প্ৰধানমন্ত্ৰীলৈ আপ ৰ দাবী
শিলিগুৰিৰ এন আৰ এল ৰ মাৰ্কেটিং টাৰ্মিনেল অসমলৈ স্থানান্তৰ কৰক
ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক ছয় বছৰীয়া ৰক্তাক্ত অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড় শোধনাগাৰ লিমিটেড য়ে প্ৰকৃতাৰ্থত এশ শতাংশই অসমৰ স্বাৰ্থত কাম কৰিব লাগিব ৷ ইয়াত উৎপাদিত তৈল সামগ্ৰীৰ পৰা পাবলগীয়া কৰ, শুল্ক আদি ৰ পৰা অসমক বঞ্চিত কৰিলে সি চূড়ান্ত অন্যায় কৰা হ’ব ৷ এই মন্তব্য আম আদমি পাৰ্টী, অসমৰ ৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই কয় যে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ ভুল সিদ্ধান্তৰ বাবেই আজি ২৫ বছৰে কিছূমান লাভা লাভৰ পৰা অসম বঞ্চিত হৈ আহিছে ৷ নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেল পশ্চিম বংগৰ শিলিগুৰিত স্থাপন কৰা ফলত অসম বিক্ৰী কৰ ৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত আপ ৰ নেতাজনে অভিযোগ কৰি কয় যে, ইয়াৰ দ্বাৰা অসমক অন্যায় কৰা হৈছে ৷ প্ৰধান মন্ত্ৰীৰ আগন্তুক নুমলীগড় শোধনাগাৰ ভ্ৰমণ কালত শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেল শিলিগুৰিৰ পৰা অসমলৈ স্থানান্তৰৰ কথা ঘোষণা কৰিবলৈ আম আদমি পাৰ্টীয়ে বিবৃতিটোৰ যোগেদি দাবী জনাইছে ৷ আনহাতে নুমলীগড় শোধনাগাৰত যাতে চিৰদিন আৰু চিৰকালৰ বাবে অসমৰ থলুৱা নিৱনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বাট বন্ধ কৰা নহয়, আঁচনি আৰু পৰিকল্পনা যুগুত কৰোঁতে সেই বিষয়ৰ প্ৰতি বিশেষ আৰু কঠোৰ দৃষ্টি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে ৷ তেওঁ কয় যে, নুমলীগড় শোধনাগাৰ লিমিটেডে সদায় অসমৰ থলুৱা যুৱক যুৱতী ৰ সংস্থাপনৰ এক লাভজনক প্ৰতিষ্ঠান হিচাপে পৰিচয় অক্ষুন্ন ৰাখিব লাগিব ৷ সেই দায়িত্ব শোধনাগাৰ কৰ্তৃপক্ষৰ, আপ ৰ নেতাজনে এইদৰে কয় ৷