প্ৰকৃততে তেনে নহয়- মুন শৰ্মা

Pc Adobe Stock
চুটিগল্প
“প্ৰকৃততে তেনে নহয়”
সেই নিশাটোৰ কথা ভাবি আজি আচৰিত হৈছে মিছ মাধুৰীমা হাজৰিকা।এটা ভয়াৱহ নিশাত কি  দৰে ক’ৰ পৰা আহি ঈশ্বৰৰ দূত ৰূপে চহৰৰ বেয়া লৰা হিচাপে বিখ্যাত ৰঞ্জিত ফুকনে ৰক্ষকৰ ভূমিকা লৈ অকলেই ছয় জনীয়া অপহৰণকাৰী দলটোৰ কৱলৰ পৰা উদ্ধাৰ কৰি আনিছিল মাধুৰীমাক। ইমান দিনে  দেখি থকা,শুনি থকা, দেখিলেই ভয় খোৱা, কেতিয়াবা খঙত ঘৃণা ভাব ওপজা, য’তে- ত’তে গুণ্ডা বুলি চিনাকি থকা থকা সেই ৰঞ্জিত নামৰ লৰাটোৰো যে অন্য এক চৰিত্ৰ আছে তাই কল্পনাই কৰিব পৰা নাছিল।
        সৌ সিদিনালৈকে বাইকত বহি বেপেৰুৱা ভংগীমাত চিগাৰেটৰ ধোঁৱা উৰুৱাই ৰাস্তাৰ কোনোবা ঠাইত বহি থকা।কথাই প্ৰতি অশ্লীল শব্দ প্ৰয়োগ কৰা। মন গ’লেই ডাঙৰ সৰু নামানি যাকে তাকে অপমান কৰা। সৰু সৰু কথাতে কাজিয়া কৰা, কলেজৰ শেষত ঘৰলৈ বুলি উভতা তাইকে ধৰি অন্য ছোৱালী বোৰক জোকাই অশান্তি সৃষ্টি কৰা সেই লৰাৰটোৰ বাবেই বিপদে ঘেৰা নিশাটো অন্তত পৰিছিল তাইৰ।
      কথাবোৰ ভাবি আছে, সময়ৰ বোৰ গৈ আছে।ক্ৰমে ক্ৰমে মাধুৰীমাৰ মনত সলনি হ’ব ধৰিলে তাৰ প্ৰতি থকা তাইৰ ধাৰণা, তাৰ নাম শুনিলেই তাইৰ মনত ভাঁহি অহা ছবি খনে আকৃতি সলনি কৰিলে লাহে লাহে। এটা কথা বুজি উঠিল ভবাৰ দৰে সকলো কথা একে নহয় মানুহৰ বাহিৰত দেখা টোৱেই একমাত্ৰ চৰিত্ৰ নহয়,ভিতৰতো আন এটা চৰিত্ৰ লুকাই থাকে যিটো সহজে আনে দেখা নাপায় বা  নাজানে। সময়ত দৃশ্য মান হয়  কেতিয়াবা। বহু সময় ভাবিলে ইমানেই গভীৰ ভাবি আছিল যে বাহিৰৰ পৰা মাকে মাতি থকা পাছতো তাই শুনা নাছিল। সেয়ে তাইক বিচাৰি তেতিয়া তাই থকা ৰুমলৈকে আগুৱাই আহিল আৰু দৰ্জা খনৰ মুখত ৰৈয়েই প্ৰায় চিঞৰি দিয়াৰ দৰেই,, মাধুৰীমা তোক ইমান মাতি আছোঁ মাত নাই কিয়? সিফালে হঠাৎ মাকৰ মাতত ইমান সময়ে ভাৱনাৰ পৃথিৱীত উটি ভাঁহি থকা মাধুৰীমা উচপ খাই বাস্তবলৈ ঘূৰি আহিল।তথাপিও মাকৰ প্ৰশ্নৰ উত্তৰ সহাৰি নিদি অকাৰৰ দৰেহে চাই থাকিল।  মাকে ধৰিব পাৰিছিল তাই কিবা এটা যে চিন্তা কৰি আছে।সেয়ে আগৰ প্ৰশ্নটো পুনৰ নকৈ অন্য এটা প্ৰশ্ন হে কৰিলে।কি চিন্তা কৰি আছ মাজনী! সেইবাৰ কিন্তু তাই আহিল ফটফতিয়া উত্তৰ,নাই মা একো চিন্তা কৰি থকা নাই ,এনেই অকণমান। মাকে বুজিছিল তাই মিছা কৈছে কিন্তু জোৰ নকৰি মাত্ৰ ক’লে বাহিৰলৈ আহ ৰঞ্জন আহিছে তোৰ খৱৰ লবলৈ।
ৰঞ্জনৰ নাম শুনিয়েই তাই কঁপিব ধৰিলে। হয় তাই খৱৰ ল’ব আহিছে আৰু অলপ আগত তাৰ বিষয়ে ভালবোৰ ভাবিছে তথাপিও ইমান কম সময়তে তাৰ লগত যে সহজ হ’ব নোৱাৰিব  ভালকৈয়ে বুজি পাইছিল। হলেও উপায় একো নেদেখি আৰু ইমান এটা ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰাৰ পিছত তাক যদি দেখা দিয়া নহয়,তেতিয়া কিন্তু পাপে চুব সেইটোও বুজিছিল ।সেয়ে পলম নকৰি ৰঞ্জন য’ত বহি আছিল তালৈ বুলি খোজ দিলে।
ড্ৰয়িং ৰূমৰ বেতৰ চকী খনতে বহি আছে ৰঞ্জন সেই স্বাভাৱিক  চঞ্চল  ৰঞ্জন নহয়, শান্ত ঠাণ্ডা গ্ৰহীন অন্য এক ৰঞ্জন। তাইক দেখিয়েই মিচিকিয়া এটা হাঁহিৰে বহাৰ পৰা উঠি নমস্কাৰ জনালে।আকৌ আচৰিত এইতো পজ আক কেতিয়াবা পৰা। যি নহওঁক তাইও দিলে প্ৰতি নমস্কাৰ।সিফালে সিহঁতক তাতে এৰি মাক পালেগৈ পাকঘৰ। ৰঞ্জনে সুধিলে
● ঠিকেই আছা!তাই কলে উম আছোঁ।
 ●আকৌ প্ৰশ্ন দেউতা নাই নেকি? উত্তৰ নাই বজাৰলৈ গ’ল।
●উম…।
তাৰ পাছত ৰঞ্জনে ক’লে মই তোমালোকৰ এইফালে  কাম এটাত আহিছিলো।ভাবিলোঁ তোমাৰ আৰু তোমালোকৰ খৱৰ এটা লৈ যাওঁ।
তাই ক’লে মাত্ৰ উম। অন্য কিবা ক’ব বুলি অলপ ৰোৱাৰ পাছত মাধুৰীমাৰ মুখৰ পৰা একো নোলোৱা দেখি সি আকৌ সুধিলে কলেজ কেতিয়াৰ পৰা যাবা আকৌ?
