প্ৰদূষণে কঢ়িয়াই আনিছে দক্ষিণ কামৰূপৰ সাতপখলীৰ মালিপাৰা অঞ্চলবাসীলৈ ভাবুকি

প্ৰদূষণে কঢ়িয়াই আনিছে দক্ষিণ কামৰূপৰ সাতপখলীৰ মালিপাৰা অঞ্চলবাসীলৈ ভাবুকি

জল প্ৰদূষণ, বায়ু প্ৰদূষণৰ ফলত বিস্তৰ ক্ষতিসাধন জীৱকুল আৰু পশুধনৰ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- বায়ু প্ৰদুষণ,জল প্ৰদুষণৰ ৰম্যভূমি এতিয়া সাতপখলীৰ মালিপাৰা অঞ্চল ৷ শ্বাসপ্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত অঞ্চলবাসী ৷ অবৈধ মাটি খনন, নদীৰ পৰা অবাধ হাৰত বালি খনন, পথাৰ- পাহাৰ মাটি কাঁটি একপ্ৰকাৰ তহিলং কৰাত লাগিছে দক্ষিণ কামৰূপৰ একাংশ পুঁজিপতি দালাল ব্যৱসায়ীয়ে ৷ বণ বিভাগ,প্ৰশাসনক একপ্ৰকাৰে মেনেজ কৰি চলাই গৈছে অবাধ বেহা ৷ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাতপখলীৰ মালিপাৰা পথাৰত গঢ় লৈ উঠা উদ্যোগ- প্ৰতিষ্ঠান সমূহৰ জাৱৰ – যথৰৰ লগতে বিষাক্ত ৰাসয়নিক দ্ৰব্য সমূহ নলা সমূহৰ জৰিয়তে বাথা নৈত পেলোৱাৰ ফলত বিস্তৰ ক্ষতিসাধন জীৱকুল আৰু পশুধনৰ ৷ দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে উক্ত অঞ্চলত ৷ নাকে-মুখে হাত দিহে যাবলৈ পাৰি উক্ত অঞ্চললৈ ৷ উদ্যোগ- প্ৰতিষ্ঠানবোৰত ব্যৱহৃত বৰ্জিত লেতেৰা ৰাসয়নিক দ্ৰব্য সমূহ নলানৰ্দমাৰে নিৰ্গত হৈ বাথা নদীত পৰে ফলত নদীৰ পানী কলা হৈ পৰিছে ৷ সেই নদীৰ পানী খায় ইতিমধ্যে অৰ্ধশতাধিক গৰুছাগলীৰ মৃত্যু হৈছে ৷ আনহাতে দক্ষিণ কামৰূপৰ ৰামপুৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ ৰাষ্টাৰ কামত ব্যৱহৃত হোৱা সামগ্ৰী বনোৱা কোম্পানীৰ পৰা ওলোৱা ধোৱাৰ ফলত বহুত লোকৰ হৃদপিণ্ড ৰোগত আক্ৰান্ত হোৱাৰ লগতে বহুতো অন্যান্য ৰোগত ভুগিব লগা হৈছে সেই অঞ্চলৰ বাসিন্দাসকলে ৷ বিয়াগোম প্ৰদুষণ বিভাগ এটা থকাৰ পাছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই সমস্যাটোৰ সমাধান বিচাৰি আজি অঞ্চলবাসী একত্ৰিত হৈ ওলাই আহি দুখ প্ৰকাশ কৰি সমস্যাৰ সমাধান বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰশাসন তথা প্ৰদূষণ বিভাগৰ বিষয়ববীয়া সকলৰ বিৰুদ্ধে ৷ পৰৱৰ্তীসময়ত এই কোম্পানী সমূহৰ বিৰুদ্ধে যদি চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে প্ৰতিবাদ আন্দোলনমুখী হব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে ৷