প্ৰকৃত ভালপোৱাৰ বাবে ছুমায়া আজি জ্ঞান হেৰাই পাগল – ছেলিমা বেগম

PC - Unsplash
প্ৰকৃত ভালপোৱাৰ বাবে ছুমায়া আজি জ্ঞান হেৰাই পাগল
ছেলিমা বেগম, নগাঁও
আব্দুৰ ঘৰত বৰ আনন্দদায়ক পৰিবেশ কাৰণ তাৰ পত্নীয়ে দুটা ল’ৰা সন্তান জন্ম দিয়াৰ পিছত এজনী পদুম ফুলৰ দৰে কন্যা সন্তান জন্ম দিলে। ছোৱালী জেনীৰ নাম ৰাখিলে ছুমায়া ঘৰত সকলোৱে ছুমু বুলি মাতে । ছুমু ৰূপে গুণে কম নহয়,ঘৰৰ একমাত্ৰ ছুমু বৰ মৰমৰ । ছুমু লাহে লাহে গাভৰু হ’বলৈ ধৰিলে। ডাঙৰ দাদা ৰুবুলে তাইক বৰ মৰম কৰে , সকলো সময়তে ছুমু আনন্দ ফূৰ্তি পৰিয়ালৰ লগত থাকে। লিখা পঢ়াত এজনী মেধাৱী ছাত্ৰী ছাৰ বাইদেউ সকলে খুব ভাল পায়, লগৰীয়াৰ লগত সদায় মিলা মিচা হৈ ধেমালি কৰি থাকে। ছুমু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় তিনিটাত লেটাৰ নম্বৰ লৈ । বাপেক আব্দুল জীয়েক ছুমুক এখন ভাল কলেজত নাম ভৰ্তি কৰাই দিয়ে।
ছুমু – দাদা আজি প্ৰথম দিন কলেজত যাম তুমি লগত যাব লাগিব। মোৰ মৰমৰ টুপোলা তোৰ লগত কিয় না যাওঁ ব’লা! দুয়ো গৈ কলেজ পালে।
চুয়েল – আচ্ছালামু আলাইকুম বুলি ছালাম এটা দিলে ৰুবুলে ছালাম গ্ৰহণ কৰিলে, দাদা মোৰ আজি চতুৰ্থ বৰ্ষৰ ফলাফল দিলে, এয়া মিঠাই এই কথা কৈ অলপ মিঠাই ওলিয়াই দিয়ে। দাদা এই জনী – হয় তাই মোৰ ভন্টি আজি প্ৰথম কলেজত আহিছে। অ’ হয় নে কি আপুনি চিন্তা কৰিব নালাগে মই ছাৰ বাইদেউ সকলক চিনাকি কৰাই দিছোঁ, যোৱা ছুমু কলেজৰ ভিতৰত গৈ ক্লাছ কৰা মই তেনেহলে আহোঁ। চুয়েল ছুমুক লগত লৈ কলেজৰ অধ্যক্ষৰ লগত চিনাকি কৰাই দিয়ে ছাৰ তাই আমাৰ গাঁৱৰ ছোৱালী এইখন কলেজত নামভৰ্তি কৰিলে,হয় নে কি তোমাৰ নাম কি ছাৰ মোৰ নাম ছুমায়া পাৰবীন।এনে ধৰণে ছুমু আৰু চুয়েলৰ মাজত প্ৰথমে বন্ধুত্ব তাৰ পিছত প্ৰেম গঢ়ি উঠে।
ছুমু – দাদা তুমি যে কলেজত চিনাকি কৰাই দিছিলা চুয়েল নামৰ ল’ৰা জন বৰ ভাল, মোৰ সকলো কামতেই সহায় কৰে। চুয়েল চাকৰি এটাৰ বাবে আবেদন কৰিলে, ভাল কথা,শুন ছুমু, চুয়েলৰ লগত তোৰ উঠা বহা মানুহে ভাল নাপায়। আজিৰ পৰা অলপ সাৱধান হৈ থাকিবি । কথা টো শুনি ছুমুৰ অলপ ভয় লাগিল, দাদা কি কৈছে আজি মোৰ কথা কোনো বা এজনে লগাই দিলে নে দাদা মোক সন্দেহ কৰে।
চুয়েল –  দুৰৰ পৰা দৌৰি আহি চুয়েল কবলৈ ধৰিলে ছুমু ছুমু আজি মোৰ মনত শক্তি পাইছোঁ জানা চাকৰি এটা হ’ব আমি দুয়ো সুখৰ সংহাৰ পাতিব পাৰিম।
