প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অসমত ৪ খন সৈনিক স্কুল খোলাৰ বাবে প্ৰস্তাৱ- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

pc-Northeast Now

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অসমত ৪ খন সৈনিক স্কুল খোলাৰ বাবে প্ৰস্তাৱ- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

অনলাইন বাৰ্ত্তাসেৱা– দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অসমত নতুনকৈ শিলচৰ, কোকৰাঝাৰ, গোলাঘাট আৰু ধেমাজিত সৈনিক স্কুল খোলাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। নতুন দিল্লীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে এই প্ৰস্তাৱ আগবঢ়ায়। গোৱালপাৰাত থকা সৈনিক স্কুলখন যেনেকৈ ৰাজ্য চৰকাৰে চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, ঠিক তেনেদৰে প্ৰস্তাৱিত নতুন সৈনিক স্কুলকেইখনো ৰাজ্য চৰকাৰে মাটি, আন্তঃ গাঁথনিকে ধৰি সকলো ব্যয় নিজে বহন কৰিব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক অৱগত কৰে। উল্লেখ্য যে এইবাৰৰ ৰাজ্যিক বাজেটত গোলাঘাটত সৈনিক স্কুল স্থাপনৰ কথা বিত্ত মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰিছে।

(R.T)