প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ বাবে ‘এক ৰাষ্ট্ৰ, এক ইউনিফৰ্ম’ৰ প্ৰস্তাৱ আগবঢ়ায়

pc- the indian express

প্ৰধানমন্ত্ৰীয়ে আৰক্ষীৰ বাবে ‘এক ৰাষ্ট্ৰ, এক ইউনিফৰ্ম’ৰ প্ৰস্তাৱ আগবঢ়ায়

ৰঙিলী বাৰ্ত্তাসেৱা- সুৰজকুণ্ডত অনুষ্ঠিত দেশৰ ৰাজ্যসমূহৰ গৃহমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ চিন্তন শিবিৰ ভিডিঅ’ কনফাৰেঞ্চযোগে সম্বোধন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।  চিন্তন শিবিৰ সম্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয়— আৰক্ষীৰ কাৰণে এক দেশ এক বেশ মাথোঁ এটা ধাৰণা। মই আপোনালোকৰ ওপৰত ইয়াক বলৱৎ কৰিবলৈ চেষ্টা কৰা নাই। কেৱল এটা ধাৰণা দিছোঁ।এয়া ৫, ৫০ অথবা ১০০ বছৰৰ ভিতৰত হ’ব পাৰে। মই মাত্ৰ চিন্তা এটা আগবঢ়ালো। দেশৰ আৰক্ষীক এক ধৰণে চিনাক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি প্রধানমন্ত্রী মোদীয়ে কয় যে অপৰাধ আৰু অপৰাধীৰ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শাহে আহ্বান জনোৱা এক আইন আৰু নিৰ্দেশ-নীতি সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় – সংবিধানৰ ধাৰণাই সহযোগিতা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক নুবুজায়, ইয়ে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ দায়বদ্ধতাকো সাঙুৰি লয়। দেশৰ ঐক্য আৰু সংহতিৰ সৈতে সমানে সংযুক্ত,কিন্তু সংবিধান অনুসৰি ৰাজ্যৰ আইন-শৃংখলাৰ বিষয়টো ৰাজ্যৰ হাততে থাকে । প্রতিখন ৰাজ্যই ইখন ৰাজ্যৰ লগত একেলগে কাম কৰি আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে।প্রতিখন ৰাজ্যই ইখন ৰাজ্যৰ লগত একেলগে কাম কৰি আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে।আভ্যন্তৰীণ নিৰাপত্তাৰ কাৰণে ৰাজ্যসমূহে একেলগে কাম কৰাটো সাংবিধানিক বৈধতাই নহয়, দেশৰ প্ৰতি দায়বদ্ধতাও।আনপিনে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহ সন্দৰ্ভত মন্তব্য আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে কয় যে সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে প্ৰতিটো সংস্থাই ইটো-সিটোৰ সৈতে সহযোগিতা কৰা উচিত।ৰাজ্যসমূহক পুৰণি আইনবোৰ পুনৰীক্ষণ আৰু সংশোধনৰ বাবে আহ্বান জনাই সকলো সংস্থাক আইন-শৃংখলা আৰু নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবদ্ধ হৈ কাম কৰাৰ পৰামৰ্শ আগবঢ়ায় প্রধানমন্ত্রী মোদীয়ে। আনপিনে ভুৱা বাতৰি প্ৰচাৰৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভুৱা বাতৰিসমূহ নিৰীক্ষণ কৰাটো অতিকৈ জৰুৰী আৰু এইক্ষেত্ৰত প্রযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।