প্ৰধানমন্ত্ৰীৰ নামৰূপ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

প্ৰধানমন্ত্ৰীৰ নামৰূপ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমবাসীৰ বহুদিনীয়া আশা-আকাংক্ষাক বাস্তৱ ৰূপ দি ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেড (বি ভি এফ চি এল) ৰ বৰ্তমানৰ চৌহদত ১০,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে নতুন ব্রাউনফিল্ড এম’নিয়া-ইউৰিয়া কমপ্লে’ নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে কেন্দ্রীয় মন্ত্রী তথা স্থানীয় সাংসদ সর্বানন্দ সোণোৱালে দেওবাৰে অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি সামগ্রিক প্ৰস্তুতিৰ সবিশেষ পর্যালোচনা কৰে আৰু অগ্ৰগতিৰ বুজ লয়। প্রধানমন্ত্রীৰ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট সকলোকে পূর্ণোদ্যমে কাম কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘এই অভিলাষী প্রকল্পটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰিব আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিৰে কৃষকসকলক উপকৃত কৰিব। তদুপৰি, ইয়াৰ জৰিয়তে ব্যাপক কর্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু ঔদ্যোগিক আন্তঃগাঁথনি টনকিয়াল হ’ব। এই প্রকল্পৰ উৎপাদন ক্ষমতা হ’ব প্রতিবছৰে ১২.৫ লাখ মেট্রিক টন। এই প্রকল্পটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ এক অন্যতম শক্তিশালী ঔদ্যোগিক প্রাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশত নতুন গতি দিব।’ কেন্দ্রীয় মন্ত্রী সোণোৱালে লগতে কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই উল্লেখযোগ্য পদক্ষেপ লোৱাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ চিৰকৃতজ্ঞ হৈ থাকিব। দীর্ঘদিন ধৰি অসমৰ ৰাইজে নামৰূপত চতুর্থটো গোট নিৰ্মাণ কৰাৰ বাবে দাবী জনায় আহিছিল, কিন্তু কংগ্ৰেছ চৰকাৰে দীর্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই দাবীক অলপো গুৰুত্ব নিদি সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে আৰু শাসনত থাকিও একো কৰিব নোৱাৰিলে। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূর্ব পৰিৱৰ্তন সাধন কৰিলে আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোক আন্তৰিকতাৰে লৈ চতুর্থ গোটটো নিৰ্মাণ কৰাৰ বাবে ঐতিহাসিক ভূমিকা গ্রহণ কৰিলে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ৰূপান্তৰৰ পৰা আৰম্ভ কৰি ছেমিকণ্ডাক্টৰলৈকে বিভিন্ন নতুন অনুষ্ঠান-প্রতিষ্ঠান স্থাপন কৰাত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে, যাৰ যোগেদি যুৱক-যুৱতী, খেতিয়ক, শ্রমিক, আর্থিকভাৱে পিছপৰা পৰিয়াল সকলোৱে আজি উপকৃত হৈছে। ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে নামৰূপলৈ আহি চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন কৰিব। অসমৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাত নিৰন্তৰ ভূমিকা পালন কৰা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। স্থানীয় সাংসদ হিচাপে মই বিশেষ আনন্দ অনুভৱ কৰিছোঁ, কিয়নো মই সদৌ অসম ছাত্র সন্থাত থকাৰ দিনৰ পৰাই এই প্রকল্পটোৰ বাবে নামৰূপৰ ৰাইজৰ লগত লগ লাগি সংগ্রাম কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছ চৰকাৰে আমাৰ বহুদিনীয়া দাবীক কোনো গুৰুত্বই প্ৰদান কৰা নাছিল, বৰঞ্চ অৱহেলাহে কৰিছিল। অৱশেষত অসমবাসীৰ এই দীর্ঘদিনীয়া আশা পূৰণ কৰাৰ ক্ষেত্ৰত দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগভাগ লৈ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে। আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এই উদ্যোগটোৰ জৰিয়তে বিশ্বৰ বজাৰত স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হ’ব আৰু খেতিয়কৰ আয় দুগুণৰ পৰা তিনি গুণলৈ বৃদ্ধি কৰাৰ বাবে যি লক্ষ্য আগত ৰখা হৈছে, সেই লক্ষ্যত আমি উপনীত হ’ব পাৰিম। স্থানীয় বিধায়ক তৰংগ গগৈয়েও এই প্রকল্পটোৰ বাবে নিৰন্তৰভাৱে লাগি আছে। তেওঁকো ধন্যবাদ জনাইছোঁ।’ এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে মন্ত্রী প্রশান্ত ফুকন, যোগেন মহন, বিধায়ক তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, ভাস্কৰ শৰ্মা, ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা আযুক্ত বিক্রম কৈৰী প্ৰমুখ্যে সতীর্থসকল উপস্থিত থাকে ।