প্ৰকাশ কৰা হ’ল অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা

Pc economic times

প্ৰকাশ কৰা হ’ল অভিভাৱক মন্ত্ৰীৰ নতুন তালিকা

ৰঙিলী বাৰ্ত্তাসেৱা-   সলনি হ’ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী।একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত অসন্তুষ্ট হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব সলনি কৰাৰ ব্যৱস্থ‍া গ্ৰহণ কৰিছে।বিগত সময়চোৱাত অভিভাৱক মন্ত্ৰীসকলে কৰা কাম-কাজৰ পৰ্যালোচনা কৰাত একাংশ মন্ত্ৰীৰ ব্যৰ্থতা উন্মোচিত হয়।যাৰ বাবে অভিভাৱক মন্ত্ৰীৰ জিলাৰ দায়িত্ব সালসলনি কৰাৰ ব্যৱস্থা কৰা হৈছে।ইফালে নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।নতুন তালিকাত কোন জিলাত কোন মন্ত্ৰীক দায়িত্ব? মন্ত্ৰী অতুল বৰাক কামৰূপ মহানগৰ আৰু উত্তৰ লখিমপুৰৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁৰ দায়িত্বত আছিল ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা।মন্ত্ৰী ৰণজিত কুমাৰ দাসক বঙাইগাঁও, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ বঙাইগাঁও,ধুবুৰী আৰু বৰপেটা জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী পীযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জ জিলাৰ দায়িত্ব।পূৰ্বে তেওঁৰ দায়িত্বত আছিল শোণিতপুৰ,বিশ্বনাথ আৰু নগাওঁ জিলা। মন্ত্রী কেশৱ মহন্তক মৰিগাঁও, গোলাঘাট আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দায়িত্ব। ইয়াৰ পূৰ্বে তেওঁ গোলাঘাট আৰু মৰিগাঁও জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই জিলাৰ দায়িত্ব।পূৰ্বে তেওঁ হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী অজন্তা নেওগক যোৰহাট আৰু নলবাৰীৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী ডাঃ ৰণোজ পেগুক শিৱসাগৰ, মাজুলী আৰু বৰপেটাৰ দায়িত্ব।পূৰ্বে তেওঁ শিৱসাগৰ আৰু যোৰহাট জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী অশোক সিংঘালক কোকৰাঝাৰ আৰু গোৱালপাৰাৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ দায়িত্বত আছিল। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলাৰ দায়িত্বত আছিল। মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্ব।পূৰ্বে তেওঁ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ দায়িত্বত আছিল। মন্ত্ৰী বিমল বড়াক চৰাইদেউ আৰু ওদালগুৰি জিলাৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী ইউ জি ব্ৰক্ষ্মক চিৰাং আৰু তামুলপুৰ জিলাৰ দায়িত্ব।ইয়াৰ পূৰ্বে তেওঁ বাক্সা আৰু চিৰাং জিলাৰ দায়িত্বত আছিল।মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি জিলাৰ দায়িত্ব দিয়া হয়।পূৰ্বে তেওঁ ধেমাজি আৰু লখিমপুৰ জিলাৰ দায়িত্বত আছিল৷মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাছাৰ,ধুবুৰী আৰু হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে।মন্ত্ৰী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছে।