প্ৰজ্ঞাৰ বাটেৰে জীৱনৰ সাধনা
পুলিন ডেকা
চিৰন্তন প্ৰমূল্যবোধেৰে জীৱনক আগুৱাই নিয়া আৰু মানৱীয় উত্তৰণৰ মূল আধাৰ হৈছে জ্ঞান। প্রজ্ঞাৰ সাধনাই মানুহক ভৱিষ্যমুখী চেতনাক ব্যাপ্ত কৰি সঠিক দিশেৰে আগুৱাই যোৱাৰ দিশত সর্বাত্মক ৰূপত প্ৰভাৱিত কৰি আহিছে। মানুহৰ ঐহিক আৰু আত্মিক সম্পৰ্কৰ মাজত মূলগত পার্থক্য আছে। আত্মিক সম্পর্কই সেতু বন্ধনৰ ৰূপত সামাজিক সত্তাক উজ্জীবিত কৰি আহিছে। সভ্যতাৰ পৰিবৰ্তন সাধন হৈছে। মানুহৰ চিন্তা আৰু যুক্তিৰ বিশ্লেষণে নিত্য নতুন বিকাশৰ পথ সূচনা কৰিছে। কিন্তু সামাজিক স্থিতিৰ সুৰক্ষিতকৰণ আৰু মানৱীয় প্ৰমূল্যবোধৰ আধাৰ নিৰ্ণয়ত যি বিষয়টোৱে সর্বাত্মক ৰূপত প্ৰভাৱিত কৰি আহিছে, সেয়া হৈছে জ্ঞান। আনহাতে জ্ঞানৰ সৰ্বোত্তম প্রকাশেই হৈছে প্রজ্ঞা। মানুহৰ জিজ্ঞাসা সদায়েই দুৰন্ত। ইয়ে মানুহৰ চিন্তন আৰু মনন জগতক বাৰুকৈয়ে প্রভাবিত কৰে। প্ৰজ্ঞাৰ প্ৰতি অনাবিল আকর্ষণে মানবীয় দর্শনসমূহ বিকশাই আহিছে। এই কথাও নিশ্চিতভাবে কোৱাৰ প্ৰয়োজন আছে যে প্রজ্ঞাৰ সাধনা নাথাকিলে মানুহে মূল্যবোধ আধাৰিত জীৱন গঢ়ি তুলিব নোৱাৰে। প্লেটো অথবা ছক্ৰেটিছৰ দৰ্শনৰ মাজত প্ৰজ্ঞাৰ সাধনাৰ দুৰন্ত ৰূপ প্রতিফলিত হয়। প্লেটোৱে কৈছিল— আমি যদি প্রজ্ঞাৰ সাধক হওঁ সকলো মানুহ তোমাৰ বন্ধু আৰু সহিষ্ণু হৈ ৰ’ব, তুমি তেওঁলোকৰ বাবে প্ৰয়োজনীয় আৰু ভাল হৈ থাকিবা। তুমি যদি জ্ঞানবান নোহোৱা, অকল তোমাৰ মাতৃ পিতৃয়ে নহয়, তুমি কাৰো বাবেই প্রয়োজনীয় হৈ নাথাকিবা। তুমি কেৱল তোমাৰ বন্ধু হৈ থাকিবা।’ সামাজিক প্রাণী হিচাপে মানুহ নিজস্ব ৰূপত একাত্ম হৈ থাকিব নোৱাৰে। প্ৰতিটো সভ্যতাতে মানুহৰ বাবে জ্ঞানবিহীনতা এক গুৰুতৰ সমস্যা হিচাপে চিহ্নিত হৈ আহিছে। জ্ঞান সামাজিক জীবনবোধৰ এক শক্তিশালী উপাদান, কাৰণ ইয়ে ব্যক্তি আৰু সমাজৰ চালিকাৰূপত অৱতীৰ্ণ হৈ আহিছে।
মানুহে স্বাভাৱিকতে ক’ব বিচাৰে যে জ্ঞান আৰু প্ৰজাৰ মাজত এক নিকট সম্পর্ক আছে। ব্যৱহাৰিক আৰু তত্ত্বগত জিজ্ঞাসাই বিষয়বস্তুৰ অন্তৰ্নীল অনুসন্ধানৰ বাবে প্ৰেৰণা যোগাই মানসিক সঞ্চলন আৰু পৰিবর্তন সম্ভব কৰি তোলে। ইয়ে সত্যৰ দিশলৈ যাবলৈ এক বাতাৱৰণৰ সূচনা কৰে। পৰৱৰ্তী পৰ্যায়ত চিন্তাৰ ৰূপান্তৰ সাধন কৰি সুন্দৰতম পথেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। প্রত্যেকৰে জীবনত জিজ্ঞাসা