প্ৰতিজ্ঞা-হিয়া দাস

Pc Pixabay

 প্ৰতিজ্ঞা

: মই জীয়াই থকাৰ, সুখী হোৱাৰ অধিকাৰ আছে । আৰু ইয়াৰ পৰা মোক কোনেও বঞ্চিত কৰিব নোৱাৰে ।
কেইমুহূৰ্তমান ৰৈ পুনৰ ক’লে অঞ্জনাভে—

: মই কাৰোবাৰ ভুলৰ চিকাৰ হৈ সমস্ত জীৱনটো অথলে যাবলৈ দিব নোৱাৰোঁ । যি কৈছোঁ তাকে কৰা । মোক যদি ভালেই পোৱা , মোক সুখী দেখিবলৈ বিচৰা তেন্তে মোৰ ইচ্ছাক সন্মান দিবলৈ শিকা । ভয় কৰিব নালাগে, বিনিময়ত বিচৰাতকৈও অধিক পাবা ।
প্ৰদীপ্তাই বিস্ফাৰিত নেত্ৰে অঞ্জনাভৰ মুখলৈ চালে । ক্ৰোধত জ্বলি উঠিছে মানুহজন । পুনৰ একেখিনি কথাকে দোহাৰিছে । আজি আকৌ এখোপ ওপৰলৈ উঠি প্ৰলোভনৰো জাল পেলাইছে ! ক’ৰ্টত কথা পাতিছে অঞ্জনাভে । বাৰে বাৰে বুজাইছে, যুঁজখন দীঘলীয়া নকৰি মিউছুৱেল আণ্ডাৰষ্টেণ্ডিংৰ মাজেৰে গ’লেই সকলো সমস্যাৰ অন্ত ।
কথাটো ভাবিছে প্ৰদীপ্তাই । আত্মসন্মানক বিসৰ্জন দি তায়ো কাৰোবাৰ জীৱন দখল কৰি নাথাকে । গুচি যাব ইয়াৰ পৰা । অঞ্জনাভ ৰাগৰ জীৱনৰ পৰা ।

সিহঁতৰ বিয়াৰ পিছতেই অঞ্জনাভৰ জীৱনলৈ আহিছিল অণুভা । অণুভা প্ৰীতম । কম সময়তে দুয়োৰে মাজত গঢ়ি উঠিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক । জীৱনত প্ৰথমবাৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল অঞ্জনাভ ৰাগ ।
প্ৰদীপ্তাক নিজৰ অমতত বিয়া কৰাইছিল সি । কাৰণ দেউতাকে অন্তিম সময়ত তাৰ সুখৰ সংসাৰখন চাই যাব খুজিছিল ।
নিৰ্দিষ্ট সময়ত অন্তৰৰ আহ্বান অবিহনেই শৰীৰৰ দাবী পূৰণ কৰিছিল অঞ্জনাভে প্ৰদীপ্তাৰ সৈতে । তাৰ বাদে ঘৰৰ বাকী সামগ্ৰীৰ দৰেই আছিল অঞ্জনাভৰ অভিজাত জীৱনত প্ৰদীপ্তাৰ অস্তিত্ব । কিন্তু অণুভা জীৱনলৈ অহাৰ পিছতে সেয়াও শেষ ।
তাৰ এবছৰ পিছত পাৰস্পাৰিক বুজাবুজিৰে সিহঁত পৃথক হৈছিল । তাৰপিছত সাহিত্য আৰু শিক্ষকতাৰ বিস্তৃত ক্ষেত্ৰখনত ব্যস্ত হৈছিল প্ৰদীপ্তা বৰঠাকুৰ । সংসাৰ আৰু ব্যৱসায়ত ব্যস্ত হৈছিল অঞ্জনাভ ৰাগ ।
: সমীৰণৰ দৰে জীৱনসংগী এজন পোৱাটো বৰ সৌভাগ্যৰ কথা । তাতে তোমাৰ দৰে বিবাহ বিচ্ছেদিত ছোৱালী এজনীক সি স্ব-ইচ্ছাৰে আঁকোৱালি ল’বলৈ আগবাঢ়িছে যেতিয়া—- শাহুৱেকৰ মাতত বাস্তৱলৈ উভতি আহিল প্ৰদীপ্তা ।

