প্ৰতাৰিত সময়ৰ দিনলিপি – যুগান্ত দাস

প্ৰতাৰিত সময়ৰ দিনলিপি

যুগান্ত দাস,ভৱানীপুৰ, বজালী

কাল সন্ধিয়া নৈৰ পাৰত অকলশৰে এগৰাকী মহিলা বহি থকা দেখিলে কাৰ বাৰু বুকু নকঁপিব কওকচোন । মহিলাগৰাকী দেখি মোৰ বুকুখন কঁপি উঠিছিল । গাৰ নোম থিয় হৈছিল । সমগ্ৰ‌ শৰীৰত জোকাৰণি অনুভূত হৈছিল । ইমানৰ পিছতো বুকুত মৰসাহ গোটাই মহিলা গৰাকীৰ ওচৰ চাপি গৈছিলো এখোজ দুখোজকৈ । কোনোবা চিনাকী মহিলাও হ’ব পাৰে । এই কাল সন্ধিয়া নৈৰ পাৰত বহি আছে মানে নিশ্চয় কিবা এটা হৈছে । নতুবা অচিনাকীও হ’ব পাৰে । ক’ৰবালৈ আহিছিল আৰু বাট ভুল কৰি একো উৱাদিহ নাপায় ইয়াতে বহি আছে। যদি সঁচাকৈ কিবা বিপদত পৰিছে তেনেহ’লে সহায় কৰাটো ধৰ্ম । নেদেখিলে অৱশ্যে কথা নাছিল ।

কথাখিনি ভাৱি ভাৱি কেতিয়া মহিলা গৰাকীৰ ওচৰ পালো গমেই নাপালো । মহিলা গৰাকীয়ে নৈখনৰ পিনে মুখ কৰি বহি আছিল বাবে মই তাইৰ ওচৰ পোৱাতো তাই গম পোৱা নাছিল । মই ভালদৰে মহিলা গৰাকীক নিৰীক্ষণ কৰিলো । এনে লাগিল মহিলা গৰাকী কোনোৱা সম্ভ্ৰান্ত ঘৰৰেই হ’ব । বয়স বৰ এটা হোৱা নাই । হৈছে যদি ত্ৰিশ বত্ৰিশ হৈছে । অলপ সময় থিয় দি মহিলা গৰাকীক নিৰীক্ষণ কৰাৰ পিছত তাই কোনো উমঘাম নকৰা দেখি মই নিজেই মাত দিলো — ” কোন আপুনি ? ” মোৰ মাত শুনিও তাই কোনো প্ৰতিক্ৰিয়া নেদেখুওৱাত মই পুনৰ সুধিলো — ” আপুনি কোন আৰু এই কাল সন্ধিয়া ইয়াত কি কৰিছে । ” এইবাৰ তাই ডিঙিতো নব্বৈ ডিগ্ৰী ঘুৰাই মোৰ ফালে বহাৰ পৰাই চালে । একেথৰে কিছু সময় চাই পুনৰ নৈখনৰ ফালে ডিঙিতো ঘুৰাই ডুব যোৱা বেলিৰ শেষ ৰঙাখিনিত দৃষ্টি নিবন্ধ কৰি বহি ৰ’ল । মানুহগৰাকীৰ কৰ্ম কাণ্ডত মই আচৰিত নহৈ নোৱাৰিলো ।
মই এইবাৰ কিছু ৰুক্ষতা কণ্ঠত গুজি ক’লো — ‘হেৰি আপোনাক কিবা এটা সুধি আছো ।”

এইবাৰ মানুহগৰাকীয়ে ক’লে — “কি ?”
মই ক’লো — ” আপুনি ইয়াত এই কালসন্ধিয়াখন কি কৰিবলৈ বহি আছে ।”
“আপোনাক কিয় লাগে “–মহিলাগৰাকীয়ে ওলোটাই মোক প্ৰশ্ন কৰিলে ।
মহিলাগৰাকীৰ স্পৰ্ধা দেখি মোৰ খঙে চুলিৰ আগ পালে । নিজৰ খং নিজে সম্বৰণ কৰি পুনৰ ক’লো — ” দৰকাৰ আছে বাবেই সুধিছো । কোন আপুনি ? ”
প্ৰচণ্ড খঙত মানুহগৰাকীয়ে মোৰ ফালে ঘুৰি চালে আৰু ক’লে –” মই কোন আপুনি জানি কি কৰিব । তথাপিও জানিব খুজিছে যেতিয়া শুনক মোৰ নাম ৰঞ্জিতা চলিহা । ওচৰৰ গাঁওখনতে মোৰ ঘৰ । ”
মহিলাগৰাকীৰ পৰিচয়টো পাই পুনৰ সুধিলো –” ইয়াত কি কৰিছে আপুনি ?”
” দেখা নাই বহি আছো “– মহিলাগৰাকীয়ে বিৰক্তিৰে উত্তৰ দিলে ।
” বহি যে আছে দেখিছো কিন্তু এই কালসন্ধিয়া নৈৰ পাৰত বহিবলৈ কি মৰ চখে পালে আপোনাক ?”– মই পুনৰ সুধিলো ।
” আপোনাক কি চখে পালে এই কালসন্ধিয়া নৈৰ পাৰলৈ আহিবলৈ ” — মানুহগৰাকীয়ে ওলোটাই মোক প্ৰশ্ন কৰিলে ।

