‘‘প্ৰকাশ”ৰ উদ্যোগত গল্পৰ আবেলি

Pc Ukhrul Times

‘‘প্ৰকাশ”ৰ উদ্যোগত গল্পৰ আবেলি

ৰঙিলী বাৰ্ত্তাসেৱা-  বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত “প্ৰকাশ”ৰ উদ্যোগত অনুষ্ঠিত হয় “গল্পৰ আবেলি” ৷“গল্পৰ আবেলি” সঞ্চালনা কৰি বিশিষ্ট গল্পকাৰ বিতোপন বৰবৰাই কয় যে গল্পৰ বিষয়ে আয়োজন কৰা এই অনুষ্ঠানে গল্প কথকসকলক উপকৃত কৰিব ৷ গল্প এটাৰ বিষয় নিৰ্বাচন, ভাষাৰ ওপৰত নিয়ন্ত্ৰণ আৰু নিৰ্মাণ সন্দৰ্ভত ইয়াত গল্পকাৰসকলে মতবিনিময় কৰাৰ সুযোগ লাভ কৰে ৷ এনে অনুষ্ঠানে গল্পকাৰসকলক লিখিবলৈ উৎসাহিত কৰে আৰু উত্তৰণৰ কছৰৎ কৰিবলৈ তাগিদা দিয়ে ৷ইয়াত অংশগ্ৰহণ কৰে অৰূপ কুমাৰ নাথ , অপু ভৰদ্বাজ , মনীকা দেৱী , নমিতা বৈশ্য , বিপাশা বৰা , পংকজ কুমাৰ দত্ত , পাপৰি বৰ্মন , জুৰি বৰুৱা , অভিজিৎ বৰা আদি গল্পকাৰ সকলে ৷ সংগীত আৰু তৰালী শৰ্মাৰ সংগীত-জীৱনৰ বিষয়ে লিখা “ভইচ অৱ এ নাইন্টিংগেল” উন্মোচন বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাৰ সংগীত-জীৱন আৰু সংগীতৰ বিষয়ে এলেক্স ডি ফিগোৱে ৰচনা কৰা “ভইচ অৱ এ নাইটিংগেল ” গ্ৰন্থখন আজি উন্মোচিত হয় অসম গ্ৰন্থমেলাত ৷ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই কিতাপখন উন্মোচন কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শিল্পী সূৰ্য গোস্বামী, দিপাংক শইকীয়া, গীতিকাৰ অৱনী ৰঞ্জন পাঠক আৰু প্ৰকাশক ধনজিৎ কৃষ্ণ পাঠক ৷ আজি গ্ৰন্থমেলাত উন্মোচিত হয় ড° স্মৃতিৰেখা ভূঞাৰ “ সাহিত্যত চিন্তা আৰু চেতনা”, “অসমীয়া ভাষাৰ ৰূপ বৈচিত্ৰ্য” আৰু সাংবাদিক নীতালি শৰ্মাৰ “ৰ’দ ফুলে মধুবনত” গ্ৰন্থ দুখন ৷ ইপিনে আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই ৷ ইয়াৰ পাছতে মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷ বিশেষকৈ “পাগ্লাপেইৰা গুষ্ঠী,অসম” আৰু “বৰ্ণালী ডেন্স একাডেমী”ৰ নৃত্য আৰু কামৰূপী কবিতাৰ অনুষ্ঠানে শ্ৰোতা দৰ্শকক মুগ্ধ কৰে ৷