প্ৰতিশোধ – আয়নাল হক

Pc Fine Art America
প্ৰতিশোধ
আয়নাল হক , ধুবুৰী 
হাৰিব পাৰে জীৱন-যুদ্ধত,
শিৰনত হ’ব পাৰে
কাৰোবাৰ প্ৰাবল্যৰ ওচৰত,
হিংসাৰ বলি হ’ব পাৰে
কাৰোবাৰ কু-দৃষ্টিত,
সেইবুলি পৰিব নেকি ভাগি ?
সাহসী হ’বলৈ শিকক
দুৰ্বলতা ত্যাগ কৰি,
কথা ক’বলৈ আৰম্ভ কৰক
উচ্চ শিৰে মূৰ তুলি,
কিন্তু ভুলতেও মনত
শিপাবলৈ নিদিব প্ৰতিশোধৰ দাবাগ্নি ।
ভুল সংশোধন কৰক
মনোবল অটুট ৰাখি,
আগবাঢ়ক জীৱন বাটত
প্ৰতি-হিংসাৰে মন কলুষিত নকৰি।
সুন্দৰতাৰে ফুলাওক
জীৱনৰ সাফল্যৰ হাঁহি…।