প্ৰথম দিনাই ২.৫ কোটি টকা উপাৰ্জনেৰে অভিলেখ ‘ৰৈ ৰৈ বিনালে’ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৩১ অক্টোবৰ তাৰিখে মুক্তিলাভ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ ৷ মুক্তি পাছতে এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিলে ছবিখনে ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ ৪২-৪৩ দিনৰ পাছতো প্রতিজন জুবিন অনুৰাগীৰ হৃদয়ে এই ধ্বনিয়ে অনুৰণিত হৈছে আৰু তাৰ স্পষ্ট প্রকাশ হৈছে শিল্পীগৰাকীৰ ১৭ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ দৰ্শন কৰি শত-সহস্র দর্শকে দেখুওৱা আবেগবিহ্বলতা, আব্দাৰ-অনুযোগ-অভিযোগ আৰু ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি কৰা আহ্বান-প্ৰতিবাদৰ ভাষাত। বুকু আৰু হৃদয়ত এটা গধুৰ শিল বান্ধি দ্বিতীয়দিনাও শত-সহস্র জুবিন অনুৰাগীয়ে ‘ৰৈ ৰৈ বিনালে’ বোলছবিখন দৰ্শন কৰি আৱেগবিহ্বল হৈ চকুপানী টুকি ওলাই আহিল। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুক্তি পোৱা ‘ৰৈ ৰৈ বিনালে’ দৰ্শন কৰি দুচকুৰ লোটক নিগৰাই আজিও প্ৰাণৰ শিল্পীক সুঁৱৰি চেলুলয়ডৰ স্ক্ৰীনত জীৱন্ত জুবিনক বিচাৰি হাহাকাৰ কৰিলে শত-সহস্রজনে। ছবিগৃহত চুকুলোৰ বন্যা আৰু বাহিৰৰ পৃথিৱীত বৰষুণৰ টোপালৰ চিপ চিপ শব্দ-এনে এক আবেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল আজিও শত-সহস্র জুবিন অনুৰাগী। প্ৰথম দিনটোৰ দৰে দ্বিতীয়দিনাও শত সহস্র দর্শকে ভিৰ কৰিলে ছবিগৃহসমূহত। পুৱতিনিশাৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে ৰাজ্যৰ বাহিৰৰ ৯৯টা ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে জীৱন্ত জুবিনক দুচকুৰে এপলক চাই আৱেগৰ ঢৌৱে স্পৰ্শ কৰিব বিচাৰিলে। স্মৰ্তব্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৯২টা ছবিগৃহত ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰদৰ্শনী সম্পন্ন হৈছিল। য’ত আছিল ৬৬০টাতকৈ অধিক শ্ব’। আনহাতে দেশৰ অন্যান্য চহৰত ছবিখনে শুভমুক্তি লাভ কৰা ১৬৯টা শ্ব’ৰ জৰিয়তে জীৱন্ত জুবিনক আকৌ এবাৰ চেলুলয়ডৰ স্ক্ৰীনত দৰ্শন কৰিবলৈ অহা অনুৰাগীয়ে প্ৰথম দিনটোতে সমগ্ৰ দেশৰ প্ৰায় ৮০০ টাকৈ দর্শনীৰ জৰিয়তে প্রত্যক্ষ কৰিলে। অসমীয়া বোলছবি জগতৰ ৯০ বছৰীয়া ইতিহাসত ই এক বিৰল ঐতিহাসিক পৰিঘটনা। অভিলেখৰ পিছত অভিলেখ গঢ়া সংগীতৰ মহানায়কৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ই প্রথম দিনটোতে ২.৫২ কোটি টকা আহৰণ কৰিবলৈ সক্ষম হৈছে। যিটো অসমীয়া বোলছবি জগতৰ ইতিহাসত অনন্য অভিলেখ।