ছুমু – কি কথা কৈছে, আজি চুয়েল দা পাগল হৈছে দেখোন খুব খং উঠিছে চুয়েল। কি কৈছা ছুমু, মই ইমান দিন এই কথা শুনিবলৈ অপেক্ষাত আছিলোঁ ! আজি শুনিবলৈ পায় পৃথিৱীৰ গোটেই সুখ খিনি মোৰ হৃদয়ৰ ভিতৰত সোমাই পৰিছে। কি কথা কৈছোঁ মই তোমাক বেয়া কথা কোৱা নাই, বেয়া কোৱা নাই চুয়েল তুমি বুলি কোৱাত আজি তুমি ছুমু মোৰ জনী লাগিছে। ধেৎ চুয়েল দা মোৰ মুখৰ পৰা কেনেকৈ ওলাই পৰিছে, এই কথা কৈ ছুমু দৌৰ এটা মাৰি হাঁহি হাঁহি ঘৰ পালেহি।
মা – ফাতেমা চোতালত গৈ দেখে তাইৰ ছুমু মনৰ ভিতৰত কিবা এটা গভীৰ ভাৱ লৈ সোমাই আছে। ছুমু কি হৈছে আজি দেখোন মোৰ কলিজা জনী  ইমান ধুনীয়া লাগিছে একেবাৰে ক’ৰবাত কিবা উচটি খাই আহিছে। হয় মা তুমি ঠিকেই কৈছা , মনৰ ভিতৰত উচটি খাই আহিছোঁ, পাগল ছোৱালী।
চুয়েল –  মটৰ চাইকেল এখন লৈ ছুমুৰ ঘৰৰ পিছফালে থকা খিৰিকীৰ কাষত ৰৈ আছে। ছুমু খিৰিকী খন খুলি দেখে চকুৰ সমুখত যেন স্বৰ্গৰ পৰা মৰ্ত্যলৈ এজন দেৱ দূত আহি ৰৈ আছে কোনো এজনী প্ৰেয়সীৰ অপেক্ষাত! ছুমু এক দৌৰ মাৰি চুয়েলৰ ওচৰ পালে গৈ। চুয়েল তু—মি ই–য়া–ত , হয় ছুমু ঠিকেই দিখিছা। মই মোৰ মনৰ ৰাজকুমাৰী জেনীৰ লগ পোৱাৰ আশাত ৰখি আছোঁ কিজানি আহি মোৰ মন জয় কৰি ল’ব পাৰে। চুয়েল দাদা কোনো বা এজনে দেখিলে কথা টো বেয়া হ’ব। মোক মানা কৰিছে তোমাৰ লগত চলা ফুৰা কৰাত । এই বুলি দুয়ো মটৰ চাইকেল খন চলাই গৈ আছে। ছুমু পিছত বহি চুয়েলক ক’লে  জানা মই যি দিনাৰ পৰা তোমাৰ লগত চিনাকি হৈছিল সেই দিনাৰ পৰা ম’বাইল ফোনত তোমাৰ লগত কথা পাতিবলৈ বৰ ইচ্ছা আছিল কিন্তু কেনেকৈ কম ভাষা বিচাৰি পোৱা নাছিলোঁ। আজি তুমি মোৰ মনৰ লুকাই থকা সকলো কথা প্ৰকাশ কৰি দিলা। হয় ছুমু ঠিকেই কিন্তু মই তোমাক নাপালে মৰি যাম, চুয়েল মই তোমাক নাপালে পাগল হৈ যাম। দুয়ো কথা পাতি থাকোতে সমুখত এটা গছত খুন্দা মাৰি চুয়েলৰ প্ৰাণ বায়ু গুচি যায়। ছুমু পিছফালৰ পৰা এটা বিকট শব্দত চিঞৰি উঠিল চুচউ–য়এ–ল ? গাঁৱৰ মানুহৰ মাজত হোৱা দোৱা লাগিল, সকলো ৰাইজ আহি পালেহি কিন্তু চুয়েল আৰু নাই।নিজ চকুৰ সমুখত নিজৰ প্ৰেমিক হেৰাই ছুমায়াৰ জ্ঞান হেৰাই , পাগলী নাম পালে।ছুমায়া এতিয়া এটাই শব্দ উচ্চাৰণ কৰিব পাৰে চুয়েল। তাইৰ এই খন পৃথিৱীৰ বুকুৰ পৰা এটা শব্দ পাহৰিব পৰা নাই চুয়েল । ছুমায়া এতিয়া শিকলিৰ জালত আবদ্ধ। শিকলিৰ পৰা মুক্ত পালেই দৌৰ মাৰি কৈলৈ যা তাই একো ক’ব নোৱাৰে । কোনো চিকিৎসা কামত নাহে। বাপেকৰ সম্পত্তি যি খিনি আছিল সেই খিনি বিক্ৰী কৰি চিকিৎসাৰ বাবে শেষ কৰি দিয়ে। দাদা ৰুবুলে ছুমুৰ খোৱা বোৱাৰ পৰা আদি কৰি সকলো কৰি দিয়ে তাই নিজে কোনো কিছু কৰিব নোৱাৰে। খাবলৈ দিলে , শুভ লৈ দিলে , কোনো বা এজনে মাত লগালে, তাইৰ মুখৰ পৰা এটা শব্দ ওলাই   চুয়েল! চুয়েলৰ প্ৰেমৰ কাৰণে আজি ছুমায়া জ্ঞান হেৰাই পাগল।