মানুহগৰাকীৰ সাহস দেখি চেল্যুট মাৰিবলৈ মন গ’ল । এগৰাকী মহিলাই কালসন্ধিয়া নিমাওমাও পৰিবেশত এজন পুৰুষৰ স’তে সমানে সমানে মুখ চলোৱা কম কথা নহয় । মই ক’লো — ” মই হ’লো এজন পুৰুষ মানুহ গতিকে মোৰ কথা সুকীয়া । কিন্তু আপুনি এগৰাকী মহিলা । মহিলা এগৰাকী আমাৰ এই দেশত কিমান সুৰক্ষিত আপুনি জানেই ? এতিয়া আপোনাৰ লগত কি কি ঘটিব পাৰে আপুনি অনুমানে কৰিব নোৱাৰিব । কিমান নৰ পিশাচ পিয়াপি দি ঘুৰি আছে কোনে জানে ? বাৰু বাদ দিয়ক সেইবোৰ কথা‌ , ব’লক আপোনাক আগবঢ়াই থৈ আহো । “

” কোনো দৰকাৰ নাই । মোক আগবঢ়াই থ’বলৈ আপোনাক মই কৈছো নেকি ? আপুনি য’লৈকে যাব আহিছে তালৈকে যাওক । মোৰ পিছত লাগি থকাৰ দৰকাৰ নাই । আৰু শুনক মৰাক মাৰিবৰ শক্তি তথা কৌশল মানুহৰ হাতত নাই । যাওক ইয়াৰ পৰা আৰু মোক অলপ সময় শান্তিত থাকিব দিয়ক ।আজি কিমান বছৰৰ মূৰত যে শান্তিৰে কিছুসময় কটোৱাৰ সৌভাগ্য ঘটিছে । তাকো আপুনি আহি ভংগ কৰিলে । যাওক যাওক মুখ মেলি চাই থাকিব নালাগে । “— মানুহগৰাকীয়ে একেলেঠাৰিয়ে কথাখিনি কৈ অকণমান তপিনা দুখন দাঙি পুনৰ বহি পৰিল ।
” কি মানুহহে আপুনি ? কিবা এটা যে কৈছো শুনিছে নে নাই ? নে আপুনিও বাতৰি কাকতৰ হেড লাইন হোৱাৰ বাসনা পুহি ৰাখিছে ” — মই পুনৰ ক’লো ।

” আপুনি বৰ কামোৰ হে । এটা কথাতে কিয় ইমান লাগি আছে । নিজৰ কাম কৰক আৰু আঁতৰি যাওক । চাল্লা ক’তো অলপো শান্তি নাই । — মানুহ গৰাকীয়ে বিৰক্তিৰে কথাখিনি মোলৈ নিক্ষেপ কৰিলে ।

এইবাৰ আৰু নিজৰ খং দমাই ৰাখিব নোৱাৰিলো । প্ৰচণ্ড খঙত মই কৈ উঠিলো —” চাল্লা ক’তো অলপো নিৰ্জনতা বোলা বস্তু নাই । মানুহৰ সংখ্যা ইমানেই বাঢ়িছে যে পৰুৱাৰ দৰে সকলোতে পিয়াপি দি ফুৰে । শান্তিত আত্মহত্যা কৰিবলৈও ক’তো অলপো সুৰুঙা নাই । কিমান দিন অনুসন্ধান কৰি শেষত এই নৈৰ পাৰতে কামটো সমাধা কৰিম বুলি থিৰ কৰি আজি ওলাই আহিছিলো । কিন্তু আহি কি হ’ল এই ডাইনীজনী ইয়াৰ পৰা নুগুছায়ে হ’ল । মোৰ লগতে হে এইবোৰ হ’ব পাৰে নে ? “হেৰৌঘৰৰ মানুহ ঘৰলৈ যাওক । ঘৰত গিৰিয়েৰে বাট চাই আছে ।” কথাখিনি শেষ কৰি দেখিলো মানুহগৰাকীয়ে মোৰ ফালে ভেবা লাগি চাই আছে ।

