প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱত দন্ত চিকিৎসা বিষয়ক সজাগতা শিৱিৰ
শাৰীৰিক-মানসিক সুস্বাস্থ্যৰ বাবে দাঁতৰ যতন অতি দৰকাৰীঃ ডাঃ ৰুবী কটকী
শিশু-চেমনীয়াৰ মাজত চলচ্চিত্ৰ প্ৰদৰ্শন, কলা-সংস্কৃতিৰ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা– অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত গ্ৰীষ্ম বন্ধৰ সময়ত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱে পঞ্চম দিন অতিক্ৰম কৰে৷ ইয়াত এক “দন্ত সজাগতা চিকিৎসা শিৱিৰ”ৰ আয়োজন কৰা হয় ৷ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা, বিশিষ্ট দন্ত চিকিৎসক ডাঃ ৰুবী কটকীৰ তত্বাৱধানত আয়োজিত এই শিৱিৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে অংশগ্ৰহণ কৰে ৷ শিশু কালৰে পৰা ল’ৰা-ছোৱালী সকলক দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতন কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই শিৱিৰত অংশগ্ৰহণ কৰি ড° কটকীয়ে কয়—“ অসম প্ৰকাশন পৰিষদে এয়া ব্যতিক্ৰমী কিন্তু অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ দাঁতৰ বিজ্ঞান সন্মত যতন লোৱাটো অতি জৰুৰী ৷ শিশু-চেমনীয়া সকলক এইক্ষেত্ৰত সচেতন কৰি তোলাটো অভিভাৱক সকলৰ দায়িত্ব ৷ আজিকালি সকলোৱে নিজৰ সন্তানক গান, নাটক, কবিতা, আবৃত্তি আদি শিকাবলৈ আগ্ৰহী হয় ৷ ইয়াৰ বাবে শুদ্ধ উচ্চাৰণ বা ধ্বনি অতি প্ৰয়োজনীয় ৷ উচ্চাৰণ বা ধ্বনি দাঁতৰ গঠনৰ ওপৰতে নিৰ্ভৰশীল ৷ আজিকালি দাঁতৰ গঠন ভাল কৰাৰ বাবে বিজ্ঞান সন্মত পদ্ধতি আছে ৷ তদুপৰি শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ বাবে দাঁত দুপাৰি ভাল হোৱাটো অন্যতম চৰ্ত ৷ খাদ্যবস্তু দাঁতেৰে ভালদৰে চোবাই খালেহে আমাৰ হজম প্ৰক্ৰিয়া ভাল হ’ব আৰু তেতিয়াই শৰীৰে আহাৰৰ পৰা প্ৰয়োজনীয় প্ৰটিন, খাদ্যপ্ৰাণ আহৰণ কৰিব পাৰে ৷ আনহাতে দাঁত দুপাৰি ভাল নহ’লে মানুহে ভালদৰে হাঁহিবলৈ লাজ কৰে , হীনমন্যতাত ভোগে ৷ অৰ্থাৎ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে ৷ গতিকে দাঁত পৰিষ্কাৰ কৰি ৰাখিবলৈ, ভালদৰে যতন ল’বলৈ ল’ৰা-ছোৱালীক বিজ্ঞান সন্মত প্ৰাথমিক জ্ঞান দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল যত্নপৰ হোৱা উচিত ৷ কিবা বিশেষ অসুবিধা পালে চিকিৎসকৰ ওচৰ চপা দৰকাৰ ৷” ইপিনে আজিও পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ যোগভ্যাসৰ পাছত শিশু-চেমনীয়াসকলে নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পীদ্বয় ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰ সংগীত কৰ্মশালালাত শিল্পী ৰাজ আহমেদ, সহযোগী দীপক দাস, বিকাশ ৰয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে গুৱাহাটী শিশু মহোৎসৱত বিয়লি ৩ বজাৰ পৰা এখন শিশু উপযোগী চুটি চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হয় ৷ চলচ্চিত্ৰখন হৈছে শান্তনু সাহা পৰিচালিত ২৯ মিনিট দৈৰ্ঘ্যৰ বাংলা ভাষাৰ ভাৰতীয় ছবি “দ্য হিট উইকেট” ৷ চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী সূৰ্য গোস্বামীয়ে ৷ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰাগাঁৱৰ শংকৰদেৱ বিদ্যা নিকেতনে ৷