প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিবঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী
মন জুৰুৱা অনুষ্ঠান সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিব লাগিব। শৃংখলিত সমাজ নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মক জাতিপ্ৰেমী-ভাষাপ্ৰেমীলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল’ব লাগিব। অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰা কাৰ্যসূচীৰ অন্তৰ্গত মন জুৰুৱা অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। চিৰাঙ আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত ঢালিগাওঁ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাপতিৰ ভাষণত কয় যে অসমীয়া জাতি থকালৈকে অসম সাহিত্য সভা থাকিব; সভাক শক্তিশালী কৰা মানেই অসমীয়া জাতিৰ উত্তৰণত ভূমিকা গ্ৰহণ কৰা। প্ৰতি গাঁৱে গাঁৱে, ঘৰে ঘৰে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি জাতিৰ স্বাভিমান বৃদ্ধি কৰাৰো দায়িত্ব গ্ৰহণ কৰক প্ৰতিজন অসমীয়াই। চিৰাঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা ঢালিগাওঁ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ ৰায়ে আঁতধৰা সভাখনত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক ডা০ আব্দুল কুদ্দুছ শিকদাৰ, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাস, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, প্ৰাক্তন সম্পাদক দামোদৰ তালুকদাৰ, সাংগঠনিক সম্পাদক অতুল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি কালিন্দ্ৰ দেৱ শৰ্মা, প্ৰাক্তন সভাপতি ৰোহিনী কুমাৰ চৌধুৰী, সম্পাদক ডালিম সিংহ, প্ৰাক্তন জিলা প্ৰতিনিধি বিক্ৰম মেধি, চিৰাঙ জিলা সাহিত্য সভাৰ সভাপতি উপেন্দ্ৰজিৎ ৰায়, সম্পাদক অতুল ৰায়, জিলা প্ৰতিনিধি সুভাষ মজুমদাৰে, সাহিত্য সংগঠক দ্বীপ নাৰায়ণ ৰায়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। আজি বিয়লি ৫ বজাৰ পৰা ঢালিগাওঁ সাহিত্য সভা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত চিৰাঙ আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহ, ঢালিগাঁও সাহিত্য সভা, চাপাগুৰি শাখা সাহিত্য সভা প্ৰমুখ্যে বহু সংখ্যক শাখা সাহিত্য সভাৰ বিষয়ববীয়া, দল-সংগঠন-ব্যক্তি বিশেষে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা জনায়। থলুৱা শিল্পীৰ বৰগীত, জেং বিহু, কোচ-ৰাজবংশী নৃত্যই অনন্য মাত্ৰা প্ৰদান কৰা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা আৰু জাতীয় সংগীত পৰিৱেশনৰে সফল সামৰণি ঘটে।