ৰামচন্দ্ৰ পৌড়েলৰ পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰু কথিত দুর্নীতিৰ বিৰুদ্ধে তৰুণ প্ৰজন্মৰ তীব্র প্রতিবাদত ক্ৰমা অৱনতি ঘটিছে নেপালৰ পৰিস্থিতি।  প্রধানমন্ত্রী কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছত এতিয়া দেশৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ পিছত নেপালত ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী, গৃহমন্ত্রীকে ধৰি সকলো মন্ত্রী পদ খালী হৈ পৰিছে। ৰাজধানী কাঠমাণ্ডুত প্ৰতিবাদকাৰীৰ হৈ হাংগামা অব্যাহত আছে। নেপালত এইপৰ্যন্ত প্ৰতিবাদত ২২গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে।