চুটিগল্প
প্ৰতিশ্ৰুতি
মুন শৰ্মা, লখিমপুৰ, বছাগাঁও
হাই,মেম,,এইয়া মোৰ পাপা,, অৰ্পনে দেউতাকক তাৰ স্কুলত নতুনকৈ শিক্ষকতা কৰিব আৰম্ভ কৰা ৰিচা মেমে কোৱা বাবে মাতি আনিছে আজি। কিয় মাতিছে অৰ্পনে ও নাজানে, তাৰ দেউতাক ৰঞ্জিতে ও নাজানে। মুঠতে মাতিছে আহিব লাগে আহিছে। বেৰৰ ফালে মুখ কৰি ফাইল এটা চাই থকা মেডাম কাবেৰীয়ে ঘূৰি নোচুৱাকৈ মাত দিলে Thank you অৰ্পন তুমি এতিয়া ক্লাছ লৈ যোৱা দেউতাৰ লগত কথা মই কথা পাৰিম এতিয়া।
অকে মেম, বাই পাপা, অল দা বেষ্ট।
তেতিয়া লৈ কাবেৰীয়ে ঘূৰি চোৱাই নাই,, তেনেকৈয়ে কৈ গ’ল থিয় হৈ কিয় আছা প্ৰথমে বহা, লৰাটো পঢ়াত ভাল,খালি বৰ দুষ্ট , তোমাক সিদিনা মই তাক স্কুলৰ পৰা লৈ যোৱা দেখিছোঁ সেয়ে ভাবিলো বহু দিনৰ মূৰত তোমাক দেখিলোঁ যেতিয়া এদিন ইয়ালৈ মতা হওক এপৰ কথা পাতিম। কিবা অসুবিধা হ’ব নেকি ৰঞ্জন!
নাই মেম, অসুবিধা একো নাই কি কথা কব বাৰু এতিয়া।
উম কম তাৰ আগতে তুমি কোৱা মই কোন!
সঁচা কথা কবলৈ গলে আপোনাৰ মাত মই কৰবাত শুনা শুনা লাগিছে কিন্তু ক’ত শুনিছিলো সেয়া পাহৰিছো।
মনত পৰিব ৰবা, বেছি দূৰলৈ নহয় তোমাৰ কলেজ life লৈ এবাৰ উভতি যোৱা তাতে তুমি এই মাতৰ চিনাকি পাবা।
অ,, হয় আপুনি ঠিকেই কৈছে তাতে শুনিছিলো কিন্তু কোন আছিল পাহৰিলো। মনত পৰা নাই অ,,
ইমান চিন্তা,, মই আছোঁ নহয় ৰবা কৈ আছোঁ।
তোমাৰ সেই বান্ধৱী কাবেৰীৰ নহয় জানো।
অ হয় আপুনি কেনেকৈ জানিলে।
হা হা মই,, হা,হা,, যেতিয়া সেই মাতৰ গৰাকী মইয়েই হওঁ তেতিয়া?
মানে কি কৈছে একো বুজা নাই ভালকৈ কওঁক চোন।
উম কৈ আছোঁ এক মিনিট,, ফাইল খন সামৰি এটা মিঠা হাঁহিৰ তাই ঘূৰি দিলে কাবেৰী ৰঞ্জনলৈ চাই।
ৱা,, তুমি, “অ,মাই, গত” । কাবেৰী তুমি!
উম মই,, চিনি পাইছা এতিয়া তুমি বিচাৰি থকা মাত টো।
১০০%, ইমান দিনৰ মূৰত। ৱাহ কি খবৰ তোমাৰ কাবেৰী।।
মোৰ ভাল তোমাৰ কোৱা ৰঞ্জন,।
উম,কাবেৰী তুমি ইয়াত কেতিয়াৰ পৰা ?
বেছি দিন হোৱা নাই দুটা মাহ ।
মি ইয়াতে থাকা নেকি আৰু তোমাৰ সংসাৰ চাকৰি আদিৰ কথা কোৱা চোন?
