প্ৰথমবাৰৰ বাবে সংসদত বৰ অসমৰ শৌৰ্য-বীৰ্য, গৰিমাৰ জয়গান : কংগ্ৰেছক তুলাধুনা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণক আদৰণি জনাই ৰাজ্যসভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰথমবাৰলৈ সংসদত অসম তথা উত্তৰ-পূবৰ শৌৰ্য-বীৰ্য আৰু গৰিমামণ্ডিত ইতিহাসৰ বিষয়ে বলিষ্ঠভাৱে উত্থাপন কৰাৰ লগতে কংগ্ৰেছ দলে উত্তৰ পূবক কৰা উপেক্ষাৰ বাবে যুক্তি আৰু তথ্যৰে তুলাধুনা দিয়ে। সাংসদগৰাকীয়ে ভাষণৰ আৰম্ভণিতে স্বাধীনতা আন্দোলনত ৰাষ্ট্ৰৰ হকে আত্মবলিদান দিয়া অসম তথা উত্তৰ পূবৰ কেইবাগৰাকীও দেশপ্ৰেমীক যুঁজাৰুৰ কথা উল্লেখ কৰি কয় যে কেৱল এয়াই নহয়, নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰাৰ লগতে সমগ্ৰ উত্তৰ ভাৰতক নিজৰ হাতৰ মুঠিলৈ লৈ যোৱা আক্ৰমণকাৰী বখতিয়াৰ খিলজীকো কামৰূপৰ প্ৰতাপী ৰজা মহাৰাজ পৃথুৱে পৰাজিত কৰিছিল। তেওঁ পুনৰ উল্লেখ কৰে যে মোগলক আহোম সেনাই ১৭ বাৰকৈ পৰাস্ত কৰিছিল। সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আজি ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আদৰণিসূচক বক্তব্যত পুনৰ কয় যে ২০০ৰো অধিক জাতি-জনজাতি আৰু ২২০ টাৰো অধিক ভাষা-উপভাষাৰ প্ৰচলন থকা উত্তৰ পূৱ ভাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে আদি কৰি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, আৰ ডি বৰ্মণ, এছ ডি বৰ্মণ, ৰতন থিয়ামলৈকে; মেৰীকমৰ পৰা হিমা দাস, লাভলীনা, মীৰাবাই চানুলৈকে কলা, সংস্কৃতি, ক্ৰীড়া আদি জগতৰ অলেখ উজ্বল নক্ষত্ৰৰ জন্মভূমি। তামিলৰ পাছতে মহাকাব্য ৰামায়ণ ১৪ শতিকাতে অসমীয়া ভাষালৈ অনুদিত হৈছিল, অসমীয়া ভাষাত হেমকোষ নামেৰে ব্ৰেইলী অভিধানো আছে। হাজাৰ বছৰ ধৰি অসম তথা উত্তৰ পূব অখণ্ড সাংস্কৃতিক ভাৰতৰ অভিন্ন অংগ। ৰজা ভগদত্তই কুৰুক্ষেত্ৰ যুঁজত যুদ্ধ কৰিছিল। সতীদেৱীৰ অংগ পৰা স্থানতে কামাখ্যা মন্দিৰ তথা শক্তিপীঠ ত্ৰিপুৰা সুন্দৰীৰ মন্দিৰো ইয়াতে অৱস্থিত। সাংসদগৰাকীয়ে লগতে কয় যে দেশৰ ৫০ শতাংশ চাহ কেৱল অসমত উৎপাদন হয়, এছিয়াৰ প্ৰথম তেল শোধানাগাৰ অসমৰ ডিগবৈত অৱস্থিত।এনে শৌৰ্য-বীৰ্য আৰু গৰিমাৰে মহীয়ান হৈও স্বৰাজোত্তৰ কালত অসম তথা উত্তৰ পূৱ কিয় সদায় বঞ্চিত আৰু শোষিত হৈ আছিল ? কাৰ দোষত জন্ম হৈছিল বিভিন্ন বিদ্ৰোহী সংগঠনৰ ? সেই সুদীৰ্ঘ সময়ত দেশত কাৰ শাসন আছিল? দীৰ্ঘদিন ধৰি আমি উত্তৰ পূৱ সকলো দিশতে বঞ্চিত আৰু উপেক্ষিত হৈ আছিলোঁ। কিছুবছৰ আগলৈকে উত্তৰ পূৱ বুলিলে কেৱল সন্ত্ৰাসবাদ, আন্দোলন, হৰতাল আৰু মৃত্যুৰ খবৰেই ভৰি আছিল।কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ শাসনাধিষ্ঠ হোৱাৰ পাছত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূবৰ আন ৰাজ্যকেইখনৰো পৰিৱেশ সলনি হ’ল। এতিয়া উত্তৰ পূৱ দেশৰ আন ৰাজ্যসমূহৰ সৈতে সমগতিত বিকাশ আৰু উন্নয়ণৰ যাত্ৰাত ধাৱমান হৈছে। বৰ্তমান উত্তৰ পূৱত টেৰ’ৰিজমৰ সলনি টুৰিজম বৃদ্ধি হৈছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৱৰ ৯৫ শতাংশ উগ্ৰবাদী সংগঠনৰ সদস্য ইতিমধ্যে শান্তিচুক্তিৰ জড়িয়তে মূলসূঁতিলৈ উভটি আহি ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে ৰাষ্ট্ৰনিৰ্মাণৰ সহযোগী হৈছে।ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ উল্লেখ কৰে যে অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ গৈ এজন ব্যক্তিয়ে দেশৰ এখন সৰ্বোচ্চ আসনতো ১০ বছৰ অধিস্থিত হৈছিল। কিন্তু সেই ব্যক্তিজনে নিজৰ শাসনকালত মাত্ৰ ৮ বাৰ হে অসমলৈ গৈছিল। তাৰ পৰিৱৰ্তে অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা জনাই নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৯ বছৰ শাসনকালতে এতিয়ালৈ ৫০ বাৰৰো অধিক উত্তৰ পূৱ ভ্ৰমণ কৰিছে।তদুপৰি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশজুৰি ৰূপায়ণ কৰা “ভাৰত জোড়ো” কাৰ্যসূচীক কটাক্ষ কৰিবলৈ গৈ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা শেহতীয়া টুইটৰ উদ্ধৃতি দি কয় যে ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰখনক সদায়েই কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু গুজৰাটৰ পৰা পশ্চিম বংগলৈ বুলিয়ে স্বীকৃতি দি আহিছে। কংগ্ৰেছে পাহৰি যায় যে বংগৰ পিছতো ভাৰতবৰ্ষৰ মানচিত্ৰত উত্তৰ পূবৰ আৰু আঠখন ৰাজ্য আছে।সাংসদগৰাকীয়ে আজি সংসদত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱক উন্নয়ণৰ শক্তিশালী ইঞ্জিন হিচাবে প্ৰতিষ্ঠা কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ৰূপায়ণৰ স্থিতি আৰু আঁচনিৰ ধনৰ পৰিমাণ আদি তথ্যসহকাৰে উত্থাপন কৰে।