প্ৰতিশ্ৰুতি – জয়ন্ত বৰপূজাৰী

প্ৰতিশ্ৰুতি

জয়ন্ত বৰপূজাৰী
গুৱাহাটী

চিপ চিপ বৰষুণজাকৰ
চন্দময়ী শব্দৰ ৰাগিত
নাঙলৰ সীৰলুত দোলা দিলে
জীৱনৰ কৃষ্ণচুড়াৰ গান ,
জাগৃত হল
আন্দোলিত পথাৰখনত
ভৱিষ্যতৰ কঠোৰ আকাশখন ৷
বানে বলাৎকাৰ কৰা
সেউজ উপত্যকাত
বাট হেৰুওৱা সপোনবোৰে
ভৰ কৰিলেহি ৷
প্ৰতিশ্ৰুতিৰ সপোনে ভৰা
সৃষ্টিৰ আতুৰতাত
সোনগুটিৰ সপোন ৰচিবলৈ
বুকুৰ আশাবোৰ ফুলি উঠিল
শাওণৰ ব্যস্ততাত ৷