প্ৰদূষণ – জ্যোৎস্না ৰানী বেগম

প্ৰদূষণ
জ্যোৎস্না ৰানী বেগম, পাঞ্জাবাৰী
বগলি জাকৰ কলমলনি
আগলি বাঁহ হাউলি নপৰাৰ দুখত
উৰি উৰি ভাগৰুৱা সিহঁত
সিহঁতৰ বাহনি ডৰাত ঠিয় দি আছিল
আকাশ চুম্বী অট্টালিকা
পথাৰৰ পানী কটা আলি বিচাৰি
কেঁকোৰাই বাট হেৰুৱাই
বহাগত উজাই আহি মাছবোৰে
 গছৰ খোৰোং বিচাৰে
নৈ খনে ওফন্দি উঠিছিল
অজানিতে হুমুনিয়াহ কাঢ়ি
বহাগৰ নʼপানী পৰি গৰ্ভৱতী
নোহোৱা দুখত
আকাশত উৰি উৰি শগুনবোৰে
নিৰীক্ষণ কৰিছিল  মʼৰা শবোৰ
নৈৰ বুকুৰে উটি যোৱা
সিহঁতেও আক্ষেপ কৰিছিল
চৌ দিশ  মাথোঁ প্ৰদূষণ
সিহঁতক অকামিলা কৰাৰ দুখত।।