: ক্ষমা বিচাৰিছোঁ মা । মই আৰু কাৰো সৈতে বান্ধ খাব নিবিচাৰোঁ । এনেকৈয়ে থাকিবলৈ দিয়ক মোক । নিজে গঢ়ি লোৱা পৃথিৱীখনত । মই আৰু অন্য ধৰণে সুখী হ’ব নিবিচাৰোঁ মা ।

:তোমাৰ বুকুত এইকুৰা জুই দি মই মৰাৰ পিছতো শান্তি নাপাম । সি যি কৰিলে, বহুত কষ্ট পালোঁ । দেউতাকেও চাগে স্বৰ্গত ছটফটাইছে । সমীৰণ বেয়া ল’ৰা নহয় অ’ আই । তাতে সি মোৰ বাইদেউ ল’ৰা । জন্মৰে পৰা পাইছোঁ তাক ।

: সমীৰণক মই জানো । কথাও পাতোঁ । বহু কথাই ভগাও দুয়ো দুয়োৰে লগত । মই তেওঁক শ্ৰদ্ধা কৰোঁ, সমীহ কৰোঁ । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই তেওঁক সম্পূৰ্ণ নিজৰ কৰি পাবলৈ বিচাৰোঁ । বন্ধুত্বৰ বাদে এই সম্পৰ্কৰ উত্তৰণ ঘটাব নিবিচাৰোঁ মা ।
শাহুৱেক বহু সময় থৰ লাগি প্ৰদীপ্তাৰ মুখলৈ চাই ৰ’ল । তাৰপিছত দৃষ্টি নমাই আনিলে । চকুযোৰ পানীৰে চপচপীয়া হৈ উঠিছিল তেওঁৰ, ৰুমালেৰে মোহাৰি উদাস কন্ঠেৰে ক’লে—

: ঈশ্বৰৰ মহিমা বুজা বৰ টান আই । তোমাক জীয়ৰী কৰি মোৰ কোলাত নিদি কুলাংগাৰটোক দিলে !

: সকলোবোৰ ঈশ্বৰৰ ইচ্ছা মা । তেতিয়া বিয়াৰ বাবে ময়ো সাজু হোৱা নাছিলোঁ । জোৰকৈয়ে সেই সম্পৰ্কত বন্দী কৰা হৈছিল । তথাপিও এগৰাকী আদৰ্শ পত্নী, আদৰ্শ বোৱাৰী হোৱাৰ চেষ্টা কৰিছিলোঁ । কিন্তু….
আপোনাক মোৰ মাৰ আসনত সদায়েই ৰাখিম । শাহুমা বুলি তেতিয়াও ভবা নাছিলোঁ । নাভাবোঁ ।
মানুহজনীয়ে প্ৰদীপ্তাক সাৱটি কান্দি কান্দি গুচি গৈছিল । সেইদিনাৰ পিছত আৰু অহা নাছিল তাইৰ ওচৰলৈ ।
দুবছৰ পিছত এদিন সমীৰণে কৈছিল কথাটো । শুনি মুক হৈ পৰিছিল প্ৰদীপ্তা । দেৱীস্বৰূপা মানুহগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছিল তাই ।

সাহিত্য জগতত নিজৰ অতুলনীয় অৱদান আগবঢ়াই অহা প্ৰদীপ্তা বৰঠাকুৰে বিশেষভাৱে সক্ষম এগৰাকী অসাধাৰণ মহিলাৰ জীয়া কাহিনীৰে লিখা উপন্যাস—
‘জয়জনমী’ৰ বাবে এইবছৰ অসম চৰকাৰে সন্মানো দিছিল । এয়া মাত্ৰ আৰম্ভণি । আৰু বহুদূৰ আগুৱাবলৈ বাকী তাইৰ । জীৱনে দিয়া প্ৰতিটো সুযোগ গ্ৰহণ কৰিবলৈ সাজু হৈছে তাই । জয় পৰাজয়, গ্লানি, অপমান, যাতনাৰ ক্লেদাক্ত বাট পাৰ হৈ নিজ লক্ষ্যৰ অভিমুখে ধাৱমান হৈছে তাই । নিজ শক্তি আৰু সামৰ্থ্যৰে । সততাৰে । ন্যায়নিষ্ঠতাৰে ।
আজি দেওবাৰ । কামৰ খৰখেদা নাছিল । পাৰ্ট টাইম বনকৰা তিৰোতাজনীয়ে যাৱতীয় কামবোৰ কৰি দুপৰীয়া আৰু নিশাৰ সাঁজ ৰান্ধি থৈ গৈছিল । প্ৰতিদিনৰ দৰেই । প্ৰদীপ্তাই দেৰীকৈ উঠি গা পা ধুই ব্ৰেকফাষ্ট খাই ষ্টাডি ৰুমলৈ আহিল । শেহতীয়াকৈ লিখি সমাপ্ত কৰা গল্পটোৰ কাৰেকশ্যন কৰিব লাগিব । আজি কামখিনি সম্পূৰ্ণ কৰি ‘গৰীয়সী’লৈ পঠিয়াই দিব লাগিব ।
হঠাৎ কৰ্কশ মাতেৰে কলিং বেলটো বাজি উঠিল !
বিৰক্ত হ’ল প্ৰদীপ্তা । এই অসময়ত খবৰ নিদিয়াকৈ কোন আহিল ? সাধাৰণতে প্ৰদীপ্তাক আগতীয়াকৈ জনাইহে আহে, আহিবলগীয়া জনে । তেতিয়া দিনৰ এক বাজিছিল ।
: ভিতৰত সোমাব পাৰোঁনে ?

