প্ৰতিটো দিনেই এক কাহিনী – চিমী বৰুৱা

Pc Unsplash

প্ৰতিটো দিনেই এক কাহিনী

চিমী বৰুৱা , মৰিগাঁও চৰাইবাঁহী 

প্ৰতিটো দিনেই এক নতুন আৰম্ভণি, হাঁহিৰে ভৰা এক নতুন কাহিনী— এই বাক্যটো নন্দিনীৰ ডায়েৰীৰ প্ৰথম পৃষ্ঠাত টুকুৰা টুকুৰাকৈ লিখা আছিল। তাই প্রতিদিনৰ দৰে আজি ৰাতিপুৱা আকৌ দোৱাৰখন অতি সাৱধানে খুলিলে। ঘৰৰ বাহিৰত পোহৰৰ ফাঁকেৰে নতুন দিনটো প্ৰতিজ্ঞাৰ দৰে ওলমে ।
কলেজৰ শেষ বছৰত কম্পিউটাৰ ক্লাছলৈ যাওঁতে মনত সদায় এক জাতীয় চিন্তা আছিল—“আজি কি নতুন হ’ব?”
কিন্তু তাৰে আচল পৰিবর্তনটো আহিল এগৰাকী সৰু ছোৱালী, বিটুৰ সৈতে।
এদিন ৰাস্তাৰ কাষত পথ হেৰুৱাই যোৱা বিটু কান্দি থকা দেখিলে । নন্দিনীয়ে হাতত লৈ সুধিলে,
—“কি হৈছে ?
সৰু হাতৰে চকু দুটি মোচি ক’লে,
—“মই পথ হেৰুৱাইছো বা ।

সেইদিনাই নন্দিনীৰ কাহিনীটো নতুন দিশ ল’বলৈ ধৰিলে। তাই বিটুলৈ পথ দেখুওঁতে অনুভৱ কৰিলে—প্ৰতিটো দিনেই নতুন মানুহ, নতুন অনুভৱ আৰু নতুন সপোনেৰে গঠিত এটা কাহিনী। বিটুৰ চকুত ভৰসাৰ উজ্জ্বলতা দেখাৰ পিছত নন্দিনীৰ মন আনন্দৰে ভৰি পৰিল ।

পাছত সেই সৰু ছোৱালী — নাম বিটু — কিছুদিন ধৰি দেখা পালে। দুয়ো কথা পাতিবলৈ ধৰিলে, হাঁহিৰে ভাগ-বতৰা কৰিলে। বিটুৱে নন্দিনীক “বা” বুলি মাতিবলৈ ধৰিলে। নন্দিনীৰ মনত সুখৰ এটা অনুভৱ উঠিল — আন এজন লোকক সহায় কৰাৰ আনন্দ। তাই অনুভৱ কৰিলে, প্ৰতিটো দিন নতুন মানুহ, নতুন ঘটনা আৰু নতুন হাঁহিৰে ভৰা কাহিনী লৈ আহে।

এনে সৰু সৰু দিনবোৰে মিলি নন্দিনীৰ জীৱন পৰিপূৰ্ণ কৰিলে। ডায়েৰীৰ নতুন পৃষ্ঠাবোৰ ভৰ্তি হ’ল — নতুন কথা, নতুন গল্প, নতুন আশা। নন্দিনীৰ বাবে প্ৰতিটো পুৱা মানে এটা নতুন আৰম্ভণি — হাঁহি আৰু ভালপোৱাৰ সৈতে এটা নতুন কাহিনী আৰম্ভ হয় ।