তাই ক’লে আৰু তিনি দিনৰ পাছত যাম। উম বঢ়িয়া, ভাল লাগিল শুনি কথাটো। দুদিন মান অলপ সতৰ্ক হৈ থাকিবা। সিদিনাৰ দৰে দেৰিলৈকে কলেজেত থাকিলে যদি কিবা অসুবিধা হয় মোক খৱৰ দিবা,মই সহায় কৰি দিম। ৰঞ্জনে একে উশাহে কোৱাৰ দৰে কথাবোৰ তাই মাত্ৰ শুনিহে আছে নিশব্দে । উত্তৰ দিয়া প্ৰতি আগ্ৰহ নাই অন্য কিবা চিন্তালৈ হে মন কাণ সকলো গৈ আছে । কথাটো হ’ল ধন্যবাদ এটা দিয়াটো বহুত প্ৰয়োজন বৰ্তমান। সেয়ে তাৰ কথা শেষৰ খিনি শেষ নোহোৱা আগেয়ে তাই তাক দিলে এটি ধন্যবাদ,আৰু ক’লে ধন্যবাদ জনালো আপোনাক আপোনাৰ  বাবেই আজি মই সুস্থ ভাবেই ঘৰত আছোঁ নহলে সিদিনা কি হ’ল হেতেন মই ভাবি পোৱা নাই। কথা শুনি ৰঞ্জনে হাঁহিলে। কিয় হাঁহিলে বুজি কিন্তু নাপালে তাই!অলপ সময় হাঁহি  তাই চকুলৈ মৰম সনা চাৱনিয়ে চাই ক’লে  মাধুৰীমা ধন্যবাদ মোক নহয়,যদি দিব বিচৰা ভগৱানক দিয়া তেওঁৰ কৃপাত তুমি আজি এই অৱস্থাত মই মাত্ৰ তেওঁৰ দিয়া দায়িত্ব হে পালন কৰিলোঁ সিদিনা। তেনেতে মাকে আহি দিলেহি চাহ।চাহ খোৱাৰ পৰ্ব শেষ হোৱাৰ পাছতো বহু সময় মাক জীয়েক, আৰু ৰঞ্জনে বহু কথা পাতিলে। এটা সময়ত বিদায় ল’ব খুজিলে ৰঞ্জনে। অহাৰ সময়ত পদূলিলৈকে আগবঢ়াই দিলেহি  ৰঞ্জনক মাধুৰীমাই কাৰণ তেতিয়ালৈ তাই তাৰ পতি থকা  ভয় বোলা বস্তুটো লুপ্ত হৈছিল মনৰ পৰা। কথা পাতি পাতি একেবাৰে সহজ হৈ পৰিছিল তাৰ লগত। পদূলিতে সেই শেষ ক্ষণত মাধুৰীমাই এষাৰ কথা কৈ বিদায় দিলে ভাল হ’ব ভাবি কথাটো কৈছিল।আপুনি ইমান ভাল মানুহ যে হ’ব পাৰে মোৰ বিশ্বাস হোৱা নাছিল কিন্তু এতিয়া বিশ্বাস গ’ল গতিকে  আগতে আপোনাক বহু বাৰ খঙত দুই এটা টানকৈ কৈছিলো সেইবোৰৰ বাবে আজি দুঃখিত।পাৰিলে ক্ষমা কৰি দিব।লগে লগে ৰঞ্জনৰ উত্তৰ বাদ দিয়া সেইবোৰ,সৰু সৰু কথাত মূৰ ঘমালে জানো উপভোগ্য হ’ব জীৱনটো। কেতিয়াবা  এৰা এৰি ও কৰিব লাগে কিছু কিছু ক্ষেত্ৰত বুজিছা। বাৰু আহোঁ এতিয়ালৈ আকৌ লগ পাম কেতিয়াবা সেই আগৰ ঠাইতে তোমাক তোমাৰ বান্ধৱী বোৰক জোকোৱা উদ্দেশ্যে। কথাটো কৈয়েই গুলি যোৱাদি আঁতৰি গ’ল বাইক উঠি তাইৰ কাষৰ পৰা সিফালে সি যোৱাৰ ফালে কিছু পৰ চাই থাকি মাধুৰীমাই নিজকে নিজে ক’লে প্ৰকৃততে তেনে নহয়।
        মুন শৰ্মা,লখিমপুৰ