প্ৰকৃতি
পপী বৰা
মেলেং গ্ৰান্ট, যোৰহাট
কাকজান মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ
অসমীয়া বিভাগৰ ছাত্ৰী
প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ
মইও এক নতুন অধ্যায় ,
প্ৰকৃতিৰ বুকৰ তেজেৰে লিখা
মইও এক বিশেষ কবিতা,
প্ৰকৃতিৰ কোলাত মূৰ থৈ
জিৰণি লোৱা
মইও এক বাটৰুৱা ,
প্ৰকৃতিৰ প্ৰেমৰ ঠিকনা বিচাৰি
হাবাথুৰি খাই ফুৰা
মইও এক বিশাল আকাশ,
ৰৈ যাওঁক মোৰো হৃদয়
প্ৰকৃতিৰ বুকুত আলফুলে
জিৰণী লম,
শেষ নোহোৱা শীতৰে
সেমেকা মজিয়াত।