মই পুনৰ সুধিলো –” ভেবা লাগি কি চাই আছে । ”
“আপুনি অলপ আগত কি ক’লে ” — তাই মোক প্ৰশ্ন কৰিলে।
” কি ক’লো ” — মই ওলোটাই তাইক প্ৰশ্ন কৰিলো।
“আপুনি অলপ আগতে আত্মহত্যা বুলি কিবা এটা কোৱা শুনিলো । ” — মানুহগৰাকীয়ে ক’লে ।
মানুহগৰাকীৰ কথাতহে সম্বিত ঘুৰি আহিল । নিজৰ ওপৰতে এইবাৰ প্ৰচণ্ড খং উঠিল । কিহে পাইছিল বাৰু এইজনীৰ লগত মুখ চুপতি মাৰিবলৈ । মোৰ ভাৱৰ যতি পেলাই মানুহগৰাকীয়ে পুনৰ ক’লে –” আপুনি আত্মহত্যা কৰিবলৈ আহিছে । ”
“অ হয় আপোনাৰ কিবা অসুবিধা আছে “— মই খঙত কৈছিলো ।
” নাই নাই মোৰ কি অসুবিধা থাকিব পাৰে । কৰক কিয় ৰৈ আছে ।” — মানুহগৰাকীয়ে কৈ উঠিল ।
” আপুনি ইয়াৰ পৰা আঁতৰি যাওক ।”– মই ক’লো
” যাম কিন্তু যোৱাৰ আগতে এটা কথা ক’ব নে ?” — মানুহ গৰাকীয়ে সুধিলে ।
” কি কথা ?” — মই সুধিলো ।
“আপুনি কিয় আত্মহত্যা কৰিব খুজিছে ।” —মানুহগৰাকীয়ে সুধিলে ।
” আৰে আত্মহত্যা নকৰি কৰিম কি ? এতিয়া মোৰ ওচৰত কৰিবলৈ কাম বুলি এটায়ে আছে সেয়া হ’ল আত্মহত্যা ।”— মানুহগৰাকীক মই ক’লো ।
মানুহগৰাকীয়ে মোৰ মুখলৈ একেথৰে চাই থাকি পুনৰ সুধিলে –” কিহৰ কাৰণে আপুনি আত্মহত্যা কৰিব ওলাইছে ।”
“সেইবোৰ বহু কথা । আপোনাৰ সময় নহ’ব শুনিবলৈ । “— মই ক’লো
” আপুনি কৈ যাওক । ” — মানুহগৰাকীয়ে ক’লে
” ঠিক আছে তেন্তে শুনক । আধা শুনি কিন্তু ঘৰলৈ যাব নোলাব । ” — মই ক’লো
” আপুনি বৰ লেনিয়াই থাকে । ক’ব কৈছো কওক ।” — মানুহজনীয়ে এইবাৰ অলপ বিৰক্তিৰে ক’লে ।

” শুনক তেনেহ’লে । আচলতে আমাৰ জীৱনটোত একোৱেই নাই । চৰায়ে খেৰকুটা বুটলি বাহ সজাৰ দৰে আমিও কিছুমান সপোন বুটলি আমাৰ জীৱনটো সজাও । বতাহ বৰষুণত যেনেকৈ কষ্টৰে সজোৱা বাহটো ভাঙি ছিঙি থানবান‌ হয় ঠিক তেনেদৰে আমাৰ সপোনবোৰো এদিন এটা সামান্য আঘাততে নিঃশেষ হৈ যায়। আৰু তেতিয়াই বুকুত অসহনীয় বেদনাই পীড়া কৰিবলৈ আৰম্ভ কৰে । হতাশাই থেকেচি পেলাই মন মগজু । নিজকে বৰ অসহায় যেন লাগে । ” কথাখিনি কৈ হুমুনিয়াহ এটা কাঢ়ি পুনৰ ক’বলৈ মুখ মেলিছিলোহে তেনেতে মানুহগৰাকীয়ে ক’লে — আপুনি ইমান দীঘল পাতনি মেলাৰ দৰকাৰ নাই । জীৱন কি মইও জানো । জীৱনে অকল আপোনাকেই থেকেচি পেলোৱা নাই । আপোনাক মোক আৰু বহুতকে বৰভূইকূঁপে জোকাৰৰ দৰে জোকাৰিছে । গতিকে কথাবোৰ টু দা পইণ্ট ক’লেও হ’ব । বৃহৎ কলেবৰৰ উপন্যাসত যেনেদৰে দুই শাৰীত ক’ব পৰা কথাটোৰ বাবে চাৰি পাঁচ পৃষ্ঠা পেঘেনিয়াই থাকে ঠিক তেনেদৰে পেঘেনিয়া থকাৰ দৰকাৰ নাই । ”
মানুহজনীৰ কথাত মই বুজি পালো তেওঁ অলপ বিৰক্তি অনুভৱ কৰিছে । কওঁ নে নকওঁ কথাবোৰ তাকে ভাবিব ধৰিলো । কিছু সময় মৌনতাৰে পাৰ হৈ গ’ল । একো নোকোৱা দেখি মানুহজনীয়ে পুনৰ ক’লে — ” কি ভাৱিছে কওক আকৌ । ” এইবাৰ মানুহজনীৰ মাতত কিছু কমনীয়তা আছিল । মানুহজনীৰ পৰা সঁহাৰি পাই গল খেকাৰি এটা মাৰি ডিঙিতো পৰিষ্কাৰ কৰি ল’লো ঠিক মিটিঙত ভাষণ দিয়া বৰ বৰ নেতা , বুদ্ধিজীৱি সকলে মাইক্ৰোফোনতো ফুৱাই বা আঙুলিৰে টুকুৰিয়াই চেক কৰি লোৱাৰ দৰে ।

