প্ৰতিবিম্ব জীৱনৰ
“জীৱন “
মেঘ আৰু সুৰুযৰ মায়াময় সমন্বয়ৰ
এক বিচ্ছুৰিত ৰামধেনু,
সাতোৰঙী,আকাশচুম্বী কিন্তু ক্ষণস্থায়ী।
‘ জীৱন’ উপলব্ধিৰ এক প্রায়োগিক মঞ্চ,
য’ত সম্ভাৱনাৰ অভ্যুদয়ৰ সাধনাত সমর্পিত
সংকল্পিত আত্মপ্রত্যয়।
সফলতাৰ সাৰ্থক প্রতিধ্বনি কিম্বা
কম্পিত জলৰাশিত অস্থিৰ স্বপ্ৰতিবিম্ব।
“আশা”
জীৱনৰ এক সংবেদনশীল পৰিচ্ছন্ন
সগর্ভা অনুভুতি,
পূৰ্ণতা প্ৰাপ্তিৰ ইচ্ছা চেতনাৰে উদ্বুদ্ধ
অথচ অন্তহীন অপেক্ষাৰে ক্লান্ত।
এক আয়োজিত পয়োধৰা জোনাক!
“হতাশা “
মৃতপ্ৰায় সম্ভাৱনাৰ শিতানত সাৰে
থকা এক মুক চৈতন্য,
ৰূদ্ধ কোঠালীৰ কাতৰ আলাপ,
– দৃষ্টিত শূন্যৰ সমদল ।
‘হতাশা’ মন গহনত পালিত এক
নির্বোধ সন্তান,
সর্বগ্রাসী অথচ আত্মজ ।
“মৃত্যু”
মৃত্যু এক দুর্দান্ত কিন্তু বিশ্বস্ত সিদ্ধান্ত,
জীৱনে অগোচৰে লৈ ফুৰা আজন্ম সহচৰ ।
বৰ্ণিল বিশালতাৰ এক কঠোৰ,
সংক্ষিপ্ত অথচ সম্ভ্ৰান্ত সামৰণিয়েই মৃত্যু।
মৃত্যু দেহ – বিদেহৰ দ্বন্দৰ এক
তাত্বিক ঈশ্বৰীয় প্ৰকাশ,
অন্তক অনন্তৰে সংযোজিত কৰা
এক প্ৰোজ্বল দৈৱীক সম্ভাৱনা ।
জয়ন্ত শর্মা