প্ৰতিশোধৰ অগ্নিশিখা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
এক বিকট শব্দ কৰি ট্ৰেইনখনে আকৌ যাত্ৰা আৰম্ভ কৰিলে। ব্যস্ততাৰে ভৰপূৰ ষ্টেচনখনত মানুহবোৰৰ নেৰা-নেপেৰা সোঁত ববলৈ ধৰিলে। কিছুমানে দৌৰি আহি ট্ৰেইনৰ ভিতৰত সোমাইছে, আন কিছুমানে বিদায়ৰ চকুলো মোহাৰি নিজৰ গন্তব্যলৈ আগবাঢ়ি গৈছে।
এই গোটেই ব্যস্ততা খিনিক চাই থকা নীলিমা যেন ব্যস্ততাহীন অভাগা প্ৰাণী। যেন তাই এই পৃথিৱীৰ পৰা বিছিন্ন। তাইক বিদায় জনাবলৈ কোনো নাই। সুধিবলৈও কোনো নাই—তাই ক’লৈ গৈ আছে? কিয় গৈছে? জীৱনৰ গাত পিন্ধা এই একাকীত্বৰ চাদৰটো তাইৰ বাবে নতুন নহয়, বহু পুৰণি। এই একাকী জীৱনযুদ্ধ তাই যুঁজি আছে অকলশৰে সাহস, বুদ্ধি , একাগ্ৰতা ,নিষ্ঠা আৰু অলেখ ধৰ্য্যৰে । এজনী আদৰ্শ কন্যা, এজনী আদৰ্শ ভনী নীলিমা— যাৰ জীৱন এসময়ত সুখৰ ৰঙেৰে ৰঙীণ আছিল।
এনে নহয় যে তাই সদায় অকলশৰীয়া আছিল। নহয়, তাইৰো হাঁহি -ফুৰ্তিৰে পৰিপূৰ্ণ এটি সুখৰ পৰিয়াল আছিল। দেউতাকক সৰুতেই হেৰুওৱা নীলিমাই মাক আৰু ককায়েক ভাৰ্গৱৰ সৈতে খুব সুখেৰে দিন কটাইছিল। তেওঁলোকেই আছিল তাইৰ পৃথিৱী স্বৰূপ। তাইৰ মাতৃ আছিল এগৰাকী শিক্ষয়িত্ৰী—শৃংখলাবদ্ধ, আদৰ্শ আৰু মমতাৰে ভৰা। তেঁওলোকৰ গৃহৰ হাঁহি- ফুৰ্তিত ফুলনিখনো যেন আনন্দত নাচি উঠিছিল।
কিন্তু সুখ দীৰ্ঘস্থায়ী নোহোৱাটোৱেই যেন কঠোৰ বাস্তৱ সত্য হৈ পৰে নীলিমাৰ জীৱনত। তাইৰ এই সৰু পৃথিৱীখনকো এদিন ক’লা ডাঁৱৰ এচটাই আহি আৱৰি ধৰিছিল।
সেইদিনা পূৰ্ণিমাৰ পোহৰে নীলিমাৰ চোতালখন আলোকিত কৰি তুলিছিল। তাই খিৰিকীখন খুলি পঢ়া কিতাপখন মেলিয়েই জোনবাইটিৰ লগত গভীৰ আলোচনাত লিপ্ত হৈছিল যেন। অন্যহাতে তাইৰ মাকজনীয়ে এবাৰ বাহিৰলৈ ওলাই গৈছিল আকৌ ভিতৰলৈ সোমাই আহিছিল।
ইয়াৰ একমাত্ৰ কাৰণ —তেখেতৰ পুত্ৰ ভাৰ্গৱ ঘৰলৈ উভতা নাছিল। ৰাতি ন বাজি পাৰ হৈ দহ বাজি আহিছিল, এসময়ত ঘড়ীৰ কাটাই বাৰৰ দিশে অৱস্থিত হৈছিল। কিন্তু সি ঘৰলৈ অহা নাছিল। ইয়াৰ আগলৈকে কেতিয়াও এনে ঘটনাৰ সন্মুখীন নোহোৱা ভাৰ্গৱৰ পৰিয়ালটি অত্যন্ত চিন্তিত হৈ পৰিছিল। আগে পিছে সি আঠ বজাৰ আগতেই ঘৰলৈ উভতিছিল । ভাৰ্গৱ — যথেষ্ট দায়িত্বৱান যুৱক, মাক আৰু ভনীয়েকৰ সকলো দায়িত্ব কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ উপৰিও সমাজৰ হকেও কাম কৰিছিল। অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো যেন তাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল।
মাকে ভাৰ্গৱৰ নম্বৰটো লগাবলৈ কৰা সকলো চেষ্টা বিফল হোৱাত তেখেতৰ চিন্তা বৃদ্ধি পাবলৈ লৈছিল। Switch off দেখুৱাইছিল নম্বৰটো। তেখেতৰ বুকুখন এক অজানা ভয়ত কপি উঠিছিল। মাতৃৰ হৃদয়ে সদায় সন্তানৰ অনাগত বিপদৰ উমান পায়।
” মোৰ ল’ ৰাটো ঠিকে আছেনে? তাৰ কিবা বিপদ হোৱা নাই তো ? ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মাতৃ গৰাকী লেবেজান হৈ পৰিল।
: মা, তই ইমান কিয় চিন্তা কৰি আছ’ , ? দাদা আহি যাব। সি সৰু ল’ৰা নহয় তো ?