মা দেউতা আৰু মই । এই তিনিজন মানুহেৰেই গঠিত আমাৰ সৰু সুখী পৰিয়ালটো । থুপুক থাপাক খোজ কঢ়াৰ পৰা কলেজৰ দেওনা পাৰ হোৱালৈকে মা দেউতাই কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল কৰিলে । দীঘলীয়া শৈক্ষিক জীৱনৰ যাত্ৰা সমাপ্ত কৰাৰ পিছত কৰ্ম সংস্থাপনৰ চিন্তা আহিল । আজিৰ দিনত চৰকাৰী চাকৰি ল’বলৈ হ’লে অকল চাৰ্টিফিকেট কেইখনেৰে নহয় । চাৰ্টিফিকেট কেইখনৰ লগত অফিচাৰ , মন্ত্ৰী , বিধায়কৰ মুখত হাঁহিৰ ফুল ফুলাব পৰাকৈ গান্ধীৰ ফটোৰো উপচাৰ হিচাপে আগবঢ়োৱাৰ সামৰ্থ থাকিব লাগিব। যিখিনি সামৰ্থ মোৰ নাছিল । তথাপিও চাকৰি নিবিচৰাকৈ থকা নাছিলো এইটো জানিও যে টকা দিব নোৱাৰিলে চাকৰি নাপায় । চাকৰিৰ পিছত বৰ এটা লৰা ঢাপৰা নকৰি এদিন মাৰ হাতত থকা সাঁচতীয়া টকাৰে ব্যৱসায়ত হাত দিলো । মধ্যবিত্ত পৰিয়াল এটাৰ হাতত কিমানো সাঁচতীয়া ধন থাকিব পাৰে আপুনিয়ে ভাবক ? আটাইখিনি টকাটো উলিয়াইও নিব নোৱাৰি । কেতিয়া কি বিপদ আহে কোনে জানে । তথাপিও মাই যি কেইটা টকা হাতত তুলি দিছিল সেই টকাকেইটাকে সম্বল হিচাপে লৈ আগবাঢ়িলো । মনত এটাই চিন্তা যিকোনো প্ৰকাৰে এবাৰতেই সফল হ’ব লাগিব ।‌ কিবা কাৰণত সফল হ’ব নোৱাৰিলে দ্বিতীয়বাৰৰ বাবে ইনভেষ্ট মানি হাতত নাই ।

ব্যৱসায় ঠিকে চলিব ধৰিলে । কম টকাৰে আৰম্ভ কৰা ব্যৱসায়টোত ভালেই লাভ হ’ব ধৰিলে । মা দেউতাৰ মুখত হাঁহি বিৰিঙিলে । মা দেউতাৰ মুখ দুখনলৈ চাই যি সুখ অনুভৱ কৰিছিলো সেয়া আছিল মোৰ জীৱনৰ চৰম সুখৰ মুহূৰ্ত । কিন্তু সেই সুখ স্থায়ী নহ’ল । হঠাৎ এদিন দেউতা অসুস্থ হৈ পৰিল । প্ৰথমতে গাঁওৰ চৰকাৰী চিকিৎসালয়ত দেখুৱালো যদিও বেমাৰ ভাল নোপোৱাত দেউতাক গুৱাহাটীলৈ লৈ গ’লো । গুৱাহাটীৰ ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি অসমৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিলে । সময় নষ্ট নকৰি দেউতাক লৈ চেন্নাই পালো । তাতেই ধৰা পৰিল দেউতাৰ দুৰাৰোগ্য কেঞ্চাৰ । ডাক্তৰৰ মুখৰ পৰা বেমাৰৰ নামটো শুনাৰ লগে লগে সৰ্বশৰীৰ কঁপি উঠিল । নিজকে কোনো অচিন গ্ৰহৰ অচিন হিংস্ৰ জীৱৰ মাজত থকা যেন লাগিল ।

