প্ৰখ্যাত অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই

প্ৰখ্যাত অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰখ্যাত অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই! আজি ৭৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। তেওঁৰ পুত্ৰ হোছাং গোভিলে নিজেই শনিবাৰে সংবাদ মাধ্যমক এই তথ্য প্ৰদান কৰে। প্ৰকাশিত এক বাতৰি অনুসৰি তাবাচ্ছুমৰ পুত্ৰ হোছাং গোভিলে কয়, ‘শুকুৰবাৰে সন্ধিয়া তেওঁৰ মৃত্যু হয়। তেওঁৰ বিদায়ত পৰিয়ালটো স্তম্ভিত হৈ পৰিছে। যোৱা নিশা প্ৰায় ৮:৪০ বজাত চিকিৎসালয়ত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাত তেওঁৰ মৃত্যু হয়। তেওঁ একেবাৰে সুস্থ আছিল। আমি ১০ দিন আগতে আমাৰ শ্ব’টোৰ বাবে শ্বুটিং কৰিছিলো আৰু অহা সপ্তাহত আকৌ শ্বুটিং কৰিবলৈ যোৱাৰ পৰিকল্পনা আছিল আৰু হঠাতে এনে হ’ল!” ১৯৪৭ চনত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তাবাচ্ছুম গ’ভিলে। নাৰ্গিছৰ বিপৰীতে শিশু অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল তাবাচ্ছুমে। ‘ৱহ মেৰা সুহাগ’, ‘মঞ্জধৰ’, ‘বড়ী বেহেন’, ‘বাইজু বাৱৰা’, ‘তেৰে মেৰে সপনে’, ‘চামেলি কি ছাদী’, ‘স্বৰ্গ’ আদি বহু ছবিত তেওঁ কাম কৰিছিল। যদিও তাবাচ্ছুমে বহু ছবিত কাম কৰিছিল দূৰদৰ্শনত প্ৰচাৰিত এটা অনুষ্ঠানৰ পৰাই তেওঁ খ্যাতি লাভ কৰিছিল। ১৯৭২ চনৰ পৰা ১৯৯৩ চনলৈকে দূৰদৰ্শনত প্ৰচাৰিত হোৱা এই টিভি শ্ব’টো ‘ফুল খিলে হায় গুলশান-গুলছান’ অনুষ্ঠানৰ বাবেই তাবাচ্ছুম বেছিকৈ পৰিচিত আছিল। এই অনুষ্ঠানত তাবাচ্ছুমে চলচ্চিত্ৰ ব্যক্তিত্ব আৰু টেলিভিছনৰ অভিনেতা-অভিনেত্ৰীসকলৰ সাক্ষাৎকাৰ লৈছিল।