হৈছে হিতাহিত জ্ঞানৰ নিৰ্ণায়ক শক্তি আৰু সকলো দিশতে জ্ঞান আহৰণৰ বাবে উদ্বুদ্ধ কৰি তোলে। পাণ্ডিত্য, বিজ্ঞতা,তত্ত্ব , মতিমত্তা, প্রবোধ, ধী, সুক্ষ্মদর্শন শক্তি, উপলব্ধি শক্তি, সুবিচাৰ, বিচযক্ষণ্ণতা ইত্যাদি দিশসমূহ প্রজ্ঞাৰ সাধকৰ ক্ষেত্ৰতহে প্রতিফলিত হয়। কনফিউচিয়াছে কৈছিল তিনি প্ৰকাৰৰ পদ্ধতিৰ জৰিয়তে প্রজ্ঞা আধাৰিত জীৱন গঢ়িব পাৰে। গভীৰ চিন্তাৰ জৰিয়তে মহানুভূতিতা আহৰণ কৰিব পৰা যায়। অনুসৰণ হৈছে এক সহজ প্রক্রিয়া আৰু অভিজ্ঞতা এনে এক বিষয় যাৰ জৰিয়তে বেদনাৰ মৰ্ম উপলব্ধি কৰিব পাৰি। কনফিউচিয়াছৰ এনেবোৰ তত্ত্বই আজিও মানুহক প্রজ্ঞাৰ সাধনা কৰিবলৈ শিকায়। প্ৰজ্ঞা হৈছে নৈতিকতা আৰু অন্তনিহিত শক্তি। এই কথা বুদ্ধদেৱৰ বাণীৰ মাজেৰে প্ৰত্যক্ষ কৰিব পাৰি। বুদ্ধদেৱে কৈছে যে এটোপ এটোপকৈ পানীৰ টোপালে পাত্ৰ এটা পূর্ণ কৰে। ঠিক একেদৰে জ্ঞানী মানুহে অলপ অলপকৈ জ্ঞান আহৰণ কৰি নিজকে ভাল ব্যক্তিলৈ ৰূপান্তৰ সাধন কৰে।
মনস্তাত্ত্বিক দিশৰ পৰা প্ৰজ্ঞাক একেটা সূত্রেৰ নির্ণয় কৰাটো সম্ভৱ নহয়। জ্ঞানৰ শ্রেষ্ঠতা আৰু পুৰাতন বিশৰ সমন্বয়ৰ মাজেৰে প্ৰজ্ঞাৰ সাধনা সম্ভব। আনুষ্ঠানিক গাঁথনিৰ পৰাই যুক্তিবাদৰ সূচনা হয়। ইয়ে মানুহৰ চিন্তক ইতিবাচকভাবে আগুৱাই লৈ গৈ দৰ্শনৰ সূচনা কৰে। ইতিবাচক মনস্তত্ত্বই মানুহক আনৰ গভীৰতালৈ লৈ যায়। ইয়ে মানুহক বিষয়বস্তুৰ প্রতি উৎসুক কৰি তোলে, কেনেকৈ প্ৰজ্ঞাই মানুহক ভাল দিশলৈ যাবলৈ শিকায় ? প্রজ্ঞাৰ ফলাফল সুপৰিণতি হ’ব নোৱাৰে। মহান বিজ্ঞানী আইনষ্টাইনে কৈছিল যে প্রজ্ঞা বিদ্যালয়ত আয়ত্ত কৰিব পৰা বিষয় নহয়। জীৱনজোৰা প্ৰয়াসৰ দ্বাৰা ইয়াক আহৰণ কৰিব পৰা যায়। বিজ্ঞান জগতত আইনষ্টাইনৰ জীৱনজোৰা সাধনাই প্রকৃততে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ শিকাইছিল। মনস্তাত্ত্বিক দিশৰ পৰা প্রজ্ঞাৰ মাজেৰে এজনৰ বুদ্ধিমত্তা, সৃজনশীলতা, সাধাৰণ জ্ঞান আৰু প্ৰকৃত জ্ঞান প্রকাশিত হয়। প্রজ্ঞাৰ সাধনাই মানুহক জীৱনত তিনিটা বিষয়ত ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকায়। আন্তঃ ব্যক্তিগত তথা সামাজিক, আন্তঃমনোসংযোগ অর্থাৎ আত্মসচেতনতা, বোধজ্ঞান আৰু আশা, মানুহক প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ শিকায়। মানুহে হূস্ৰ আৰু দীর্ঘকালীন প্ৰক্ৰিয়াৰ মাজেৰে