এক দীঘলীয়া চিকিৎসাৰ অন্তত দেউতাক ঘৰলৈ ঘুৰাই আনিলো । চিকিৎসাই কোনো ফল নধৰিলে । ডাক্তৰে আৰু কেইমাহ মানহে বাচি থাকিব বুলি কৈ ওভোতাই পঠাইছিল । হাজাৰ কষ্টইও তলাব নোৱাৰা দেউতা লাহে লাহে বেমাৰৰ ওচৰত সেও মানিছিল । শেষ দিন কেইটা আৰু বেছি কষ্টকৰ হৈ উঠিল দেউতাৰ বাবে । অকল দেউতাৰ বাবে বুলি ক’লে ভুল কোৱা হ’ব । মা আৰু মোৰ বাবেও দেউতাৰ শেষ দিনকেইটা যন্ত্ৰনাদায়ক হৈ পৰিছিল । মায়ে আক্ষেপ কৰি কৈছিল — ” কোনোদিনে মাখি এটাও মাৰি নোপোৱা মানুহজনক ভগৱানে ইমান কষ্ট কিয় দিব লাগে । কাৰো এটকাও অন্যায় নকৰা আনৰ দুখত দুখী হোৱা মানুহজনক এনেকৈ কষ্ট দিবলৈ কণা ঈশ্বৰৰ এবাৰো বেয়া নালাগিল নে ?এনেকৈ মানুহজনক কষ্ট দি থকাতকৈ মাৰি নিলেওতো হয় । অন্তত মানুহজনৰ আত্মাটোৱে মুক্তি পাব । ” মাৰ লাহে লাহে ঈশ্বৰৰ প্ৰতি থকা ভক্তি কমি আহিছিল । পুৱা গধূলি গোঁসাই ঘৰত চাকি জ্বলোৱাটো মায়ে এৰি দিছিল । দেউতাৰ যন্ত্ৰনা কাতৰ কেঁকনিবোৰ শুনি শুনি চকুপানী টোকাৰ বাহিৰে মোৰ হাতত একো উপায় নাছিল । কেতিয়াবা এনে লাগিছিল যে মানুহজনক নিজ হাতে ডিঙি চেপি মাৰি পেলাও । তেতিয়া অন্তত যন্ত্ৰনাত ছটফটাই থাকিব নালাগে । পিছ মুহূৰ্ততে অনুশোচনাত ভুগি চাটি ফুটি মৰিছিলো । ছিঃ এনে কথা বাৰু মই কেনেকৈ ভাৱিব পাৰিলো । এদিন দেউতাই চিৰ বিদায় লৈছিল । সেইদিনা যিমান দুখ লাগিছিল তাতকৈ বেছি শান্তি পাইছিলো । কাৰণ মানুহজনে অত দিনে যি যন্ত্ৰনাক সাৱটি দিনবোৰ কটালে সেই যন্ত্ৰনাৰ পৰা মুক্তি পালে ।‌ মনতে ভাৱিলো শত্ৰু হ’লেও এনেকুৱা শাস্তি ভগৱানে যেন কাকো নিদিয়ে ।

মাৰ খেচখেচনিত পৰি এদিন বিয়াখন পাতি পেলালো । কিন্তু মোৰ মুঠেই বিয়া পতাৰ‌ ইচ্ছা নাছিল । কাৰণ ইতিমধ্যে দেউতাৰ চিকিৎসাৰ নামত যি টকা জমা কৰিছিলো সেই আটাইখিনি খৰচ হৈছিল । হাতত জমা বুলিবলৈ বৰ বিশেষ নাছিল । গতিকে এনেকুৱা সময়ত মই বিয়া পতাৰ মুঠেই পক্ষপাতী নাছিলো । কিন্তু পুৱা গধূলি মাৰ একেখিনি কথা শুনি শুনি অধৈৰ্য হৈ পৰিছিলো । মাৰ কথাখিনিও অগ্ৰাহ্য কৰা কথা নহয় । মৰাৰ আগত নাতিৰ মুখ চাই যোৱা হেঁপাহ । মাৰ এই ইচ্ছাটোক পূৰণ কৰিব নোৱাৰিলে জীৱনত নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম । এই মাজনীয়ে কমখন কষ্ট কৰি ডাঙৰ কৰা নাই মোক । নিজে নিপিন্ধিও পিন্ধাইছিল , নাখাইও খুৱাইছিল । গতিকে মাৰ মুখলৈ চাই বিয়াখন পাতি পেলাইছিলো ।

