প্ৰকৃত শিক্ষক প্ৰকৃতি – এছ ইছলাম

PC - CVExpress
প্ৰকৃত শিক্ষক প্ৰকৃতি
এছ ইছলাম, শিক্ষক, বৰপেটা
প্ৰকৃত শিক্ষক প্ৰকৃতি
উৎকট গৰমে আমাক শিকায়
দোকমোকালিতে ঢাৰিপাটি এৰিবলৈ
প্ৰভু ঈশ্বৰৰ প্ৰাৰ্থনা কৰিবলৈ।
উৎকট গৰমে আমাক শিকায়
গছৰ ছাঁত বহিবলৈ
বিশুদ্ধ বায়ু সেৱন কৰিবলৈ
মুক্ত বায়ুত জিৰণি ল’বলৈ।
উৎকট গৰমে আমাক শিকায়
নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ
আমিষ আহাৰ পৰিত্যাগ কৰিবলৈ
ফলমূল বেছিকৈ খাবলৈ।
ক’ৰ’ণাই আমাক শিকাইছে
মাস্ক পৰিধান কৰিবলৈ
হাত-মুখ পৰিস্কাৰ কৰি ধূবলৈ
চাফ-চিকুনকৈ থাকিবলৈ।