প্ৰতিশোধ  – লখিমী শৰ্মা

Pc Adobe Stock
প্ৰতিশোধ   
নাভাবিবা কোনোবাই
   তোমাক  প্ৰতিশোধ লোৱা বুলি ,
তলে তলে যে
   ইকাণ – সিকাণকৈ
বদনাম গাইছে বহুজনে ,
সেই কথা লক্ষ্য
কৰা মাথোঁ তুমি
আঁতৰি আহা
সেই স্থানৰ পৰা
যি স্থানত তোমাৰ
মূল্যয়ে  নাই ,
প্ৰয়াস নকৰিবা কাহানিও
সেইসকলক প্ৰতিশোধ
ল’ম বুলি সংগোপনে
মাথোঁ নিজৰ
কৰ্তব্যত এক্ৰান্ত হোৱা
নিজকে প্ৰস্তুত কৰা
আনতকৈ কম নহয় বুলি ,
আৰু দেখুওৱাই দিয়া
তুমিও যেন
কম নহয় বুলি  ।।।।
 লখিমী শৰ্মা
 যোৰহাট