বিয়া পতা মানেই যে জঞ্জাল বঢ়োৱা । মোৰ সেই সময়খিনিত জঞ্জাল বঢ়োৱাৰ মুঠেই ইচ্ছা নাছিল । কিন্তু কিছুমান কাম নিজৰ ইচ্ছা নহ’লেও কৰিব লাগে আপোনজনৰ মুখত হাঁহি বিৰিঙাবলৈ । মোৰ বিয়াখন হৈ যোৱাত মাই নিজকে খুবেই সুখী অনুভৱ কৰিছিল । মাৰ মুখত হাঁহি দেখি মই সুখী হৈছিলো । আমাৰ সময়বোৰ হাঁহি ধেমালিৰ মাজেৰে অতিবাহিত হৈছিল । শাহু বোৱাৰীৰ মিল দেখি স্বস্তিৰ নিশ্বাস এৰিছিলো । শাহু বোৱাৰীবোৰৰ মাজত লগা খকাখুন্দাবোৰ দেখি মোৰ মনৰ মাজতো শঙ্কাই ভূমুকি নমৰাকৈ থকা নাছিল । যদি সচৰাচৰ শাহুৱেক বোৱাৰীয়েকবোৰৰ মাজত লগাৰ দৰে মা আৰু পত্নীৰ মাজতো কাজিয়া লাগে তেতিয়া কাৰ হৈ মাতিম । মাৰ ভুল হ’লেওটো মাক একো ক’ব নোৱাৰো । কাৰণ পত্নীৰ হৈ কিবা এষাৰ কৈ মাৰ মনত দুখ দিব নিবিচাৰো ।

মাই এদিন সংসাৰৰ বেহা সামৰি আমাৰ মাজৰ পৰা আঁতৰি গ’ল চিৰদিনৰ বাবে । যোৱাৰ সময়ত মনত লৈ গ’ল এটা দুখ । যি দুখ নিবাৰণৰ হাজাৰ চেষ্টা কৰিও মই বিফল হৈছিলো । মাৰ আশা পূৰণ কৰিব নোৱাৰাটো মোৰেই অক্ষমতা । মই মোৰ অক্ষমতাৰ বাবেই মাৰ শেষ দিন কেইটা সুখৰ কৰি তুলিব নোৱাৰিলো । নাতি এটাৰ মুখ চোৱাৰ মাৰ হেঁপাহ অপূৰ্ণ হৈয়ে থাকি গ’ল । বিয়াৰ সাতবছৰ পিছতো আমাৰ কোনো ল’ৰা ছোৱালী হোৱা নাছিল । এইলৈ কিন্তু মাই কোনোদিনে বোৱাৰীয়েকক এষাৰো টান কথা শুনোৱা নাছিল । সচৰাচৰ এনেকুৱা ক্ষেত্ৰত শাহুৱেকে বোৱাৰীয়েক খোজে প্ৰতি কথা‌ শুনাই । কিন্তু মা আছিল‌ সম্পূৰ্ণ বিপৰীত । তেওঁ কথা শুনোৱাৰ সলনি বোৱাৰীয়েকক ভাঙি নপৰিবলৈ উপদেশ দিছিল । তেওঁ বোৱাৰীয়েকক কৈছিল –” সকলো ঈশ্বৰৰ ইচ্ছা । আমি কেৱল নামমাত্ৰহে । তুমি ভাঙি নপৰিবা । চাবা এদিন ঈশ্বৰে চকু মেলি চাব । নাতিৰ মুখ চাইহে মৰিম মই ।” মাৰ এই কথাখিনি শুনি মই অসহায় অনুভৱ কৰিছিলো । সেই সময়ত মোৰ এনে লাগিছিল যেন পৃথিৱীত আৰু মোতকৈ কোনো অসহায় লোক নাই । যিয়ে মাতৃৰ শেষ ইচ্ছা কোনোদিনেই পূৰণ কৰিব নোৱাৰে । মা গ’ল গৈ মনত দুখ এটা কঢ়িয়াই ।