সংসাৰ বুলিব মই মোৰ পৰিবাৰ আৰু লৰাটো। দেউতাৰ কথা তুমি জানাই মা আজি তিনি বছৰ হল স্বৰ্গগামী হোৱা। তোমাৰ কোৱা
আৰু ঘৰৰ সকলোৰে ভাল নে কাবেৰী?
উম ভাল, মা দেউতা ঘৰত আছে ইয়াত মই অকলে থাকোঁ ।
অহ তোমাৰ বিয়া হোৱাই নাই নেকি?
না বিয়া হোৱা নাই।
কিয়!
এনেই।
পাতিব লাগে!
না নাপাতো!
কিয়!
বাদ দিয়া,, এতিয়া এই বোৰ থোৱা চাহ খোৱা।
কিছু সময় নীৰৱ হৈ পৰিল কোঠাটো দুটাই চাহ খোৱাত ব্যস্ত,, কোনেও একো কোৱা নাই,, চাহ পৰ্ব শেষ হোৱাৰ পাছত বাকী বহু কথাই পাতিলে মাজতে ৰঞ্জনে সুধিলে তোমাৰ ক্লাছ নাই নেকি তেতিয়াৰ পৰা ইয়াতে আছা।
নাই আজি প্ৰথম দুটাই আছিল শেষ হোৱাৰ পাছতে তুমি আহিলা।
অ হয় নেকি তেন্তে অলপ ৰুমৰ পৰা ওলাই জাও নেকি!
উম মই ভাবিছোঁ কথাটো তোমাৰ আমনি লাগিছে বুলি।সময় এতিয়া ও ২ঘণ্টা বাকী অৰ্পনৰ ক্লাছ শেষ হবলৈ। ব’লা অলপ ওলাই যাওঁ ।
ঠিক আছে কাবেৰী ব’লা তেন্তে।
সময় আবেলি শীতৰ সময়, সূৰ্য লাহে লাহে নামিবৰ ধৰিছে আৰু সিফালে এখোজ এখোজ কৈ আগুৱাই আহি আহি সেউজীয়া আৱৰা কাবেৰী স্কুল খনৰ ওচৰতে থকা সৰু নৈ খনৰ কাষ পালে হি, । শান্ত ভাবে বৈ থকা নৈ খনৰ আশে পাশে থকা সেউজীয়া মনোমোহা পৰিৱেশ টো দুয়ো তাকে আনন্দিত কৰি তুলিলে, কিমান বছৰৰ পাছত নিজৰ সহপাঠী জনৰ লগত এনেকুৱা এটা পৰিৱেশ উপভোগ কৰিছে ইটোৱে সিটোৰ লগত। তাতো কিছু কথা পাতিলে সিহঁতে সেই কলেজ লাইফ কথা বেছিকৈ ।বহু কথাই ওলাল তাৰে মাজতে কাবেৰীয়ে ৰঞ্জনক কৈছিল….
ৰঞ্জন মনত আছে এবাৰ কলেজ পৰা এনেকুৱা ঠাই এখন লৈ আমি গৈছিলো।
উম মনত আছে কাবেৰী ,
উম তাত তুমি মোক দুটা বৰ ধুনীয়া উপহাৰ দিয়াৰ লগতে কিছু প্ৰতিশ্ৰুতি দিছিলা সেয়া ও চাগে তোমাৰ মনত আছে, আজিও পূৰণ নহল জানা ৰঞ্জন বৰ আশাৰে ৰৈ আছিলোঁ কিন্তু সেয়া আজি আশা নহয় বিৰহৰ এজাক বতাহ। যিয়েই যেতিয়াই তেতিয়াই মোক উৰুৱাই নি বেদনাৰ সাগৰত পেলাই।
সিফালে একো ক’ব পৰা নাই ৰঞ্জনে ,কথা খিনি যে সঁচা। বৰ অপ্ৰস্তুত হৈ পাৰিলে সি উপায় হীন হৈ সি মাথোঁ তাইক কলে কাবেৰী সময় হ’ল বলা ঘূৰি যাওঁ আকৌ এদিন লগ হম এদিন।