প্ৰজ্ঞাৰ সাধনা
চিৰন্তন প্ৰমূল্যবোধেৰে জীৱনক আগুৱাই নিয়া
আৰু মানৱৰ উত্তৰণৰ আধাৰেই হৈছে জ্ঞান
জ্ঞানৰ সৰ্বোত্তম প্ৰকাশেই হৈছে প্ৰজ্ঞা
আধ্যাত্মিকতাৰ চেতনা,
প্ৰজ্ঞাৰ মাজেৰে প্ৰকাশিত বুদ্ধিমত্তা
আৰু সৃজনীশীলতাৰ পৰিচয়
নৈতিকতা আৰু অন্তৰ্নিহিত শক্তিত প্ৰজ্ঞাৰ ধাৰণা।
প্ৰজ্ঞাৰ সাধকে প্ৰচলিত ধাৰণাক যুক্তিৰে জনাই প্ৰত্যাহ্বান
পুৰণি চিন্তাৰ লোকৰ মন গহণত কৰি তোলে আলোড়ন
যুক্তিৰে বাচ-বিচাৰ কৰি কৰে জ্ঞান আহৰণ।
প্ৰজ্ঞাৰ সাধনাত জীৱনৰ অমৃত সুধা
সুন্দৰতম পথেৰে আগুৱাবলৈ
প্ৰজ্ঞাই দিয়ে আমাক প্ৰেৰণা
সত্যৰ বাতাবৰণৰ পথো কৰে সূচনা।
প্ৰজ্ঞাৰ সাধনাৰে নতুন প্ৰজন্মক
মানৱ সম্পদ গঢ়িব পাৰি
অসমীয়া জাতীয়সত্তাক কৰিব পাৰি শক্তিশালী
প্ৰজ্ঞাৰ সাধকসকল ভৱিষ্যতৰ সঠিক পথ প্ৰদৰ্শক
সকলোৰে বাবে তেওঁ বন্ধু আৰু সহিষ্ণুতাৰ প্ৰতীকি।
বিদ্যা-বুদ্ধি,সংগীত,শিল্পকলাৰ অধিষ্ঠাত্ৰী তুমি সৰস্বতী!
সকলো সংশয়ৰ ছেদকাৰিণী,সৰ্বসিদ্ধি প্ৰদায়িনী
শুক্লাবৰ্ণা,বীণা আৰু পুস্তকহস্তা পীতবস্ত্ৰাধাৰিণী!
তোমাৰ প্ৰজ্ঞাৰ জ্যোতিত নাশ হয়
সমাজৰ সকলো অজ্ঞান আন্ধাৰ
তুমিয়েই জ্ঞানদায়িনী!জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী!
তোমাৰ জ্ঞানৰ আলোকেৰে আলোকিত কৰা এই ধৰণী
যাঁচিছোঁ তোমাক ভক্তিৰ অঞ্জলি।