প্ৰথম বাৰ্ষিক অভিনৱ বৰা সোঁৱৰণী নগাঁও প্ৰিমিয়াৰ লীগ

প্ৰথম বাৰ্ষিক অভিনৱ বৰা সোঁৱৰণী নগাঁও প্ৰিমিয়াৰ লীগ

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও ক্ৰিকেৰ্টাছ ক্লাবৰ উদ্যোগত অহা ২৮ এপ্ৰিল ২০২২ ৰ পৰা অভিনৱ বৰা সোঁৱৰণী নগাঁও প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা খনি নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুস্থিত কৰিবলৈ লোৱা হৈছে।দেশৰ আগশাৰীৰ জনপ্ৰিয় ক্ৰিকেট টুৰ্ণামেণ্ট ‘ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ’ৰ আৰ্হিত অনুস্থিত হ’বলগীয়া নগাঁও প্ৰিমিয়াৰ লীগ খনত সৰ্বমুঠ ১২ টা দলে অংশগ্ৰহন কৰিব। ২৮ এপ্ৰিলৰ পৰা ৭ মে লৈকে হ’বলগীয়া এই প্ৰতিযোগিতাখনিৰ দলসমূহৰ নাম নগাঁৱৰ বিভিন্ন অঞ্চলৰ নামেৰে নামাকৰণ কৰা হৈছে।খেলখনৰ উদ্যোক্তা নগাঁও ক্ৰিকেৰ্টাছ ক্লাবে নগাঁৱত প্ৰথম বাৰৰ বাবে এখন অতি আৰ্কষণীয় টুৰ্ণামেণ্ট অনুস্থিত হ’ব বুলি আশা ব্যক্ত কৰিছে।২০অভাৰকৈ অনুস্থিত হ’ব লগা প্ৰতিযোগিতাখনিত প্ৰত্যেকটো দলে নিজৰ নিজৰ আৰ্কষণীয় ৰঙ বিৰঙৰ জাৰ্চি পৰিধান কৰাৰ লগতে বগা বল ব্যৱহাৰ কৰিব।
উল্লেখযোগ্য যে টুৰ্ণামেণ্টখনত চলন্ত ট্ৰফীসহ নগদ ধনৰ উপহাৰ থাকিব।Man of the Tournament,Best batsman ,Best bowler আদিকে ধৰি আৰু বহুতো আৰ্কষণীয় পুৰস্কাৰেৰে সমৃদ্ধ এখন উচ্ছ মানদণ্ডৰ টুৰ্ণামেণ্ট ক্ৰীড়াপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব।প্ৰতিখন খেলতেMan of the match থাকিব বুলিও উদ্যোক্তাসকলে সদৰী কৰিছে।