মাৰ শূন্যতাই ঘৰখন আৱৰি ধৰিলে । প্ৰতিটো কোঠাতেই যেন মাৰ হুমুনিয়াহবোৰ ঘুৰি ফুৰিব ধৰিছে মোৰ এনে লাগে । প্ৰতি মুহূৰ্ততে মাৰ অশৰীৰী উপস্থিতি অনুভৱ হয় । মাই যেন এতিয়াও অপূৰ্ণ আশাৰ পানচৈ বজাই মোৰ সোঁৱে বাওঁৱে ঘুৰি ফুৰে । মোক ক’ব বিচাৰে ‘জয় বংশৰ প্ৰদীপ গছি নুমাবলৈ নিদিবি ।’ মোৰ নাম জয়জিৎ যদিও মাই মোক জয় বুলিয়েই মাতিছিল ।

দিনবোৰ যেনেতেনে আগবাঢ়ি গৈ থাকিল । মৃত্যুৰ পিছতো মাৰ আত্মাক শান্তি দিব পৰাৰ শকতি মোৰ নাছিল । পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হোৱাৰ সৌভাগ্য মোৰ নাছিল যিটো কথা মই বিয়াৰ দুবছৰ পিছতেই গম পাইছিলো। এই কথাটো মই মোৰ পত্নীৰ পৰাও লুকুৱাই ৰাখিছিলো । পিতৃ হোৱাৰ দুৰ্বাৰ বাসনাক মই কোন কাহানিবাই জলাঞ্জলি দি বুকুত বিষাদৰ বোজা কঢ়িয়াই জীয়াই আছিলো । এদিন হঠাৎ মোৰ পত্নীয়ে মোক ক’লে তাই হেনো মাক হ’ব ওলাইছে । এই কথাটোৱেই মোৰ সকলো খেলি মেলি লগাই দিলে । যিটো কথাত মই আনন্দত আত্মহাৰা হৈ উঠিব লাগিছিল সেই কথাটোৱে কিন্তু মোক অন্য এক চিন্তাৰ মাজলৈহে লৈ গৈছিল । পত্নীৰ মুখৰ পৰা শুনা কথাষাৰে মোক কুটি কুটি খাব ধৰিছিল । মই মনৰ ভিতৰতে চিৎকাৰ কৰি উঠিলো —” এয়া প্ৰৱঞ্চনা । ” মোৰ অস্থিৰতাবোৰ বাঢ়ি যাব ধৰিলে । কিন্তু পত্নীৰ আগত মোৰ মনৰ অৱস্থাটো প্ৰকাশ কৰিবও নোৱাৰোঁ, নহ’লে যে মই ধৰা পৰি যাম।কোনো কামতেই মোৰ মন নবহা হ’ল । জীৱনৰ প্ৰতি চৰম বিতৃষ্ণা উপজিল । মা দেউতাৰ পিছত যাক আপোন বুলি আঁকোৱালি লৈ জীৱন যাত্ৰাৰ খোজবোৰ দি গৈছিলো সেই গৰাকীয়েও অৱশেষত প্ৰতাৰণা কৰিলে । জানো সকলো নাৰীৰেই মাতৃ হোৱাৰ দুৰ্বাৰ ইচ্ছা বুকুৰ কোণত উকমুকাই থাকে । সেই ইচ্ছা পূৰণৰ বাবে স্বামীক প্ৰতাৰণা কৰা কি উচিত ? এটা কথাই মোক ব্যতিব্যস্ত কৰি তুলিলে । সেই কথাটো হ’ল কোন মোৰ পত্নীৰ গৰ্ভত থকা সন্তানৰ পিতৃ । মুখ খুলি কথাটো সুধিবও নোৱাৰো । অসহায় মই । মন মগজুৰ খকা খুন্দাত মই বিধ্বংস্ত । অৱশেষত মই নিজকে প্ৰবোধ নিয়ালো যে যি হ’ল হ’ল আৰু সমাজে অন্তত এয়া মোৰ সন্তান বুলিয়ে স্বীকৃতি দিব । মূৰৰ পৰা অন্তত এটা বদনাম আঁতৰিব ।
কথাবোৰ সহজভাৱে ল’বলৈ আগবাঢ়োতেই মোৰ চকুৰ আগত এটা আচৰিত সত্য উন্মোচিত হ’ল । মোৰ নিজৰ চকু আৰু কাণ দুখনে মোক বিশ্বাস ঘাতকতা কৰা নাইতো । মোৰ পত্নী ইমান তললৈ নামিব পাৰিলে নে ? মোৰ অবৰ্তমানত নিজৰেই মোমায়েকৰ ল’ৰাৰ লগত! ছিঃ । অসময়ত যদি মই ঘৰলৈ ঘুৰি নাহিলোহেতেন তেনেহ’লে এই ঘটনাৰ চাক্ষুস সাক্ষী হ’ব নালাগিলেহেতেন । মই বুজি উঠিলো মোৰ পত্নীৰ গৰ্ভত থকা সন্তানৰ পিতৃ কোন ।

