প্ৰথমবাৰৰ বাবে আম আদমি পাৰ্টীৰ অসমত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ
ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ আদি আপৰ আশীৰ্বাদত চলি আছেঃ অম্লানজ্যোতি হাতীবৰুৱা
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পাৰ্টীয়ে ভোট ভঙা ৰাজনীতি নকৰে৷ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিব পৰা ক্ষমতা থকা পঞ্চায়ত সমূহতহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আপ অসমে৷ যি পঞ্চায়তত আপৰ প্ৰাৰ্থী নাথাকিব সেই সমূহত বিজেপী বিৰোধী যোগ্য প্ৰাৰ্থীলৈ সমৰ্থন আগবঢ়াব আম আদমি পাৰ্টীয়ে৷ শুক্ৰবাৰে দলটোৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেলত এই কথা উল্লেখ কৰে আপ অসমৰ ৰাজ্যিক সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই৷ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপৰ শক্তি সম্পৰ্কে প্ৰশ্ন কৰাত ৰাজ্যিক সম্পাদক গৰাকীয়ে কয় যে অসমৰ প্ৰতিটো প্ৰান্তত আপৰ কৰ্মী আছে যিয়েই তৃণমূল পৰ্যায়ত দলৰ কাম কৰি আছে৷ আপৰ প্ৰাক্তন কৰ্মীয়েই এতিয়া ভিন্ন দল পৰিচালনা কৰি আছে৷ ৰাইজৰ দল, টি এম চি, এচ পি আদি দল আপৰ আশীৰ্বাদতেই চলি আছে৷ আম আদমি পাৰ্টীৰ নিৰ্বাচিত প্ৰতিনিধি গুৱাহাটী পৌৰনিগমৰ পাৰিষদ মাচুমা বেগমে সংবাদমেল সম্বোধন কৰি কয় যে পৌৰনিগমত আপৰ একমাত্ৰ প্ৰতিনিধি হৈয়ো উন্নয়নমূলক কৰ্মত তেখেতে ৰাইজৰ সৈতে ঠিয় দিছে৷ আম আদমি পাৰ্টীয়ে তেখেতক ৰাইজৰ হকে কাম কৰিবলৈ যি সুবিধা দিছে সেইয়া ৰাজনীতিত বিৰল৷ মাচুমাই আপৰ উন্নয়নৰ ৰাজনীতিলৈ অসমৰ জনতাক আগবাঢ়ি আহিবলৈ আহ্বান জনাই৷
আপ অসমৰ ৰাজ্যিক প্ৰশাসনিক সম্পাদক তথা পঞ্চায়ত নিৰ্বাচনৰ তত্ত্বাৱধায়ক ভিক্টৰ গগৈয়ে সংবাদমাধ্যমক জনাই যে ইতিমধ্যেই ৫০০ ৰো অধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে আবেদন কৰিছে৷ কংগ্ৰেছ আৰু বিজেপিয়ে পঞ্চায়ত ৰাজ ব্যৱস্থাটোকে কদৰ্য্যময় কৰিলে বুলি অভিযোগ কৰি ভিক্টৰ গগৈয়ে প্ৰত্যাহবান কৰি কয় যে গাঁৱ সমূহত যোৱা নিৰ্বাচনত কংগ্ৰেছৰ ৮৯৭০ জন আৰু বিজেপিৰ ১১৩২৫ জন নিৰ্বাচিত প্ৰতিনিধিয়ে কিমান উন্নয়নমূলক কাম কৰিলে তাৰ খাতিয়ান ৰাইজৰ আগত ডাঙি ধৰক৷ সংবাদমেলত আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়াও উপস্থিত থাকে৷