প্ৰচণ্ড গৰমৰ বাবে মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। নেৰানেপেৰা বৰষুণৰ পাছত এইবাৰ ৰ’দে জলা-কলা খুৱাইছে ৰাজ্যবাসীক।বিগত কেইদিনমান প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা ।বতৰ বিজ্ঞানৰ তথ্য অনুসৰি সোমবাৰে গুৱাহাটীৰ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াছ আছিল যদিও গৰমৰ অনুভৱ আছিল ৩৮ ডিগ্ৰী চেলছিয়াৰ সমান। সেইদৰে ৰাজ্যৰ আন আন জিলাসমূহতো একেই অৱস্থা আছিল। আজি গুৱাহাটীৰ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াছ যদিও গৰমৰ অনুভৱ ৪২ ডিগ্ৰী চেলছিয়াছৰ সমান। এনে পৰিস্থিতিতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বতৰ বিজ্ঞান বিভাগে জাৰি কৰা গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো জিলা উপায়ুক্তক সজাগ হৈ থাকিবলৈ আৰু স্থানীয় বতৰ অনুসৰি বিদ্যালয়ৰ সময়সূচী সালসলনি কৰাৰ নিৰ্দেশ দিছে ।
সেই নিৰ্দেশৰ পাছতে অসহনীয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি আজি শিক্ষা বিভাগে কামৰূপ মহানগৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিছে । এই সন্দৰ্ভত আজি সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰিছে । চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে এই জাননী জাৰি কৰা হৈছে । জাননী অনুসৰি গ্ৰীষ্মপ্ৰবাহৰ বাবে এল পি স্কুলৰ ক্ষেত্রত পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব । সেইদৰে এম ই স্কুলৰ ক্ষেত্রত পাঠদান ৭.৩০ বজাৰ পৰা আৰম্ভ কৰি ১২ বজালৈ চলিব । আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চলিব । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে । এই নিৰ্দেশনা বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব আৰু ১৬ জনলৈ অব্যাহত থাকিব । সকলোকে এই নিৰ্দেশনা মানি চলাৰ বাবে জাননীযোগে কোৱা হৈছে ।