‘প্ৰতিভা অন্বেষণ ছ’চাইটি’ৰ উদ্যোগত ফটাশিলৰ চেগুণবাৰীত যোগ প্ৰশিক্ষণ

PC - BookYogaRetreats

‘প্ৰতিভা অন্বেষণ ছ’চাইটি’ৰ উদ্যোগত ফটাশিলৰ চেগুণবাৰীত যোগ প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা- শাৰীৰিক, মানসিক, আৱেগিক, বৌদ্ধিক আৰু আধ্যাত্মিক দিশত উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ‘প্ৰতিভা অন্বেষণ ছ’চাইটি’ৰ উদ্যোগত আজি ফটাশিল আমবাৰীৰ চেগুণবাৰীত এদিনীয়া যোগ প্ৰশিক্ষণৰ আয়োজন কৰা হয়৷ চেগুণবাৰীৰ নিবাসী বিশিষ্ট সমাজকৰ্মী সূৰ্য কলিতাৰ ব্যৱস্থাপনাত পুৱা ৫-৩০ বজাৰ পৰা ৬-৩০ বজালৈ বিহুতলী মঞ্চত ‘যোগ মাহ’ৰ শুভাৰম্ভ কৰা হয়৷ স্থানীয় পুৰুষ, মহিলা, শিশু আদি কেইবাগৰাকীও এই যোগ প্ৰশিক্ষণত যোগদান কৰে৷ উল্লেখযোগ্য যে আজিৰ পৰা ‘যোগ মাহ’ উপলক্ষে ‘প্ৰতিভা অন্বেষণ ছ’চাইটিৰ উদ্যোগত বিভিন্ন স্থানত এদিনীয়া যোগ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