কাণিদুৱৰীয়াকৈ মেলা দুৱাৰখনত ধৰি আশ্চৰ্য, বিস্ময়ত স্তব্ধ হৈ বহুসময় নিৰ্বাক হৈ থিয় হৈ থাকিল প্ৰদীপ্তা । দুৱাৰৰ বাহিৰত–

অঞ্জনাভ ৰাগ ! সুৰ্দীঘ বাৰ বছৰৰ পিছত অনাকাংক্ষিত আৰু অকল্পনীয়ভাৱে অঞ্জনাভ ৰাগৰ এই আগমন ।

তাই ভিতৰলৈ সোমাই আহিল । পিছে পিছে অঞ্জনাভ । ছোফা এখনত বহিল । প্ৰদীপ্তা পাকঘৰলৈ গ’ল । বহাৰ পৰাই ঘৰটোৰ চাৰিওফালে চকু ফুৰাই তবধ মানিলে অঞ্জনাভে । ড্ৰয়িং ৰূম , দুটা বেডৰুম, এটা ষ্টাডি ৰুম , পাকঘৰক বাদ দি বাকী চাৰিওটা ৰুমেই কিতাপেৰে ঠাহ খাই আছে ! এটা প্ৰকাণ্ড আলমাৰীত প্ৰদীপ্তা বৰঠাকুৰৰ বিভিন্ন পুৰস্কাৰ— মানপত্ৰ, জাপি, স্মাৰক, গামোচা, মেডেলেৰে উপচি আছে ! ৱালত ওলমি আছে ফটোবোৰ । অসমৰ বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য লোকসকলৰ লগত তোলা ফটো ! গৌৰৱমণ্ডিত মুহূৰ্তবোৰ খুব সুন্দৰকৈ ফ্ৰেমত আৱদ্ধ কৰা হৈছে !
উচ্চতৰ মৰ্যদাপূৰ্ণ জীৱনৰ গৰাকী প্ৰদীপ্তা বৰঠাকুৰৰ সমুখত আজি নিজকে ধুলিকণা এটি যেন অনুভৱ হ’ল অঞ্জনাভৰ । তাৰ আভিজাত্যৰ অযথা অহংকাৰ প্ৰদীপ্তাৰ এই প্ৰাচুৰ্য , গ্লেমাৰৰ আগত নিমিষতে খহি পৰিছে ! আৰু অণুভা…? সঁচাকৈয়ে প্ৰদীপ্তাৰ কৰ্মময় জীৱনৰ ঔজ্জ্বলতাত ঐশ্বৰ্যপালিত অণুভাক অতি নিঃস্ব , মলিন আৰু নিষ্প্ৰভ যেন লাগিল ।

: লওক । উচাপ খাই উঠিল অঞ্জনাভ । প্ৰদীপ্তাই ট্ৰে’খন টেবুলত থ’লে । এগিলাচ আনাৰসৰ চৰবত আৰু এক প্লেট বিভিন্ন ড্ৰাই ফ্ৰুইট ।
অঞ্জনাভৰ সমুখৰ ছোফা এখনত বহিল প্ৰদীপ্তা । তাই অঞ্জনাভৰ চকুলৈ চাই পোনপটীয়াকৈ সুধিলে ।

: মোৰ ওচৰলৈ অহাৰ কোনো বিশেষ কাৰণ ?

