প্ৰতিষ্ঠাকালৰ অধ্যাপক ৰুদ্ৰকান্ত ঝাৰ পৰলোকঃ মাজুলী মহাবিদ্যালয়ৰ গভীৰ শোক:
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰতিষ্ঠাকালৰ অধ্যাপক, বিহাৰৰ মধুৱনী জিলাৰ ৰৈয়াম গাঁও নিবাসী ৰুদ্ৰকান্ত ঝাৰ কালি বিয়লি নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হোৱাৰ সম্বাদ পোৱাৰ পাছতে আজি মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁ পৰে। সুদূৰ বিহাৰৰ পৰা ১৯৬৬ চনতে আহি মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা ৰুদ্ৰকান্ত ঝাই ২০০২ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিছিল। প্ৰতিষ্ঠাকালীন সময়ৰ আওহতীয়া নদীদ্বীপ মাজুলীত উচ্চ শিক্ষাৰ বাটকটীয়াৰ ভূমিকাত অৱতীৰ্ণ হোৱাসকলৰ অন্যতম হিচাপে সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হোৱা বিদ্বান আৰু মাজুলীপ্ৰেমী লোকগৰাকীৰ বিয়োগৰ শোকত ম্ৰিয়মাণ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা শিক্ষাৰ্থীসকলে এখন শোকসভা অনুষ্ঠিত কৰে। সভাৰ পূৰ্বেই ৰূদ্ৰকান্ত ঝাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়া প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে। মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি অধ্যাপক ডঃ ব্ৰজেন চন্দ্ৰ নেওগে আঁত ধৰা শোকসভাত আদৰ্শ শিক্ষকগৰাকীৰ স্মৃতিচাৰণ কৰি অধ্যক্ষ তথা প্ৰয়াত শিক্ষাবিদগৰাকীৰ ছাত্ৰ ডঃ দেৱজিৎ শইকীয়াই কয়, “অধ্যাপক ৰুদ্ৰকান্ত ঝা আছিল নীতিয়ে-আদৰ্শই এগৰাকী শিক্ষাগুৰু। শিক্ষাৰ্থীক নিজৰ পুত্ৰৱৎ জ্ঞান কৰি যত্নেৰে শিক্ষাদান কৰা ঝাই এখন আদৰ্শ মাজুলী গঢ়াৰ সপোন দেখিছিল বাবেই মাজুলী মহাবিদ্যালয়তে থাকি প্ৰায় ৩৬ বছৰ কাল শিক্ষকতা কৰিছিল।” ডঃ শইকীয়াই লগতে ৰুদ্ৰকান্ত ঝাৰ আদৰ্শ ভৱিষ্যত প্ৰজন্মৰ বাবে পাথেয় হোৱা উচিত বুলি উল্লেখ কৰে। প্ৰয়াত অধ্যাপকগৰাকীৰ ব্যক্তিত্ব আৰু প্ৰজ্ঞা সম্পৰ্কে আলোকপাত কৰি তেওঁ প্ৰাক্তন ছাত্ৰ তথা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু মুৰব্বী অপূৰ্বজ্যোতি হাজৰিকা আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহযোগী অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰাই মহানুভৱ শিক্ষাৱিদ ৰুদ্ৰকান্ত ঝাই মাজুলীৰ উচ্চশিক্ষাৰ ক্ষেত্ৰখনতে ইংৰাজী শিক্ষাৰ ভেটি নিৰ্মাণ কৰি থৈ গ’ল বুলি কয়। মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, অভ্যন্তৰীণ মান নিশ্চিকৰণ কোষৰ সমন্বয়ক বসন্ত বৰা, শিক্ষক গোটৰ সম্পাদক ডঃ অনুপ কুমাৰ দলে, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক তুলসী ৰাজখোৱা, মহিলা সৱলীকৰণ কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱা, সম্পাদিকা ডঃ অনন্যা বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা সভাখনত ৰূদ্ৰকান্ত ঝাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌনতা অৱলম্বন কৰি শোক প্ৰস্তাব গ্ৰহণ কৰা হয়। শিক্ষাবিদগৰাকীৰ আকস্মিক বিয়োগৰ সম্বাদ পাই মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা আউনীআটীয় সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামী, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মহাবিদ্যালয়ৰ নডেল বিষয়া দেৱজ্যোতি খাটনিয়াৰ, অসম কলেজ শিক্ষক সংস্থা, মাজুলী মণ্ডলৰ সম্পাদক ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, গ্ৰন্থাগাৰিক প্ৰদীপ চন্দ্ৰ দাস, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সভাপতি সুৰেন্দ্ৰ নাথ মুদৈ, কৰ্মচাৰী গোটৰ সভাপতি পদ্মধৰ বৰুৱা, সম্পাদক সদানন্দ ৰেগন, জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়া, সম্পাদক ডিম্বেশ্বৰ দত্ত, জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰুৱা, সম্পাদক সঞ্জীৱ বৰা, জিলা নাট্য সন্মিলনৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকত, ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ দীপু বৰা, ‘আপকু’ৰ ৰাজ্যিক উপ-সভাপতি জীৱন বৰুৱা, ‘আপকু’ৰ মাজুলী জিলাৰ সমিতিৰ সভাপতি ৰঞ্জন বৰা, জিলা মইনা পাৰিজাতৰ সভাপতি খগেন হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্ৰকাশ কৰিছে।
