প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰধানমন্ত্ৰীয়ে ১১ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰধানমন্ত্ৰীয়ে ১১ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ১৩ আৰু ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণলৈ আহিব। প্ৰধানমন্ত্ৰীৰ উক্ত অসম ভ্ৰমণৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে তেওঁক উদ্দেশ্য কৰি সামাজিক মাধ্যমযোগে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰি ২০১৪ চনত তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ বিষয়ে সোঁৱৰাই দিছে। সামাজিক মাধ্যমযোগে সভাপতি গৰাকীয়ে কয় যে – প্ৰধানমন্ত্ৰীয়ে, ২০১৪ চনতেই আপুনি অসমৰ ছয় জনগোষ্ঠি ক্ৰমে আহোম,মৰাণ,মটক,চাহ-জনগোষ্ঠি,চুতীয়া আৰু কোচ ৰাজবংশীক শাসনলৈ আহিয়েই ছয়মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল । আপুনি শাসনলৈ অহাৰ ১১ বছৰ সম্পূৰ্ণ হ’ল,কিন্তু সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহ’ল।সম্প্ৰতি অসমৰ ৰাইজে সেই প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণ বিচাৰি পুনৰ ৰাজপথত প্ৰতিবাদত নামিছে। কিন্তু প্ৰতিবাদী জনতাৰ কথা শুনাৰ পৰিবৰ্তে যোৱাকালি ধুবুৰীৰ গোলকগঞ্জত জনজাতিকৰণৰ দাবীত কোচ-ৰাজবংশী ৰাইজে যেতিয়া ৰাজপথত জোঁৰ সমদল উলিয়াইছিল তেতিয়া অসম চৰকাৰৰ মতগৰ্বী আৰক্ষীয়ে বৰ্বৰ লাঠি-চালনা কৰি সমদল তেজেৰে ৰাঙলী কৰিলে। খিলঞ্জীয়া অসমীয়া আজি ৰাজপথত, আৰু ৰাজপথত অহংকাৰী চৰকাৰে খিলঞ্জীয়াৰ তেজ নিগৰাইছে। এই নিন্দনীয় ঘটনাৰ পিছত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনতিপলমে অব্যাহতি দিয়ক। আনহাতে, তিনিচুকীয়া জিলাতো বিভিন্ন ঠাইত হাজাৰ-হাজাৰ মৰাণ জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ দাবীত জোঁৰ হাতত লৈ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াইছে। অসমৰ ৰাইজ তথা বিশেষকৈ যুৱসমাজ আজি ৰাজপথত প্ৰতিবাদমুখৰ। ইয়াৰ প্ৰধান কাৰণ হৈছে শাসনলৈ অহাৰ পূৰ্বে আপোনালোকে অসমৰ ছয় জনগোষ্ঠিৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণত দেখুওৱা চুড়ান্ত অৱহেলা আৰু ব্যৰ্থতা। মই আশা কৰো যে অহা ১৩,১৪ চেপ্তেম্বৰ ২০২৫ তাৰিখৰ আপোনাৰ অসম ভ্ৰমণৰ সময়ত বিজেপিৰ প্ৰতিশ্ৰুতি সমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিব। অসমৰ ৰাইজে আৰু মিছা প্ৰতিশ্ৰুতি নিবিচাৰে৷