: হা…? থতমত খালে অঞ্জনাভ ৰাগে । ভাবিলে— কিয় আহিছে সি ? কেনেকৈ ব্যক্ত কৰে তাইক ? তাৰ শোচনীয় পৰাজয়ৰ কথা শুনি যদি প্ৰদীপ্তাই ঢেকঢেকাই হাঁহে ?
অণুভাৰ অক্ষমতাৰ বাবে যদি তাৰ চৰম মূৰ্খতাৰ প্ৰতিফল বুলি ভাবে ? যদি অহাৰ উদ্দেশ্য গম পাই তাক অপদস্থ কৰি খেদি দিয়ে ?
নাই—নাই ।
প্ৰদীপ্তা তেনে ছোৱালী নহয় । সি জানে । পত্নী হিচাপে এবছৰ নিবিড়ভাৱে পাইছিল তাইক । অতি নিষ্ঠা আৰু একাগ্ৰতাৰে তাই পত্নী ধৰ্ম পালন কৰিছিল । কেতিয়াও কোনো কথাতে তাক না কৰা নাছিল । আনকি ডিভোৰ্ছ বিচাৰোঁতেও । অতি শান্ত, অমায়িক ছোৱালীজনীক সি এতিয়াও সমীহ কৰে । সি প্ৰদীপ্তাৰ চকুলৈ চাই দৃঢ়তাৰে ক’লে—

: মই তোমাৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিছোঁ দীপ্তা । পাতনি নেমেলাকৈয়ে মূল কাৰণটো ব্যক্ত কৰিলে অঞ্জনাভে ।

: মানে ? আচৰিত হৈছে প্ৰদীপ্তা ।

: মই আকৌ তোমাক পত্নী হিচাপে বিচাৰিছোঁ, মোৰ জীৱনত ।

: কি…! আপুনি পাগল হোৱা নাইতো ?

: মই সম্পূৰ্ণ সুস্থ দীপ্তা । যোৱা কেইবাটাও বছৰ ধৰি বহু ভাবি-চিন্তিয়েই মই তোমাৰ ওচৰলৈ আজি সাহস কৰি আহিছোঁ । আশা কৰোঁ তুমি মোক নিৰাশ নকৰিবা ।

: বৰ আত্মবিশ্বাসী হৈ উঠিছে যেন পাওঁ ।

: আচলতে বিশ্বাস মোৰ তোমাৰ ওপৰতহে । একেলগে পাৰ কৰা এবছৰীয়া সম্পৰ্কটোত অলপ হ’লেও বুজি উঠিছিলোঁ তোমাক ।

: অণুভাই জানে মোৰ ওচৰলৈ অহাৰ কথা ?

: নাজানে ।

: কিয় ?

: জনাব লাগে বুলি প্ৰয়োজনবোধ কৰা নাই ।

: যিদৰে মোক কৰা নাছিল ?

: তোমাৰ কথাটো সুকীয়া ।

: কাৰণ মই কেৱল পত্নী আছিলোঁ ? অণুভা প্ৰেয়সীও, পত্নীও ?

: মোৰ মোহভংগ হৈছে । অণুভাৰ প্ৰতি আৰু মোৰ প্ৰেম নাই , অনুকম্পা নাই । আছে মাথোঁ অন্তহীন ঘৃণা । সেই সময়ৰ সিদ্ধান্ত ভুল বুলি আজি মই অন্তঃকৰণেৰে স্বীকাৰ কৰোঁ দীপ্তা । বিয়াৰ এবছৰমানৰ পিছতে মই বিভ্ৰমৰ পৰা ওলাই আহিছিলোঁ । এখন্তেক ৰৈ দুটামান দীঘল উশাহ ল’লে । অকণো দ্বিধাবোধ নকৰাকৈ ক’বলৈ ধৰিলে—

: মই যি বিচাৰোঁ সেয়া মোক দিবলৈ অণুভা অপাৰগ । বিয়াৰ আগেয়ে তাই মোক কোনোপধ্যেই জানিবলৈ দিয়া নাছিল তাইৰ অতীত । তাই যে ডিভোৰ্ছী আছিল । তিনিমহীয়া সন্তানটো পেটত থাকোঁতেই হেনো এদিন কিবা কথাত লাগি গিৰিয়েকে পেটতে প্ৰচণ্ড জোৰে গোৰ মাৰিছিল । আৰু তাৰ পিছৰ ঘটনা তেনেই চমু ।
তাইৰ ভয়ংকৰ অতীতৰ বিষয়ে মোক বিয়াৰ পিছতহে জানিবলৈ দিছিল ।
ৰৈ গ’ল অঞ্জনাভ । ভালেখিনি সময় নীৰৱে পাৰ হৈ গ’ল । তলমূৰকৈ বহি আছে প্ৰদীপ্তা । তাই সপোনতো ভবা নাছিল এইজন আত্মকেন্দ্ৰিক অহংকাৰী পুৰুষে যোৱা বাৰটা বছৰে কত বাধ্য-বাধকতাৰ মাজত তিলতিলকৈ জীয়াই আছিল !
কিন্তু কিয় ? কাৰণ কি ?
প্ৰশ্নটো মনলৈ অহাৰ লগে লগে প্ৰদীপ্তাই সুধিলে—