এই বিষয়সমূহ আয়ত্ত কৰিব পাৰে। আমাৰ যি লক্ষ্য সেয়া মানসিক সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে লক্ষ্যৰ সৈতে মানসিক ভাৰসাম্য ওতপ্রোতভাবে জড়িত। আমি বৰ্তমানৰ পৰিবেশৰ সৈতে নিজকে খাপ ভুৱাব লাগিব, সেই পৰিবেশক নৱ ৰূপ দিয়াৰ সামর্থ্য আহৰণ কৰিব লাগিব আৰু এটা নতুন পৰিবেশক নির্বাচিত কৰিব লাগিব। দক্ষতা হৈছে জীৱনৰ ব্যস্তৱতাৰ ভেটি। জ্ঞান আৰু বিচাৰৰ ক্ষমতা হৈছে মানবীয় আচৰণৰ শাশ্বত দিশ আৰু ইয়ে মানুহক সুন্দৰ এক জীৱনক বুজিবলৈ শিকায়। বাস্তব জ্ঞানে আমাক মানবীয় প্রকৃতি, আন্তঃব্যক্তিগত সম্পর্ক আৰু সামাজিক আচৰণ কি তাক জনাৰ বাবে উৎসুক কৰি তোলে। আনহাতে পদ্ধতিগত জ্ঞানে জীৱনটোক সলনি কৰা আৰু তাৰ সৈতে সংলগ্ন কৰি কিদৰে আগুৱাই নিব পৰা যায়, তাৰ কৌশল শিকায়। জীৱনজোৰা প্ৰাসাংগিকতাই কোনবোৰ বিষয় সকলোতে প্রযোজ্য আৰু এইবোৰ বিষয়ৰ মাজত সংযোগ সাধন সম্ভব তাকে শিকায়, শিক্ষা, পৰিয়াল ইত্যাদি কিভাবে সংযুক্তি সাধন কৰিব পৰা যায় তাকো সামৰি লয়। আপেক্ষিক জ্ঞান তত্ত্বই সমস্ত জ্ঞান, ব্যক্তিৰ চিন্তা আৰু পাৰিপাৰ্শ্বিকতাৰ দ্বাৰা নিয়ন্ত্রিত হয়। আনহাতে সম্বন্ধবাদে দার্শনিক বিশ্বাস, বিশ্বাসকৰ্তাৰ জ্ঞানৰ পৰিবিৰ ওপৰত নিৰ্ভৰশীল কৰি তোলে। মূল্যবোধ আৰু জীৱনৰ আপেক্ষিকতাই মানুহৰ মাজত থকা ভিন্নমুখী প্ৰমূল্যবোধৰ ক্ষেত্ৰত সহিষ্ণু হ’বলৈ উদগনি যোগায়। স্বীকৃতি আৰু ব্যৱস্থাপনা হৈছে জ্ঞানৰ অনিশ্চয়তাৰ অন্যতম দিশ। সকলো বিষয় জনাটো মানুহৰ বাবে সম্ভৱ নহয়। মানুহৰ জীবন যাত্রাত ইয়ে সীমাবদ্ধতাৰ পৰিসৰ গঢ়ি তোলে। উপযুক্ত মানব সম্পদ গঢ়ি তুলিবলৈ হ’লে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে নতুন প্রজন্মক আগুৱাই নিবই লাগিব। জ্ঞান আৰু প্ৰজ্ঞাৰ নিৰন্তৰ অন্বেষণেৰে এটা জাতিক আগুৱাই নিব পাৰিলে সেই জানতৰ অগ্ৰগামী যাত্ৰা ৰোধ কৰাটো সম্ভৱ নহয়। অসমীয়া জাতিসত্তাক শক্তিশালী কৰিব লাগিলে আৰু নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিব লাগিলে জ্ঞান আৰু প্ৰজ্ঞাৰ পথক শ্রেষ্ঠতা দিবই লাগিব। ইয়ে আত্মবিশ্বাস বৃদ্ধি কৰে। সুন্দৰৰ সন্ধান কৰিবলৈ শিকায়। উত্তৰণৰ প্রক্ৰিয়াটো এক মানসিক স্থিতি। ইয়াক সঠিক ৰূপত আগুৱাই নিয়াৰ বাবে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে আগুৱাই যাবই লাগিব।