প্ৰকাশ পালে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকা

প্ৰকাশ পালে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ নিৰ্বাচন আয়োগে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বাবে খচৰা ভোটাৰ তালিকা প্রস্তুত কৰিছে। অসম আৰু জম্মু-কাশ্মীৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰকাশ কৰা এই ভোটাৰ তালিকাক লৈ সৃষ্টি হৈছে চৰ্চাৰ। উল্লেখ্য যে ৰাজ্যব্যাপী সমষ্টিভিত্তিক প্রকাশ হোৱা এই খচৰা ভোটাৰ তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৪৬,২৮,৬৭৩জন। ইয়াৰে ১,২৩,১৬,৯৫২জন পুৰুষ ভোটাৰ আৰু ১,২৩,১১,৩৩৪ গৰাকী মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩৮৮গৰাকী। প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ১২৬টা বিধানসভা সমষ্টিত মুঠ ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা ২৯,৬৫৬টা। বিগত বৰ্ষৰ তুলনাত এইবাৰ ১,০৭৭টা ভোটকেন্দ্র বৃদ্ধি পালে। উল্লেখ্য যে ২০২৩ বৰ্ষৰ অন্তিমভাগত প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৪৩,০২,৪৬০জন। ইয়াৰে ১,২২,১২,৪৮৩জন পুৰুষ ভোটাৰ আৰু ১,২০,৮৯,৫৬৯গৰাকী মহিলা ভোটাৰ আছিল। প্রকাশ পোৱা ভোটাৰ তালিকা অনুসৰি ৮০ ঊর্ধ্বৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৯০,৫৪৮ গৰাকী। আনহাতে ৬০ ঊর্ধ্বৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ২০,২৫,৬৪৩গৰাকী। ইয়াৰ বিপৰীতে ১৮-১৯ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ২,৫৫,৫৬২জন। একেদৰে ২০-২৯ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ৬৫,২৭,৭১১জন। ৩০-৩৯ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ৬১,৭২, ৮৯৯জন। ৪০-৪৯ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ৪৯,৬০,১৮৫জন। ৫০-৫৯ বয়সৰ ভোটাৰৰ সংখ্যা হ’ল ৩৫,৬০,৪৩৮জন।