প্ৰজাপিতা ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা শুৱালকুছি শিৱৰাত্ৰি উদযাপন
অনামিকা (সংগীতা)কলিতা,ৰঙিলী বাৰ্ত্তাসেৱা- “সত্যম শিৱম সুন্দৰম” ।ত্ৰিজগতৰ তিনিগৰাকী ভগৱান বা দেৱ হ’ল ব্ৰহ্মা/বিষ্ণু /মহেশ্বৰ বা মহাদেৱ। এই তিনি গৰাকীৰ ভিতৰত দেৱাদিদেৱ মহাদেৱ বা শিৱক সনাতন ধৰ্মৰ লোক সকলে পূজা কৰে । সকলোৱে বিশ্বাস কৰে মহাদেৱ অলপতে সন্তুষ্ট হয় সেই কাৰণে প্ৰায় ভাগ ব্যক্তিৰে প্ৰিয়। সেই ভোলানাথ শিৱৰ বিয়া শিৱৰাত্ৰি হিচাপে ফাগুন মাহৰ অমাৱস্যা চতুদৰ্শী তিথিত পালন কৰা হয়। আমাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক স্থান সিদ্ধেশ্বৰ দেৱালয়ৰ লগতে শিৱ মন্দিৰ থকা বা শিৱক আৰাধনা কৰা বহুতো ধৰ্মীয় স্থানত শিৱৰাত্ৰি ধুম ধামেৰে পালন কৰে।প্ৰজাপতি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা শুৱালকুছিৰ সঞ্চালিকা ফাল্গুনী বেহেনজীযেও শিৱৰাত্ৰি খুব সুন্দৰভাবে উদযাপন কৰিলে। শাখাত জড়িত বা তাত শিক্ষা গ্ৰহণ কৰি থকা মহিলা সকলক মাতা আৰু পুৰুষ সকলক ভাই বুলি সম্বোধন কৰে।

কাৰ্য্যসূচী অনুসৰি প্ৰথমে ঈশ্বৰক স্মৰণ মূৰুলি শুনাৰ পিছত ধৰ্মীয় পতাকা উত্তোলন কৰে ফাল্গুনী বেহেনজীয়ে।মধুবনৰ পৰা পঠাই দিয়া কেইটামান গুৰুত্বপূৰ্ণ অংগীকাৰেৰে পতাকা উত্তোলনৰ সামৰণি মাৰে ।সেই সুন্দৰ মুহূৰ্তত উপস্থিত আছিল ভাই মাতা ক্রমে সাধনা মাতা ,ৰেনুকা মাতা নমিতা মাতা ,গীতা মাতা, মুচকান ,কৰবী ,কল্যাণী মাতা নিত্যনন্দ ,মুকুল ভাই নবীন ,অতুল ভাই ,টুকু আৰু ৰুক্মিণী দাস আদি কৰি কেইবা গৰাকী ব্যক্তি ।বেহেনজীয়ে নিজে তৈয়াৰ কৰা সুস্বাদু ভোগ সকলোকে ভগাই দিয়ে । আধ্যাত্মিক জ্ঞানৰ অনুষ্ঠানত নিমন্ত্ৰিত হিচাপে আমিও তাত উপস্থিত আছিলোঁ।