মাকক বুজনি দিলে কি হ’ব , তাইৰো যে চিন্তা হোৱা নাই তেনে নহয়। তাই জানে, তাইৰ দাদা জন এনেকুৱা নহয়। মাক- জীয়েক দুয়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল যাতে তেঁওলোকৰ প্ৰাণৰ টুকুৰাটোক কোনো বিপদে চুব নোৱাৰে, সুস্থ শৰীৰে নিজ ঘৰলৈ উভতি আহে। কিন্তু নিয়তিয়ে তেওঁলোকৰ সকলো আশাত চেঁচা পানী ঢালি দিছিল । ঘৰৰ সন্তান ঘৰলৈ উভতিল হয় —কিন্তু বগা চাদৰত আৱৃত হৈ হে। পাঁচটা পাষণ্ডৰ নিৰ্মম অত্যাচাৰে নীলিমাৰ ডেকা ককায়েকৰ প্ৰাণ কাঢ়ি নিছিল। তাৰ অপৰাধ এইটোৱেই আছিল যে সি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। সেইয়াই তাৰ কাল হ’ল। যাৰ মূল্য আছিল তাৰ” জীৱন” ।
পুত্ৰৰ এই অকাল মৃত্যুক মাকে সহ্য কৰিব নোৱাৰিছিল। তেখেত প্ৰায়েই বেমাৰত ভুগিবলৈ ধৰিছিল। তেখেতৰ মন মগজুয়ে কাৰ্য্য কৰিবলৈ বন্ধ কৰা হ’ ল আৰু দুবছৰ পিছতেই তেখেতে নীলিমাক এইখন পৃথিৱীত অকলশৰীয়াকৈ এৰি গুচি যায় কেতিয়াও উভতি নহা বাটেৰে।
পাঁচটা বছৰ বহু ধৰ্য্য , সাহস আৰু কঠোৰ অধ্যাৱসান বুকুত সামৰি নীলিমাই নিজকে মজবুত কৰি এক নীৰৱ যুদ্ধলৈ বুলি সাজু কৰি তুলিছে। তাইৰ সুখী পৰিয়ালটিক ধ্বংস কৰা সেই অসুৰকেইটাক শাস্তি নিদি এৰি দিয়ে কেনেকৈ,,,?
তাই শাস্তি দিব সিহঁতক,,,, প্ৰাণতকৈ প্ৰিয় ককায়েকৰ জীৱন কাঢ়ি লোৱাৰ শাস্তি দিব, মৃত্যু যন্ত্ৰণাত যিদৰে সি ককবকাই আছিল ঠিক তেনেদৰে তেঁওলোকেও চিঞৰিব।
পুত্ৰহাৰা মাতৃৰ কষ্ট কিমান বেছি হয় তাৰ নীৰৱ সাক্ষী স্বৰূপ নীলিমাৰ চকুৰে অগ্নি শিখা জ্বলিছে। ইমান সহজতেই এৰি দিয়ে কেনেকৈ সিহঁতক,,,,,,,,,? সিহঁতক নিজ হাতেৰে শাস্তি দিব তাই, আইনৰ ওপৰৰ পৰা বিশ্বাস উঠি গৈছে তাইৰ। এইবাৰ আইন নিজে হাতত তুলি লোৱাৰ সংকল্প ল’লে নীলিমাই।
গন্ত্যব্য স্থানলৈ গৈ তাই প্ৰথমে নিজৰ পোছাক যোৰ সলাই ল’লে। সাধাৰণ ছোৱালীৰ সাঁজ এৰি তাই নিজকে মডাৰ্ণ শ্লিভলেছ বডিকণ ড্ৰেছত আৱিষ্কাৰ কৰিলে। ওঁঠত গাঢ় লিপষ্টিক, মুখত মেকআপৰে সৈতে তাই নিজকে আধুনিক ৰূপত সজাই তুলিলে। যিকোনো মানুৰ চকুত পৰাকৈ তাই নিজকে আকৰ্ষণীয় কৰি ল’লে। এইয়াই যথেষ্ট সেই পাপী অসুৰবোৰক নিজৰ জালত আৱদ্ধ কৰিবলৈ।
