প্ৰকৃতিপ্ৰেমী ড॰ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ বাবে আন এটা সু-খবৰ৷ গ্ৰীন অস্কাৰ বিজয়ী প্ৰকৃতিপ্ৰেমী ড॰ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সম্পৰ্কীয় সৰ্বোচ্ছ সন্মান আগবঢ়োৱা হৈছে৷ পৰিৱেশ কৰ্মীগৰাকীলৈ ‘চেম্পিয়ন অব্‌ দ্য আৰ্থ-২০২২’ সন্মান আগবঢ়োৱা হৈছে৷ ‘হাড়গিলা বাইদেউ’ হিচাপেও বিখ্যাত ড॰ পূৰ্ণিমা দেৱী বৰ্মনে বিলুপ্তপ্ৰায় হাড়গিলাৰ  সংৰক্ষণৰ বাবে বিগত বহু বছৰ চলাই থকা গণ আন্দোলনৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ [ইউ এন ই পি] অধীনত এই বঁটা আগবঢ়োৱা হৈছে৷ ৰাষ্ট্ৰসংঘই আজি ২০২২ বৰ্ষৰ বাবে বিশ্বৰ পাঁচজন ব্যক্তিলৈ চেম্পিয়ন অব্‌ দ্য আৰ্থ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে৷ বঁটা লাভ কৰা পাঁচজনৰ ভিতৰত অসমৰ জীৱবিজ্ঞানী তথা হাড়গিলা সৰক্ষণ আন্দোলনৰ গুৰি ধৰোঁতা ড॰ পূৰ্ণিমা দেৱী বৰ্মনো আছে৷ উল্লেখযোগ্য যে ২০০৫ চনৰ পৰাই ৰাষ্ট্ৰসংঘই ইউ এন ই পি আঁচনিৰ অধীনত প্ৰতি বছৰে চেম্পিয়নছ অব্‌ দ্য আৰ্থ বঁটা প্ৰদান কৰি আহিছে৷ মুখ্যতঃ প্ৰকৃতি সুৰক্ষাত সন্মুখৰ পৰা নেতৃত্ব দিয়া আৰু অগ্ৰণীসকলক এই বঁটা প্ৰদান কৰা হয়৷ চলিত বৰ্ষত বিশ্বৰ পাঁচজন ব্যক্তিলৈ এই ‘বঁটা আগবঢ়োৱা হৈছে৷ অসমৰ বন্যপ্ৰাণী জীৱবিজ্ঞানী ড॰ পূৰ্ণিমা দেৱী বৰ্মনক এণ্টাৰপ্ৰিনিউৰেল ভিজন কেটেগৰীত, লেবাননৰ আৰ্চেনচিয়েল, টিন’ৰ কনষ্টেণ্টিন’ আৰু পেৰুৰ অক্কুৱাচিউটাছলৈ ইন্সপিৰেশ্যন এণ্ড একশ্যন কেটেগৰীত আৰু ইংলেণ্ডৰ পাৰ্থ দাশগুপ্তলৈ ছায়েন্স এণ্ড ইনভেনশ্যন কেটেগৰীত এই বঁটা প্ৰদান কৰা হৈছে৷ বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে ড॰ পূৰ্ণিমা দেৱী বৰ্মনে তৃণমূল পৰ্যায়ৰ মহিলাসকলক লৈ যি নাৰীবাহিনী গঠন কৰি গণ আন্দোলন গঢ়ি তুলিছে আৰু তেওঁৰ নেতৃত্বত মহিলাসকলে কাপোৰত হাড়গিলাৰ ফুল তুলি সজাগতা সৃষ্টিৰ সমানে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ যি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, সি ইতিমধ্যে বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷ এই বাবেই তেওঁক এইবাৰৰ বঁটাৰ বাবে বাছনি কৰা হয়৷ প্ৰণিধানযোগ্য যে ৰাষ্ট্ৰসংঘৰ এই বঁটা ইতিপূৰ্বেৰ্২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈয়ো আগবঢ়োৱা হৈছিল৷ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্ছ পৰিৱেশ সন্মান চেম্পিয়নছ অব্‌ দ্য আৰ্থ বঁটা আজিলৈকে বিশ্বৰ ১১১জন ব্যক্তিলৈ আগবঢ়োৱা হৈছে৷