প্ৰতাৰক ফাগুন-দীপিকা ফুকন

Pc Wikiwand

প্ৰতাৰক ফাগুন

 দীপিকা ফুকন
          চুঙাজান, গোলাঘাট

ফাগুন মানেই ভাৱনাৰ বৰঘৰ।
ৰৈ ৰৈ দোলা দিয়ে ৰঙীন স্নীগ্ধতা
ঢুকি পোৱাতে দেখো এখন ৰামধেনু

আশাৰ ৰ’দ কাঁচলিত জিলিকি উঠে
জীৱনৰ দ্ৰুততম তেজাল ঘোঁৰা।

নিশব্দে বাট চাওঁ
এজাক ভোকাতুৰ শব্দৰ আগমনলৈ।

ধুমুহা হৈ নামি আহে ৰঙীন আৱেশ
উকা হৃদয়ত জ্বলে আশাৰ চাকি।

নিশ্বাসৰ নিশব্দতাত ক্ষণ গণি
পলকতে আঁতৰ হয় মৰীচিকা।

ভাৱনাত অটল
প্ৰতাৰক ফাগুন।।