আই চি চিৰ ব’ৰ্ড সঞ্চালক হিচাপে নিযুক্তি লাভ দেৱজিৎ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আন এক সুখবৰ। অসমৰ বিশিষ্ট ক্রীড়া সংগঠক তথা প্রাক্তন ৰঞ্জি খেলুৱৈ দেৱজিৎ শইকীয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) ব’ৰ্ড সঞ্চালক (ভাৰতৰ প্ৰতিনিধি) হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁৰ আগতে এই পদত আছিল বি চি চি আইৰ সচিব জয় শ্বাহ।জয় শ্বাহে আই চি চিৰ অধ্যক্ষ পদ গ্রহণ কৰাত এই পদটো খালী হয়। সেয়ে দেৱজিৎ শইকীয়াক এই দায়িত্ব দিয়া হৈছে। তেওঁ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডক (বি চি চি আই) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ব’ৰ্ড অব্ ডাইৰেক্টৰ্ছত প্রতিনিধিত্ব কৰিব। এ চি এৰ প্ৰাক্তন সম্পাদক তথা গুৱাহাটী ক্রীড়া সন্থা আৰু ঐতিহ্যমণ্ডিত গুৱাহাটী টাউন ক্লাবৰ সম্পাদক পদত থকা দেৱজিৎ শইকীয়া বি চি চি আইৰ যুটীয়া সম্পাদকৰ দায়িত্বতো আছে। ইফালে দেৱজিৎ শইকীয়াই বি চি চি আইক প্রতিনিধিত্ব কৰি আই চি চিৰ ব’ৰ্ড অব ডাইৰেক্টৰ হিচাপে নিযুক্তি লাভ কৰাত অসম ক্রিকেট সন্থাই তেওঁক অভিনন্দন জনাইছে। এটা বিবৃতিত অসম ক্রিকেট সন্থাই কয় যে শইকীয়াৰ এই কৃতিত্ব ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ সমৰ্পন আৰু বিশ্বত ক্ৰিকেটৰ প্ৰসাৰৰ কাৰণে তেওঁৰ অক্লান্ত প্রচেষ্টাৰ নিৰ্দশন। এ চি এৰ সভাপতি তৰংগ গগৈয়ে শইকীয়াৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰি কয়, ‘প্রাপ্য স্বীকৃতি এই মাইলৰ খুঁটিৰ বাবে মই দেৱজিত শইকীয়াক অভিনন্দন জনাইছোঁ। তেওঁৰ পাৰদৰ্শিতা আৰু দূৰদৰ্শিতাই নিঃসন্দেহে এই খেলবিধক কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে নতুন উচ্চতালৈ আগুৱাই নিব। আমি নিশ্চিত যে তেওঁৰ নেতৃত্বই উদ্ভাৱনীমূলক পৰিৱৰ্তন আনিব আৰু আন্তর্জাতিক ক্রিকেটত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰিব।’ অসমলৈ কঢ়িয়াই অনা অপৰিসীম সন্মানক স্বীকৃতি দি শইকীয়াৰ এই কৃতিত্বত এচিএৰ এপেক্স কাউঞ্চিলৰ সকলো সদস্য উৎফুল্লিত হৈছে। নতুন ভূমিকাত তেওঁ বহু সফলতা লাভ কৰিব বুলি কামনা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ভাতৃত্ববোধতো তেওঁৰ স্থায়ী প্ৰভাৱ পেলোৱাৰ ক্ষমতাৰ ওপৰত আস্থা প্রকাশ কৰে সদস্যসকলে। শইকীয়াৰ এই নিযুক্তি ভাৰতীয় ক্ৰিকেটৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱাৰ লগতে ক্রীড়াৰ প্ৰশাসনিক ক্ষেত্ৰত অসমৰ ক্রমবর্ধমান প্রভাৱকো প্রোজ্জ্বল কৰি তুলিছে। অসম ক্রিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্রীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ। ইফালে, অসম অলিম্পিক সন্থায়ো দেৱজিৎ শইকীয়াক শুভেচ্ছা জনাইছে।