প্ৰদূষণ তথা বায়ু প্ৰদূষণৰ পৰিণতি – জ্যোতিস্মিতা গোস্বামী শৰ্মা

PC - Times of India

প্ৰদূষণ তথা বায়ু প্ৰদূষণৰ পৰিণতি

জ্যোতিস্মিতা গোস্বামী শৰ্মা

ৰাসায়নিক পদাৰ্থ, পদাৰ্থ কণা, অনুজীৱ আদিৰ দৰে হানিকৰ দ্ৰব্যসমূহ বায়ু, পানী আৰু মাটিত প্ৰৱেশ কৰাৰ ফলত সিহঁতৰ স্বাভাৱিক গুণাগুণ বিনষ্ট হয় । এই হানিকাৰক দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াক প্ৰদূষণ বোলে।

বায়ু প্ৰদূষণৰ ফলত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পৰিণতি অতি ভয়াবহ। ইয়াৰ কেইটামান উদাহৰণ এনেধৰণৰ –

ক) বায়ু প্ৰদূষণ হ’লে মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়। মানু্হ শ্বাস – প্ৰস্বাস আদি ৰোগত ভোগে।

খ) ই কিছুমান উদ্ভিদৰ ক্ষতি সাধন কৰি সেই উদ্ভিদৰ খাদ্য – শস্য নষ্ট কৰে।

গ) বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হোৱা এচিড বৰষুণে জলাহ ভূমি আৰু জলাশয় বোৰত থকা উদ্ভিদ আৰু জীৱ – জন্তুৰ ব্যাপক ক্ষতি সাধন কৰে।

ঘ) ইয়াৰ প্ৰভাৱত মাটিৰ উৰ্বৰা শক্তি কমে, পানীৰ ৰং, স্বাদ নষ্ট কৰি পানীক ব্যবহাৰৰ অনুপযোগী কৰি তোলে।

(দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আধাৰত)