প্ৰতিকুল বতৰকো নেওচি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলিত কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

প্ৰতিকুল বতৰকো নেওচি মাজুলীত মুখ্যমন্ত্ৰীৰ চাইকেল ৰেলিত কেইবা সহস্ৰাধিক লোকৰ অংশগ্ৰহণ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীত আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে কালি বিয়লি ৪-৩০ বজাত হেলিকপ্টাৰেৰে  গড়মূৰৰ কছাৰী মৈদানত অৱতৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে  কালি প্ৰতিকুল বতৰকো নেওচি  সন্ধ্যা পৰিদৰ্শন কৰিলে মাজুলীৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী দুয়োখন দলঙৰ নিৰ্মাণকাৰ্য । আজি মুখ্যমন্ত্ৰী গৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিলোমিটাৰ পথ কেইবা সহস্ৰাধিক অনুৰাগীৰ সৈতে  চাইকেল ৰেলীৰে আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে চাইকেল ৰেলীৰে গৈ নামনি মাজুলীৰ মহৰিচুকৰ নামনি মাজুলী জেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে । মুখ্যমন্ত্ৰী গৰাকীৰ লগত সভাখনিত উপস্থিত থাকে মন্ত্ৰী ৰনোজ পেগু , স্হানীয় বিধায়ক ভুৱন গাম বিজেপি দলীয় কৰ্মীসকলৰ লগতে মিত্ৰদল গণশক্তি আৰু অগপ ৰ দলীয় কাৰ্যকৰ্তা সকল।