প্ৰকৃতিৰ বুকুলৈ নামি আহিছে শৰৎ – ৰশ্মি ৰেখা দুৱৰা

প্ৰকৃতিৰ বুকুলৈ নামি আহিছে শৰৎ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
শৰৎ তুমি আহিলা প্ৰকৃতিৰ বুকুলৈ
উৎকট গৰম সামৰি
বোকাময় আলিবোৰৰ অৱসান ঘটালা,
গো বাটেৰে পথাৰ গচকিলোঁ
সেউজীয়া পথাৰে মিচিকনি হাঁহি মাৰি
দূৰৈত হালি-জালি নাচি থকা কহুৱাক
বতাহৰ হতোৱাই আমন্ত্ৰণ জনাইছে।
শৰতৰ আকাশ-বতাহৰ খিকিন্দালিত
প্ৰকৃতি জুৰুলি-জুপুৰি
আমোলমোল শেৱালিৰ গোন্ধত
নিয়ৰসনা দুচকুৰ টোপালবোৰ
সৰি পৰি হাঁহি এটি ওলমি ৰয়।
প্ৰাণে প্ৰাণে শৰতে কুৰুকি কুৰুকি সোমাইছে
মেঘৰ প্ৰচণ্ড গৰ্জন সামৰি প্ৰকৃতিৰ একোণত
ন-জোনে সাজোন কাঁচোন কৰিছে
সিঁচি দিছে অজস্ৰ পোহৰ।
থুপি থুপি তৰাৰ শাৰীয়ে গুণগুণ কৰি
শৰতৰ আকাশত ৰং বিৰঙৰ ফুটুকা বাচিছে,
ফৰকাল মনেৰে ওপচাই তুলিবলৈ
বাৰে বাৰে আহিবা শৰৎ
মুখমণ্ডলত আঁৰি থৈ যাবা এটি মৃদু হাঁহি।