হৃদয়ৰ অভ্যন্তৰত এক যুদ্ধৰ সূত্ৰপাত ঘটিল । পত্নীৰ কাৰ্য কিমান গ্ৰহণযোগ্য ? মানুহ কিমান তললৈ নামিলে এনেকুৱা কাৰ্য সংঘটিত কৰিব পাৰে । সন্তান এটিৰ আশা মইও নকৰা নহয় । কিন্ত এনে সন্তান মই বিচৰা নাই যি সন্তানে সামাজিক বান্ধোনক পদাঘাত কৰি ভূমিষ্ঠ হ’ব । যিজন পুৰুষৰ লগত মোৰ পত্নীৰ সম্পৰ্ক সেয়া সহজভাৱে মানিব লোৱাৰ কোনো যুক্তি নাই । তাৰ ঠাইত আন পুৰুষ হ’লেও কিজানি মনটোক কিছু প্ৰবোধ নিয়াব পাৰিলোহেতেন । এবাৰ ভাৱিছিলো ডিভোৰ্চ দিও । পিছ মুহূৰ্ততে সেই সিদ্ধান্ত বাতিল কৰিছিলো । কাৰণ ডিভোৰ্চ দিবলৈ যাওতে যদি মোৰ অক্ষমতা প্ৰকাশ পায় । তেতিয়া মোৰ নতুন এটা পৰিচয় হ’ব সমাজত । গতিকে সেই চিন্তা সমূলঞ্চে পৰিহাৰ কৰি শেষত আত্মহত্যা কৰাটোকে ঠিক কৰিলো । আত্মহত্যা কৰিবলৈ বিভিন্ন পন্থা মনলৈ আহিল যদিও শেষত নৈৰ শীতল পানীতেই শেষ আশ্ৰয় লোৱাৰ সিদ্ধান্ত ল’লো । আৰু সেইমতেই ঘৰৰ পৰা ওলাই আহি আপোনাক দেখিলো । — মই মোৰ জীৱনৰ কথাবোৰ শেষ কৰি ৰৈ গ’লো । ইমান দীঘলীয়া কথা কেতিয়াও কোৱা নাছিলো । গতিকে পিয়াহ আৰু ভাগৰ দুয়োটাই লাগিছিল । কথাবোৰ কৈ থাকোতে কেতিয়া মই মানুহগৰাকীৰ ওচৰত বহি পৰিছিলো গমেই পোৱা নাছিলো ।

” আপোনাৰ কথাবোৰ শুনি বৰ দুখ লাগিল । কিন্তু এটা কথা কি জানে আত্মহত্যা কোনো সমস্যা সমাধানৰ পথ নহয় । এয়া মই আপোনাক সান্তনা দিবলৈ‌‌ কোৱা নাই । মই মোৰ অভিজ্ঞতাৰ পৰা কৈছো । পাৰে যদি এই সিদ্ধান্ত সলনি কৰক আৰু ঘৰলৈ ঘুৰি‌ যাওক । কিবা অন্য উপায় চিন্তা কৰক । ” — মানুহজনীৰ কথাখিনি মোৰ বৰ এটা পচন্দ হোৱা নাছিল ।

” এই মুহূৰ্তত মোৰ হাতত আন উপায় নাই । নাই মানে নিজ চকুৰে তেনে এটা ঘটনা দেখাৰ পিছত‌ জীয়াই থকাৰ শেষ ইচ্ছা কণো নোহোৱা হৈছে । আপুনি মোৰ এটা কথা ৰাখিব । আপুনি মোৰ কথাবোৰ কাৰো আগতেই নক’ব । কিবাকৈ যদি কথাবোৰ গম পায় মানুহে মৰা পিছতো শান্তি নিদিব । প্লিজ ।”– কথাখিনি কৈ মানুহজনীৰ হাতত ধৰিব খুজিলো টানি অনুৰোধ কৰিবলৈ । কিন্তু এয়া কি তেওঁৰ হাতখন দেখোন মোৰ হাতৰ মুঠিত নোসোমায় । মোৰ সৰ্বশৰীৰ কঁপি উঠিল । মোৰ আৰু বুজিবলৈ বাকী নাথাকিল ইমান সময় মই কাৰ লগত কথা পাতি আছিলো ।