প্ৰতিবাদী মল্লযুঁজাৰুক পূৰ্ণাংগ সমর্থন কৃষক সংগঠন আৰু খাপ পঞ্চায়তৰ

Pc Times of India

প্ৰতিবাদী মল্লযুঁজাৰুক পূৰ্ণাংগ সমর্থন কৃষক সংগঠন আৰু খাপ পঞ্চায়তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবাদী মল্লযুঁজাৰুক পূৰ্ণাংগ সমর্থন কৃষক সংগঠন আৰু খাপ পঞ্চায়তৰ। ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউএফআই)ৰ মুৰব্বী বিজেপি সাংসদ ব্রীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি ন্যায় বিচাৰি যন্ত্ৰৰ মন্তৰত প্ৰতিবাদ কৰা দেশৰ গৌৰৱ অলিম্পিক-বিশ্ব প্রতিযোগিতাত পদক বিজয়ী মল্লযুঁজাৰুক দিল্লী আৰক্ষীয়ে নিগ্ৰহ কৰাৰ পিছতেই আন্তর্জাতিক পর্যায়ত এই প্ৰতিবাদ চৰ্চিত হৈছে। যন্ত্ৰৰ মন্তৰত কৃষক নেতা ৰাকেশ টিকাইটৰ নেতৃত্বত সহস্রাধিক কৃষকে প্রতিবাদী মল্লযুঁজাৰুক সমর্থন জনোৱাৰ পিছত এইবাৰ দুদিন ধৰি খাপ পঞ্চায়ত অনুষ্ঠিত কৰি কৃষক সংগঠনে মল্লযুঁজাৰুৰ ন্যায়ৰ যুঁজত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনীয়া, সাক্ষী মালিক আৰু কমনৱেলথ্ পদক বিজয়ী ভিনেশ ভগতসহ মল্লযুঁজাৰুৰ প্ৰতিবাদত পূর্ণ সমর্থন জনাই কৃষক সংগঠন আৰু খাপ পঞ্চায়তে অহা ৯ জুনৰ ভিতৰত ডব্লিউএফআইৰ মুৰব্বী, বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰৰ অস্তিম সময়সীমা বান্ধি দিয়ে। যদি ৯ জুনৰ ভিতৰত ডব্লিউএফআইৰ মুৰব্বী সিঙক কেন্দ্ৰীয় চৰকাৰে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ’লে উক্ত দিনাই প্রতিবাদী মল্লযুঁজাৰুৰ সৈতে যন্ত্ৰৰ মন্তৰ  দখল কৰিব কৃষক সংগঠনে।