তাৰ পাছত পূৰ্ব- পৰিকল্পনা অনুসৰি তাই পঞ্চমটো চিকাৰৰ অপেক্ষাত থাকিল । এটা এটাকৈ চাৰিটাকৈ চিকাৰক তাই নিজ হাতেৰে শাস্তি বিহিলে আইনৰ চকুত ধূলি দি। আজিৰ এই চিকাৰৰ পাছতেই তাইৰ প্ৰতিশোধ সম্পূৰ্ণ হ’ ব। সেইমতে তাই সকলোবোৰ সাজু কৰি ৰাখিলে।
আজি তাই কোনো পধ্যেই ধৰা পৰিলে নহ’ ব। নহ’লে তাইৰ প্ৰতিশোধ অসম্পূৰ্ণ হৈ ৰ’ব। আজিৰ চিকাৰ সম্পূৰ্ণ হ’লেই তাই নিজেই গৈ পুলিছৰ আগত ধৰা দি সকলো অপৰাধ স্বীকাৰ কৰিব।
ফেচবুকযোগে পৰিচিত হোৱা চিকাৰজন আহি দুৱাৰ মুখত উপস্থিত হয়। মানু জনক তাই পৰিকল্পনা কৰিয়েই প্ৰেমৰ জালত পেলাইছিল। পৰিকল্পনা অনুসৰি আজি তাই মানুহ জনক এক নিৰিবিলি ঠাইত লগ কৰিবলৈ মাতি পঠিয়াইছে। নিজৰ লোভ সামৰিব নোৱাৰি অতি সহজতেই মানুহ জনে নীলিমাৰ জালত ভৰি দিয়ে।
পৰিকল্পনা মতেই কাম। মূহুৰ্ততেই মজিয়া খন তেজেৰে ৰাঙলী হৈ পৰিল। নীলিমাই তাইৰ মনৰ অত বছৰৰ সকলো ক্ষোভ, বিষ আৰু চকুৰ অগ্নিখিনিক মানু্হজনৰ শৰীৰত চুৰিৰ সহায়ত নিক্ষেপ কৰিলে। তেওঁৰ শৰীৰ ক্ষত- বিক্ষত হৈ পৰে ।
প্ৰাণ খুলি চিঞৰি চিঞৰি হাঁহি -হাঁহি তাই মজিয়াত বহি পৰিল। আজি তাইৰ প্ৰতিশোধ সম্পূৰ্ণ হ’ল। তাইৰ সুখৰ সংসাৰখন ছিন্ন- বিছিন্ন কৰা মানু্হ কেইটাৰ জীৱন নাশ কৰি আজি তাইৰ কলিজা ঠাণ্ডা পৰিছে। পুলিচ আহিল। তাইক দোষী সাব্যস্ত কৰিলে। আৰু আইন অনুসৰি তাইক কাৰাদণ্ড বিহা হয়।
কিছুমান মানুহৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি এক সুন্দৰ সুখী পৰিয়াল ধ্বংস হৈ গ’ল। শব্দৰ অন্তৰালত বাজে একেই প্ৰশ্ন— সঁচাকৈয়ে নীলিমাই অন্যায় কৰিলে নে ? যি আইনে আজি তাইক শাস্তি বিহিলে ক’ত আছিল সেই আইন যেতিয়া তাইৰ ককায়েকৰ মৰাশ টো চোতালত পৰি আছিল? যেতিয়া তাই ককায়েকক ন্যায় দিয়াবলৈ আইনৰ দুৱাৰত পুৱা- গধূলি দৌৰিছিল? গধূৰ ফালে সদায় তৰ্জু তল পৰে। পাতল ফালে ওপৰলৈ দাং খাই উঠে। তেনে পৰিস্থিতিৰ মুখামুখী হোৱা নীলিমাই কিন্তু নিজৰ অপৰাধৰ বাবে অলপ মানো আক্ষেপ কৰা নাই। বৰঞ্চ তাই মনৰ পৰা শান্তি লভিছে। আজি তাই আনন্দ মনেৰে চিতাত উঠিবলৈও সাজু।