প্ৰজ্ঞা ফাউণ্ডেশ্যন কামৰূপ জিলাৰ উদ্যোগত ৰাখী বন্ধন উদযাপন 

প্ৰজ্ঞা ফাউণ্ডেশ্যন কামৰূপ জিলাৰ উদ্যোগত ৰাখী বন্ধন উদযাপন 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাখী এক বান্ধোন, এক প্ৰতিশ্ৰুতি। এই বান্ধোন ভগ্নী-ভাতৃৰ মাজৰ, এই প্ৰতিশ্ৰুতি ভগ্নীক সুৰক্ষা দিয়াৰ। যি প্ৰতিশ্ৰুতি ভাতৃয়ে নিজকে নিজে কৰে। এই পবিত্ৰ দিনটোত ভগ্নীয়ে ভাইটী বা দাদাক ৰাখী বান্ধে আৰু আশা কৰে যে মোৰ ভাতৃয়ে চিৰজীৱন মোৰ ৰক্ষা কৰিব আৰু মোক সকলো বিপদৰ পৰা বচাব এই বিশেষ দিনটোতে ভাৰতীয় সভ্যতা, কলা-সংস্কৃতিৰ হৈ কাম কৰি অহা প্ৰজ্ঞা ফাউণ্ডেশ্যন কামৰূপ জিলাৰ তৰফৰ পৰা যুৱ নেতৃত্বত দায়িত্বত থকা কাৰ্যকৰ্তা সকলে চিকিৎসা সেৱাত ব্ৰতী হৈ থকা ৰঙিয়াস্থিত স্বস্তি হস্পিতালৰ চিকিৎসক , নাৰ্ছ আৰু বিভিন্ন কৰ্মচাৰী , আৰু দেশৰ সেৱাত কৰ্মৰত বি, এছ, এফ কেম্প সেনা জোৱান সকলৰ মাজত পৰম্পৰা ৰক্ষা কৰি ৰাখী বন্ধন কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰে পুঠিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী নৱনীতা কলিতা , সাধাৰণ সম্পাদক শিখৰমণি শৰ্মা , পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহ:সাধাৰণ সম্পাদক প্ৰিন্স কলিতা , প্রিয়া ডেকা , ছুনীয়া ডেকা , চম্পক নাথ , হিমাশ্ৰী দেৱী আৰু নাৰ্গীজ আহমেদ আদি কৰি বহুত কেইজন কাৰ্যকৰ্তাই ভাগ লয় ।