: আপুনি ছাৰ’গেচীৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন ?

: নকৰিলোঁ ।

: আধুনিক বিজ্ঞান টেকল’জিৰ সহায়ত নিশ্চয় আপোনালোকে বায়ল’জিকেল পিতৃ হ’ব পাৰিলেহেঁতেন । অলপ সময় তভক মাৰি থাকি অঞ্জনাভ । ক’লে—

: হয়, যদি চেষ্টা কৰোঁ তেন্তে নিশ্চয় সেয়া সম্ভৱ হ’ব পাৰে ।

: তেন্তে কিয় পলম কৰিছে ?

: মই নিবিচাৰোঁ সেয়া ।

: কিয় ?

: কাৰণ মই নিবিছাৰোঁ মোৰ সন্তানৰ মাক অণুভা হওক । কোনো আহিব নালাগে অণুভা আৰু মোৰ যুগ্ম জীৱনৰ সাক্ষী হৈ ।

: মিঃ অঞ্জনাভ ৰাগ । পাহৰি গৈছে নেকি আপুনি আপোন ঘৰখনৰ, সমাজখনৰ বিৰুদ্ধে গৈ আপুনি অণুভাক নিজৰ জীৱনলৈ আদৰি আনিছিল ? প্ৰদীপ্তাই শ্লেষ মিহলি বাক্য এৰিলে ।

: অ’ সঁচা, মই মই ঘৰৰ বিৰুদ্ধে, সমাজৰ বিৰুদ্ধেও তাইক জীৱনলৈ আদৰি আনিছিলোঁ । তাইক মই ৰাখিলোঁও হয় হৃদয়ৰ সৰ্বোচ্চ আসনত… ফোপাই উঠিল অঞ্জনাভ ৰাগ । একে ঢোকে চৰবত গিলাচ খালে । ধীৰে ধীৰে ক’লে—

: প্ৰবঞ্চনাৰ এখন ভয়ংকৰ জালত মোক বন্দী কৰিছিল অণুভা প্ৰীতমে । মোৰ আৱেগ-অনুভূতিৰ লগত নিকৃষ্ট, ঘৃণনীয় খেল খেলিছিল তাই । কল্পনাও কৰিব পৰা নাছিলোঁ দেখিবলৈ ভদ্ৰ, নিমাখিত ছোৱালী এজনীৰ আঁৰত এনে একোটা কুৎসিত চৰিত্ৰ লুকাই আছিল !
থমকি ৰ’ল অঞ্জনাভ ৰাগ । প্ৰদীপ্তাই ভাবি পোৱা নাই এই মূহূৰ্তত কিবা কোৱাৰ নে সোধাৰ দৰকাৰ ।
এটা হুমুনিয়াহ পেলাই অঞ্জনাভে নীৰৱতা ভংগ কৰিলে—

: মই আকৌ তোমাক বিচাৰোঁ দীপ্তা । জীৱনজুৰি । মোৰ ভুলবোৰ শুধৰাব বিচাৰিছোঁ । এবাৰ সুযোগ নিদিবানে ? মনে মনে থাকিল প্ৰদীপ্তা ।

: কোৱা দীপ্তা ? মই আকৌ তোমাৰ লগত মোৰ ঘৰখন পাতিবলৈ বিচাৰোঁ । মই জানো , তুমিয়েই মোৰ আধৰুৱা জীৱনটো সম্পূৰ্ণ কৰি তুলিবা ।

: অণুভাৰ কি হ’ব ? বেপৰোৱা ধৰণে সুধিলে প্ৰদীপ্তাই । তাই চকু তুলি অঞ্জনাভৰ মুখলৈ চালে । প্ৰশ্নটো শুনি উদ্ভাসিত হৈ উঠিছে অঞ্জনাভ । চকু দুটাও আনন্দত তিৰবিৰাই উঠিছে । অকণমান লৰচৰ কৰি বহি ক’বলৈ ধৰিলে—

