“প্ৰত্যাশাৰ জিৰণি”-তাইৰ চকুজুৰি – জীছান হাজৰিকা

“প্ৰত্যাশাৰ জিৰণি” – তাইৰ চকুজুৰি

জীছান হাজৰিকা

কাহিনীও উমান নোপোৱা
সেইজুৰি চকুৰ বিৱৰণ
দিওঁ নো কেনেকৈ ..?
বিনিদ্ৰ কৰা সেই চকুজুৰিক
লিখিব গৈ
উকা পাতত
শব্দ গাথো নো কেনেকৈ ..?
আৱেগৰ বা লাগি সজল হৈ
উঠা তাইৰ চকুজুৰিত
মই যে কতবাৰ হেৰাওঁ..
হেৰাই যাওঁ সেই কাজলৰেখীয়
ছবিখনৰ মাজত ।
মোৰ হেজাৰ অনাবিল সপোনৰ
বোৱতি নৈ দেখিছো‌ তাত ,
দেখিছো জীৱন আকাশত
উৰিব শিকা প্ৰীতিৰ চৰাই জাকক..।
লাহে লাহে লিখিব লৈছো
প্ৰেম-ৰীতি বোৰ সেইজুৰি চকুত ,
উকি মাৰি যোৱা হেপাহ বোৰক
সাজি দিছো বাহ ..
যাযাবৰী আশা বোৰৰ ঠিকনা
তাইৰ চকুজুৰি ,
মোৰ অঘৰী সপোন বোৰৰ
প্ৰশ্ৰয় তাত ..