: তাইক মই ডিভোৰ্ছ দিম । কিন্তু তাই গোটেই জীৱন আৰামেৰে চলিব পৰাকৈ মই সকলো ব্যৱস্থা কৰি দিম । মোৰ বিশাল সম্পত্তিৰ তায়ো অংশীদাৰ হিচাপে তাইৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত কৰা নহয় । এই বিষয়ত মই অধিবক্তাৰ লগত কথাও পাতিছোঁ।
কথাখিনি কৈ এবুকু আশাৰে অঞ্জনাভে প্ৰদীপ্তালৈ চালে

: ধন্যবাদ মিঃ অঞ্জনাভ ৰাগ । আপুনি অৱশেষত মোৰ সঠিক মূল্যায়ন কৰিব পাৰিলে । মোৰ সততা আৰু কৰ্তব্যনিষ্ঠাক আপুনি অনুধাৱন কৰিব পাৰিলে । আপুনি কৰা ভুলবোৰ উপলব্ধি কৰিলে । তাৰ সংশোধনৰ পথো বিচাৰি ল’লে । মই সুখী হৈছোঁ এই কথাত, অন্ততঃ দেৰিকৈ হ’লেও আপুনি মোৰ যোগ্যতাক প্ৰমাণিত কৰিলে ।
কিন্তু অঞ্জনাভ ৰাগ, মই যদি আপোনাৰ প্ৰস্তাৱ মানিবলৈ যাওঁ তেন্তে অণুভা আৰু মোৰ মাজত পাৰ্থক্য কি থাকিব ?

কথাখিনি কৈ প্ৰদীপ্তা বহাৰ পৰা উঠি গ’ল । খিৰিকীৰে বাহিৰলৈ চালে । চোতালৰ জোপোহা গছবোৰৰ ডালত বহি অসংখ্য চৰায়ে কোলাহল কৰিছে । তাই কিছু সময় সিহঁতলৈ চাই থাকি খিৰিকীৰ ওচৰৰ পৰা আঁতৰি আহিল । পাকঘৰৰ পৰা এখন ডাঙৰ ট্ৰে’ত কেইবাটাও বাটি আৰু এটা গিলাচ লৈ প্ৰদীপ্তা ব্যস্ততাৰে বাহিৰলৈ ওলাই গ’ল । ঘটনা কি বুজিবলৈ অঞ্জনাভো পিছে পিছে গ’ল ।

দৃশ্য দেখি অঞ্জনাভে তধা লাগি ৰ’ল ।
সি দেখিলে বাটিবোৰত তিওৱা মগু, সিজোৱা বুটমাহ, মটৰ মাহ, মাকৈ, গুড়ি কৰি লোৱা সিজোৱা কণী, গাজৰৰ গুড়ি, মিহি মিহিকৈ কাটি লোৱা তিয়ঁহৰ চকল, ৰুটিৰ সৰু সৰু টুকুৰা, মালভোগ কলৰ চকল, আৰু মচুৰ মাহ লৈ প্ৰদীপ্তা চোতালত মাজত থিয় হোৱাৰ লগে লগে গছৰ ডালৰ পৰা জাক জাক চৰাইবোৰ উৰি আহি প্ৰদীপ্তাৰ গায়ে-মূৰে উবুৰি খাই পৰিল ! তাই লনত লেপেটা কাঢ়ি বহি চৰাইবোৰক মাতৃত্বৰ উমেৰে দানা খুৱাবলৈ লাগিল । চৰাইবোৰেও খাই বৈ আনন্দৰ উলাহত নাচি বাগি তাইৰ মূৰত ,কান্ধত , পিঠিত বহি অবুজ ভাষাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছে ! কিছুমানে তাইক গালে-মুখে চুমা দি সন্তুষ্টিৰে দূৰণিলৈ উৰা মাৰিছে , কিছুমানে পুনৰ ডালত বহি জিৰণি লৈছে ।

এক বিৰল দৃশ্যৰ সাক্ষী হ’ল অঞ্জনাভ ৰাগ ।
বিশাল ব্যক্তিত্বৰ এই গৰাকী নিৰহংকাৰী মহীয়সী নাৰীলৈ অঞ্জনাভে নিথৰ হৈ চাই থাকিল । চায়েই থাকিল নিৰ্নিমেষ চকুৰে ।

হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